নতুন দিল্লী: ছিংগাপুৰৰ পাছপ’ৰ্ট এতিয়া বিশ্বৰ আটাইতকৈ শক্তিশালী পাছপ’ৰ্টত পৰিণত হৈছে, যাৰ ফলত ১৯৩খন দেশত ভিছা অবিহনে প্ৰৱেশ কৰিব পাৰিব দেশখনৰ নাগৰিকসকলে । আনহাতে, ভাৰতীয় পাছপ’ৰ্ট এই তালিকাত ৮০ নম্বৰ স্থানত আছে ।
ইয়াৰ বিপৰীতে আটাইতকৈ দুৰ্বল হিচাপে পৰিগণিত হৈছে আফগানিস্তানৰ পাছপ’ৰ্ট ৷ দেশখনৰ নাগৰিকসকলৰ বাবে বিশ্বৰ মাত্ৰ ২৫খন দেশতহে ভিছামুক্ত প্ৰৱেশৰ সুবিধা আছে ৷ এই প্ৰতিবেদন প্ৰকাশ কৰা হৈছে হেনলি এণ্ড পাৰ্টনাৰ্ছ পাছপ’ৰ্ট ইনডেক্সৰ অধীনত, য’ত বিশ্বৰ ১৯৯খন পাছপ’ৰ্টক গন্তব্যস্থানৰ সংখ্যাৰ আধাৰত তালিকাভুক্ত কৰা হৈছে ৷ হেনলি এণ্ড পাৰ্টনাৰ্ছে আন্তঃৰাষ্ট্ৰীয় বিমান পৰিবহণ সংস্থা (আই এ টি এ)ৰ পৰা এই তথ্য লৈছে ।
![WORLD MOST POWERFUL PASSPORT](https://etvbharatimages.akamaized.net/etvbharat/prod-images/08-02-2025/23502628_henley2.jpg)
ৰেংকিং অনুসৰি ছিংগাপুৰৰ পিছতে আছে দক্ষিণ কোৰিয়া আৰু জাপান ৷ দুয়োখন দেশৰ নাগৰিকৰ বিশ্বৰ ২২৭খন দেশৰ ভিতৰত ১৯০খন দেশত প্ৰৱেশৰ সুবিধা আছে । ১৮৭টা গন্তব্যস্থানৰ সৈতে সাতখন দেশ স্পেইন, জাৰ্মানী, ইটালী, ফ্ৰান্স, আয়াৰলেণ্ড, ফিনলেণ্ড আৰু ডেনমাৰ্ক তালিকাত তৃতীয় স্থানত আছে ।
![WORLD MOST POWERFUL PASSPORT](https://etvbharatimages.akamaized.net/etvbharat/prod-images/08-02-2025/23502628_henley.jpg)
ভাৰতৰ ৰেংকিং কি ?
হেনলি এণ্ড পাৰ্টনাৰ্ছৰ প্ৰতিবেদন অনুসৰি ৫৬খন দেশলৈ ভিছামুক্ত প্ৰৱেশৰ সুবিধাৰে ভাৰত এই তালিকাৰ ৮০ নম্বৰ স্থানত আছে । ইফালে প্ৰতিবেদন অনুসৰি ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ ম্যানমাৰ ৮৮, শ্ৰীলংকা ৯১ (ইৰাণৰ সৈতে), বাংলাদেশ ৯৩ (লিবিয়া আৰু পেলেষ্টাইনৰ সৈতে), নেপাল ৯৪ আৰু পাকিস্তান ৯৬ (য়েমেনৰ সৈতে) স্থানত আছে । উল্লেখ্য যে এই ৰেংকিঙত দেশসমূহৰ ভিছামুক্ত প্ৰৱেশৰ ওপৰত ভিত্তি কৰি বিচাৰ কৰা হয় ।
লগতে পঢ়ক: কৰদাতাসকলৰ বাবে জৰুৰী বাৰ্তা; ফেব্ৰুৱাৰী মাহতে কৰি লওক এইবোৰ কাম