ৱাশ্বিংটন : ৰাষ্ট্ৰপতি হিচাপে শপতগ্ৰহণৰ পিছতে ডনাল্ড ট্ৰাম্পে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে । তাৰ অংশ হিচাপে ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে শনিবাৰে মেক্সিকো, কানাডা আৰু চীনৰ পৰা আমদানিৰ ওপৰত কঠোৰ শুল্ক আৰোপ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । ৰিপাব্লিকান ৰাষ্ট্ৰপতিয়ে সামাজিক মাধ্যমত পোষ্ট কৰি কয় যে শুল্কসমূহ আমেৰিকানসকলক সুৰক্ষা দিবলৈ প্ৰয়োজনীয় ।
তিনিওখন ৰাষ্ট্ৰৰ পৰা ড্ৰাগছৰ সৰবৰাহ আৰু অনুপ্ৰৱেশকাৰীক বাধা দিবলৈ এই সিদ্ধান্ত অধিক সহায়ক হ'ব । ট্ৰাম্পৰ এই সিদ্ধান্তই বিশ্বৰ অৰ্থনীতিত অস্থিৰতাৰ সৃষ্টি কৰিছে যদিও এই কাৰ্যই ভোটাৰসকলৰ প্ৰতি ট্ৰাম্পৰ আন এক প্ৰতিশ্ৰুতি পূৰণ কৰিছে ।
কঠোৰ ট্ৰাম্প প্ৰশাসন
উল্লেখ্য যে অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে ডনাল্ড ট্ৰাম্প প্ৰশাসনৰ অভিযান অব্যাহত আছে । ড্ৰাগছৰ বিৰুদ্ধেও ট্ৰাম্প অধিক কঠোৰ হৈছে । তাৰ মাজতে আকৌ এইবাৰ কনাডা, চীনৰ বিৰুদ্ধে কঠোৰ হৈছে ট্ৰাম্প প্ৰশাসন ।
ট্ৰাম্পে অনুপ্ৰৱেশকাৰী আৰু ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে উদ্বেগ প্ৰকাশ কৰি কানাডা আৰু মেক্সিকোৰ পৰা আমদানিৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰিছে । লগতে চীনৰ পৰা আমদানি কৰা সামগ্ৰীৰ ওপৰতো ১০ শতাংশ শুল্ক আৰোপ কৰিছে ট্ৰাম্প প্ৰশাসনে । অৱশ্যে তেল, প্ৰাকৃতিক গেছ আৰু বিদ্যুতকে ধৰি কানাডাৰ পৰা আমদানি কৰা শক্তিৰ ওপৰত ১০ শতাংশ হাৰতে শুল্ক আৰোপ কৰা হ'ব বুলি ঘোষণা কৰিছে ।
মেক্সিকো আৰু কানাডাৰ প্ৰতিক্ৰিয়া
আমেৰিকাৰ দুই সৰ্ববৃহৎ বাণিজ্যিক অংশীদাৰ হিচাপে ট্ৰাম্প প্ৰশাসনৰ এই পদক্ষেপে মেক্সিকো আৰু কানাডাত এক অৰ্থনৈতিক অচলাৱস্থাৰ সৃষ্টি কৰিছে । যাৰ ফলত সেই দুয়োখন ৰাষ্ট্ৰই ইয়াৰ প্ৰতিশোধ লোৱাৰ সম্ভাৱনা আছে । এনে পৰিস্থিতিত এক দশক পুৰণি বাণিজ্যিক সম্পৰ্কও অৱনমিত হ'ব পাৰে ।
ইফালে মেক্সিকোৰ ৰাষ্ট্ৰপতিয়েও তাৎক্ষণিকভাৱে প্ৰতিশোধমূলক শুল্কৰ নিৰ্দেশ দিছে আৰু কানাডাৰ প্ৰধানমন্ত্ৰীয়েও কৈছে যে দেশখনে আমেৰিকাৰ আমদানিত ১৫৫ বিলিয়ন ডলাৰলৈকে ২৫ শতাংশ শুল্ক আৰোপ কৰিব । অৱশ্যে চীনে ট্ৰাম্পৰ এনে কাৰ্যৰ তাৎক্ষণিক সঁহাৰি দিয়া নাই ।
লগতে পঢ়ক :এক্সন মোডত ট্ৰাম্প; শ শ অবৈধ নাগৰিকক গ্ৰেপ্তাৰ - TRUMPS DEPORTATION PLEDGE