ETV Bharat / state

কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে দাখিল কৰা বাজেট যথেষ্ট আশাপ্ৰদ: অজন্তা নেওগ - UNION BUDGET 2025

২০২৫-২৬ চনৰ কেন্দ্ৰীয় বাজেটক লৈ প্ৰতিক্ৰিয়া মন্ত্ৰী অজন্তা নেওগৰ । এইখন বাজেটক অসমৰ বাবে আশাপ্ৰদ আখ্যা দিয়ে মন্ত্ৰীগৰাকীয়ে ।

Minister Ajanta Neog react over Union Budget 2025 in Golaghat
কেন্দ্ৰীয় বাজেটক লৈ প্ৰতিক্ৰিয়া মন্ত্ৰী অজন্তা নেওগৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Feb 2, 2025, 1:11 PM IST

গোলাঘাট: শনিবাৰে সংসদত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰে ২০২৫-২৬ চনৰ কেন্দ্ৰীয় বাজেট । যিখন বাজেটত উল্লেখ কৰা হ'ল অসমৰ বাবে বিশেষ সুবিধা । বাজেটত স্থান লাভ কৰিলে নামৰূপ সাৰ কাৰখানাৰ প্ৰসংগয়ো । যাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় বিত্তমন্ত্রীগৰাকীয়ে দাখিল কৰা ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেটক অসমৰ বাবে আশাপ্ৰদ আখ্যা দিয়ে মন্ত্ৰী অজন্তা নেওগে ।

২০২৫-২৬ চনৰ কেন্দ্ৰীয় বাজেট সন্দৰ্ভত মন্ত্ৰী অজন্তা নেওগে কয়, "কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে দাখিল কৰা বাজেট যথেষ্ট আশাপ্ৰদ । এখন বিকাশৰ বাজেট বিশেষভাৱে অসমৰ বাবে এটা ভাল খবৰ আছে যে নামৰূপ সাৰ কাৰখানাৰ বাবে চতুৰ্থ গোটৰ বাবে উল্লেখ কৰা হৈছে । আমি সেই পদক্ষেপক আদৰণি জনাইছো । প্ৰধানমন্ত্ৰীৰ নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ পদক্ষেপৰ বাবে এইয়া সম্ভৱ হ'বলৈ পালে আৰু বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ বাইদেউক আমি ধন্যবাদ জ্ঞাপন কৰিছো ।"

কেন্দ্ৰীয় বাজেটক লৈ প্ৰতিক্ৰিয়া মন্ত্ৰী অজন্তা নেওগৰ (ETV Bharat Assam)

উল্লেখ্য যে, শনিবাৰে গোলাঘাট সমষ্টিৰ বহু কেইটা গুৰুত্বপূৰ্ণ চৰকাৰী আঁচনি উন্মোচন কৰে মন্ত্ৰী অজন্তা নেওগে । ইয়াৰে গোলাঘাটত গৌৰৱ পথ, বিপ্লৱী বীৰ শংকৰ বৰুৱা উদ্যানৰ পুনৰুজ্জীৱিত প্ৰকল্পকে ধৰি কেইবাটাও পথৰ শুভ উদ্বোধন কৰে । অতি সোনকালে চিকিৎসা মহাবিদ্যালয় মুকলি কৰি ৰাইজৰ সেৱাৰ বাবে আগবঢ়োৱা হ'ব মন্ত্ৰী অজন্তা নেওগে ।

Minister Ajanta Neog react over Union Budget 2025 in Golaghat
মন্ত্ৰী অজন্তা নেওগক আদৰণি (ETV Bharat Assam)

ইয়াৰে গোলাঘাটত সন্ধিয়া মুখ্যমন্ত্ৰী নগৰীয়া পকী পথ আচঁনিৰ গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা বাণিজ্য মহাবিদ্যালয়লৈক নিৰ্মাণ কৰা গৌৰৱ পথৰ শুভ উদ্বোধন কৰে মন্ত্ৰী অজন্তা নেওগে । প্ৰায় ২:৮৬ কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ১:১২ কিঃমিঃ এই পথছোৱা অত্যন্ত আটকধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে । ইয়াৰ পাছতে মন্ত্ৰী অজন্তা নেওগে উদ্বোধন কৰে বিপ্লৱী বীৰ শংকৰ বৰুৱা উদ্যানৰ পুনৰুজ্জীৱিত প্ৰকল্প ।

গৌৰৱ পথ উদ্বোধন (ETV Bharat Assam)

গোলাঘাট পৌৰসভাৰ অধীনৰ এই উদ্যানখন অমৃত ২.০ আচঁনিৰ অধীনত প্ৰায় ৪০ লাখ টকাৰ ব্যয়েৰে পুনৰ নিৰ্মাণ কৰা হৈছে । আঁচনি অনুসৰি উদ্যানখনত থকা পুখুৰীৰ পাৰটো সুন্দৰকৈ পকীবান্ধ দিয়াৰ লগতে এটা মুকলি জীম, এটা যোগাসন কৰাৰ স্থান আৰু খোজ কঢ়াৰ ট্ৰেক নিৰ্মাণ কৰা হৈছে ।

পথ উদ্বোধন (ETV Bharat Assam)

একেদৰে শনিবাৰে মুখ্যমন্ত্ৰীৰ ওপজা দিন উপলক্ষে গোলাঘাট বিধানসভা সমষ্টিৰ মক্ৰং চাহ বাগিচা, ঘিলাধাৰী চাহ বাগিচা, ঊষা গৰঙা চাহ বাগিচা আৰু দৈয়াং চাহ বাগিচা এলেকাত নিৰ্মাণ কৰা কেইবাটাও পকী পথৰ শুভ উদ্বোধন কৰে মন্ত্ৰী অজন্তা নেওগে ।

উক্ত আঁচনিসমূহ উন্মোচন কৰি মন্ত্ৰী অজন্তা নেওঁগে কয়, "সামগ্ৰীকভাৱে সমগ্ৰ অসম উন্নয়নৰ দিশত আগবাঢ়ি গৈছে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যি প্ৰচেষ্টা সেই প্ৰচেষ্টা যোগাযোগৰ লগতে উন্নয়নমূলক কাম-কাজসমূহ গ্ৰামাঞ্চল আৰু চহৰাঞ্চলত সমানে আগুৱাই গৈছে আৰু গোলাঘাট সমষ্টি ইয়াৰ ব্যতিক্ৰম নহয় । গোলাঘাট সমষ্টিৰ যিসমূহ আঁচনিৰ কাম চলি আছে সেই কামসমূহ সময়মতে নিৰ্মাণ কৰি উলিয়াবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিছো যাতে সময়মতে সেই কাম সম্পূৰ্ণ হ'ব লাগে ।"

লগতে পঢ়ক: সৰ্বোৎকৃষ্ট এখন আধুনিক আৰু গতিশীল বাজেট: দিলীপ শইকীয়া - UNION BUDGET 2025

বাজেটে পুনৰবাৰ সংখ্যালঘু সম্প্ৰদায়ক হতাশ কৰিলে : বদৰুদ্দিন আজমল - UNION BUDGET 2025

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.