বৰপেটা: বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ছাত্ৰাৱাসৰ কোঠাত এজন ছাত্ৰৰ ৰহস্যজনক মৃত্যুক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ বৰপেটা চহৰৰ শান্তিনগৰস্থিত ছাত্ৰাৱাসৰ কোঠাত চিপজৰী লোৱা অৱস্থাত ছাত্ৰজনৰ মৃতদেহ উদ্ধাৰ হয় ৷ মৃত ছাত্ৰজন গুজৰাটৰ নাবচাৰী জিলাৰ হনুমানবাড়ীৰ বিকাশ ভোয়া বুলি চিনাক্ত কৰা হৈছে । স্নাতকোত্তৰ শাখাৰ তৃতীয় সান্মাষিকৰ ছাত্ৰ আছিল বিকাশ ৷ বিকাশে এম বি বি এছৰ পাঠ্যক্ৰম সমাপ্ত কৰি বৰপেটা চিকিৎসা মহাবিদ্যালয়ত শৈল্য বিভাগত স্নাতকোত্তৰ কৰি আছিল ।
মৃত বিকাশ ভোয়া নামৰ ছাত্ৰজন বৰপেটা মেডিকেল কলেজত চলি আছিল ফাইনেল পৰীক্ষা ৷ আজি পুৱা ছাত্ৰাবাসৰ কোঠা বন্ধ থকাত ৰান্ধনিয়ে আহি মতাৰ পিচতো সঁহাৰি নাপায় ৷ তেওঁ লগে লগে আন ছাত্ৰসকলক ঘটনাৰ বিষয়ে অৱগত কৰে ৷ লগে লগে ছাত্ৰসকল আহি বিকাশৰ কোঠালীত ওচৰত উপস্থিত হয় আৰু দুৱাৰ ভাঙি কোঠাত প্ৰৱেশ কৰে ৷
ছাত্ৰসকলে কোঠাটোৰ চিলিং ফেনত বিকাশক চিপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰে আৰু বৰপেটা আৰক্ষীক ঘটনাৰ বিষয়ে অৱগত কৰে ৷ বৰপেটা আৰক্ষী লগে লগে ঘটনাস্থলীত উপস্থিত হৈ ঘটনাটোৰ তদন্ত আৰম্ভ কৰাৰ লগতে ছাত্ৰজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ লৈ যায় ৷
ছাত্ৰবাসৰ আন ছাত্ৰই জনোৱা অনুসৰি, বিকাশ ভোয়াই যোৱাকালিলৈকে সম্পূৰ্ণ স্বাভাৱিক ভাৱেই আছিল ৷ পৰীক্ষা চলি থকাৰ বাবে তেওঁলোকে নিজৰ নিজৰ কামত ব্যস্ত আছিল ৷ কি কাৰণত বিকাশে এই চূড়ান্ত সিদ্ধান্ত ল’লে সেইয়া সকলোৰে বাবে ৰহস্য ৷ ইতিমধ্যে ঘটনা সম্পৰ্কে বিকাশ ভোয়াৰ পৰিয়ালক অৱগত কৰা হৈছে ৷
লগতে পঢ়ক: আইন মহাবিদ্যালয়ৰ ছাত্ৰীৰ আত্মহত্যা: ৰহস্যৰ গোন্ধ পাইছে পৰিয়ালে পঢ়াৰ বোজা সহ্য কৰিব নোৱাৰি চৰমপন্থা ল'লে ষষ্ঠ শ্ৰেণীৰ ছাত্ৰই |
(যদি আপোনাৰ মনলৈ আত্মহত্যাৰ চিন্তা আহিছে বা আপুনি কোনো বন্ধুৰ বাবে চিন্তিত বা আপোনাক আৱেগিক সমৰ্থনৰ প্ৰয়োজন হৈছে, তেন্তে স্নেহা ফাউণ্ডেশ্যনলৈ ফোন কৰক – ০৪৪২৪৬৪০০৫০ (২৪x৭ উপলব্ধ) বা আইকল, টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল চায়েন্স হেল্পলাইন – ৯১৫২৯৮৭৮২১ সোমবাৰৰ পৰা শনিবাৰলৈ পুৱা ৮ বজাৰ পৰা নিশা ১০ বজালৈ উপলব্ধ ।)