হায়দৰাবাদ : সাধাৰণ মানুহেই হওক বা চেলেব্ৰিটীয়েই হওক, চকলেটৰ প্ৰতি সকলোৰে দুৰ্বলতা আছে ৷ চকলেট খোৱাৰ কথা আহিলে চেলেব্ৰিটীসকলেও নিজৰ ডায়েট প্লেন পাহৰি যায় ।
কৰীণা কাপুৰ আৰু দীপিকা পাডুকনৰ দৰে বহু ডাঙৰ তাৰকা চকলেট অনুৰাগী । তলত চকলেট খাবলৈ সদায় প্ৰস্তুত হৈ থকা চেলেব্ৰিটীসকলৰ এখন তালিকা উল্লেখ কৰা হৈছে-
দীপিকা পাডুকন
বলীউডৰ শীৰ্ষস্থানৰ অভিনেত্ৰী দীপিকা পাডুকনে চকলেট খাই বহুত ভাল পায় । পাঠান অভিনেত্ৰীগৰাকীয়ে চকলেটৰ প্ৰতি তেওঁৰ প্ৰেম প্ৰকাশ কৰিবলৈ কেতিয়াও কুণ্ঠাবোধ নকৰে । অভিনেত্ৰীগৰাকীয় চকলেট যিকোনো সময়তে, যিকোনো ঠাইতে উপভোগ কৰিব পাৰে । দীপিকাই এটা সাক্ষাৎকাৰত প্ৰকাশ কৰিছে যে হট চকলেট তেওঁৰ প্ৰিয় পানীয় ।
ৰণবীৰ সিং
দীপিকাৰ পিছত তেওঁৰ স্বামী-অভিনেতা ৰণবীৰ সিঙৰ কথা উল্লেখ কৰিব পাৰি । ৰণবীৰ সিঙৰ সুখী মেজাজৰ আঁৰৰ ৰহস্য চকলেটৰ সৈতে সম্পৰ্কিত । 2016 চনত তেওঁৰ ফিটনেছ প্ৰশিক্ষকে ৰণবীৰৰ এখন মৰমলগা ফটো শ্বেয়াৰ কৰিছিল য'ত প্ৰশিক্ষকে প্ৰকাশ কৰিছিল যে অভিনেতাজনে চকলেট বহুত ভাল পায় । ছবিখনত ৰণবীৰে নিউটেলাৰ এটা সম্পূৰ্ণ জাৰ উপভোগ কৰি আছিল । অভিনেতাজনে সঁচাকৈয়ে নিউটেলা পছন্দ কৰে ।
কৰীণা কাপুৰ
শৃংখলাবদ্ধ আহাৰৰ বাবে জনাজাত কৰীণা কাপুৰ খানৰ চকলেটৰ প্ৰতি দুৰ্বলতা আছে । অভিনেত্ৰীগৰাকীয়ে প্ৰায়ে মিঠা আহাৰৰ পোষ্ট শ্বেয়াৰ কৰা দেখা যায় ৷ কৰীণাই এটা কথা সদায়ে নিশ্চিত কৰে যে চকলেট যাতে তেওঁৰ জন্মদিন উদযাপনৰ অংশ হয় । ভগ্নী কৰিশ্মা কাপুৰৰ সৈতে চকলেট কেক উপভোগ কৰা অৱস্থাত কৰীণা ৷
সোনম কাপুৰ
বলীউডৰ অভিনেত্ৰী সোনম কাপুৰ তেওঁৰ আহাৰক লৈ যথেষ্ট কঠোৰ । তথাপিও তেওঁ চকলেটৰ ডাঙৰ অনুৰাগী । চকলেট কুকিজ, মাফিন আদি খোৱাৰ সময়ত সোনমে পাহৰি যায় ডায়েটৰ কথা । মিঠা খাদ্যত সোনমে তেওঁ ভাল পোৱা প্ৰতিটো বস্তু যোগ দিয়ে ।
শিল্পা শ্বেট্টী
শিল্পা শ্বেট্টী নিঃসন্দেহে বলীউডৰ অন্যতম ফিট অভিনেত্ৰী । ফিটনেছ কুইন হিচাপে পৰিচিত অভিনেত্ৰীগৰাকীক চকলেট ফাজ কেক খাই থকা দেখা গৈছিল । অভিনেত্ৰীগৰাকীয়ে নিজৰ খাদ্যাভ্যাস একাষৰীয়া কৰি মিঠা খোৱাৰ দিনটো মুকলিকৈ উপভোগ কৰে ।
#baarbaarkhaoo. Katrina rather eat chocolate ice cream then have a serious conversation. pic.twitter.com/I8GsOYkAY7
— VarunDhawan (@Varun_dvn) August 30, 2016
কেটৰিণা কাইফ
বলীউডৰ মৰমলগা আৰু ধুনীয়া অভিনেত্ৰী কেটৰিণা কাইফেও চকলেট খাই ভাল পায় । চকলেটৰ প্ৰতি তেওঁৰ এই দুৰ্বলতা প্ৰকাশ কৰিছে বলীউডৰ অভিনেতা বৰুণ ধৱনে । বহু সময় আগতে বৰুণে কেটৰিণা কাইফৰ এখন ফটো শ্বেয়াৰ কৰিছিল, য’ত তেওঁক চকলেট আইচক্ৰীম উপভোগ কৰা দেখা গৈছিল । এই ফটোখন শ্বেয়াৰ কৰি তেওঁ লিখিছে, “বাৰে বাৰে খোৱা । কেটৰিণাই গুৰুতৰ কথা পতাতকৈ চকলেট আইচক্ৰীম খাই ভাল পাব ।”
চকলেট দিৱসে সমগ্ৰ বিশ্বৰ লাখ লাখ লোকৰ বাবে আনন্দ কঢ়িয়াই আনিছে ৷ আজিৰ দিনটোত নিজৰো মুখ মিঠা কৰক আৰু আপোনজনকো দিয়ক এটি চকলেট ৷
লগতে পঢ়ক : ৭৭৭ চাৰ্লিৰ পৰা হাতী মেৰে সাথীলৈ: পাঁচখন ভাৰতীয় ছবি য’ত জীৱ-জন্তু লাইমলাইটত আছিল