বৰপেটা: সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ ১৯ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সামৰণি অনুষ্ঠান উপলক্ষে শনিবাৰে ভেল্লাত এক বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্রা উলিওৱা হয় । সুন্দৰীদিয়া সত্ৰৰ সত্ৰাধিকাৰ নিৰ্মল অধিকাৰীয়ে মুকলি কৰা সাংস্কৃতিক শোভাযাত্রাত গায়ন-বায়ন, বিহু, জনগোষ্ঠীয় নৃত্যকে ধৰি অসমৰ বিবিধ সাংস্কৃতিক দলে অংশগ্ৰহণ কৰে ।
ইপিনে প্ৰতিষ্ঠা দিৱস উপলক্ষে সংগঠনটোক নেতৃত্ব প্ৰদান কৰা ৰাজ্যিক আৰু জিলা সমিতিৰ পূৰ্বৰ সভাপতি সম্পাদক আদিকে ধৰি প্ৰাক্তন নেতা আৰু বিষয়ববীয়াসকলক সম্বৰ্দ্ধনা জনোৱা হয় ।
ইয়াৰ পিছতে অনুষ্ঠিত হয় মুকলি সভা । সদৌ অসম গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদৰ সভাপতি নুৰুল হকৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত আছুৰ সভাপতি উৎপল শৰ্মা, ND24ৰ মুখ্য সম্পাদক ৰাজদ্বীপ বাইলুং বৰুৱা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদকে ধৰি ৰাজ্যখনৰ জনগোষ্ঠীয়-জাতীয় সংগঠনৰ নেতাই অংশগ্ৰহণ কৰে । সভাত সদৌ অসম গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদে প্ৰৱৰ্তন কৰা শংকৰ-আজান সমন্বয় অসম হিতৈষী বঁটা প্ৰদান কৰা হয় । বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া ড৹ বাবুল চন্দ্র দাসক এই বঁটা প্ৰদান কৰা হয় ।
শংকৰ আজান সমন্বয় অসম হিতৈষী বঁটা গ্ৰহণ কৰি বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া ড৹ বাবুল চন্দ্র দাসে সন্তুষ্টি প্ৰকাশ কৰে । বুঢ়াসত্ৰীয়াগৰাকীয়ে কয়, "শংকৰ-আজান সমন্বয় অসম হিতৈষী বঁটা গ্ৰহণ কৰি আনন্দিত হৈছো এইবাবেই যে ধৰ্মৰ প্ৰাচীৰ নেওচি আজি বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া হিচাপে এই বঁটা প্ৰদান কৰিছে ৷ এই বঁটা অকল জাতীয় পৰিষদৰ নহয়, গুৰুজনাৰ সময়ৰ যিখন অসম, বৰ অসম বিভিন্ন জাতি-জনগোষ্ঠীৰ সমন্বয়ত গঢ়া অসম, অসমীয়া, সেই অসমীয়া, গুৰুজনাৰ দিনৰ অসমীয়াসকলৰ পৰা যেন মই আজি এই বঁটা পাইছো, সেয়ে মই আজি আনন্দিত হৈছো ৷"
ইফালে পুৱাৰ ভাগত সদৌ অসম গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদৰ ১৯ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী অনুসৰি ১৯ খন পতাকা উত্তোলন কৰা হয় । ভেল্লা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদৰ সভাপতি-সম্পাদকৰ লগতে ১৯ গৰাকী বিশিষ্ট ব্যক্তিয়ে পৰিষদৰ পতাকা উত্তোলন কৰে ।
লগতে পঢ়ক: ৰাইজক বিৰোধীয়েও ভালকৈ বুজাব পৰা নাই: ব্যৰ্থতা স্বীকাৰ কৰি কোনে ক'লে এই কথা