ETV Bharat / lifestyle

ধনু ৰাশি : কৰ্ম-ধন-প্ৰেম-স্বাস্থ্যৰ ক্ষেত্ৰত কেনে যাব আপোনাৰ ২০২৫ বৰ্ষ - SAGITTARIUS 2025 HOROSCOPE

২০২৫ বৰ্ষত কৰ্মৰ ক্ষেত্ৰত ধনু ৰাশিৰ বাবে কেনে হ'ব ? এই সন্দৰ্ভত জনালে জ্যোতিষীৰত্ন ডঃ নয়নমণি দেৱ শৰ্মাই ।

Astrological forecast for Sagittarius work wealth love and health insights
ধনু ৰাশি : কৰ্ম-ধন-প্ৰেম-স্বাস্থ্যৰ ক্ষেত্ৰত কেনে যাব আপোনাৰ ২০২৫ বৰ্ষ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 14, 2025, 7:33 PM IST

২০২৫ বৰ্ষত ধনু ৰাশিৰ জাতক-জাতিকাসকলৰ ৰাশিত প্ৰথম স্থানত ৰবি, দ্বিতীয়ত চন্দ্ৰ, তৃতীয়ত শনি আৰু শুক্ৰ, চতুৰ্থত ৰাহু, ষষ্ঠত বৃহস্পতি, অষ্টমত মংগল আৰু দশমত কেতু গ্ৰহ অৱস্থান কৰি শুভাশুভ ফল নিৰূপণ কৰিছে ।

  • ২০২৫ বৰ্ষত কৰ্মৰ ক্ষেত্ৰত ধনু ৰাশিৰ বাবে কেনে হ'ব ?

২০২৫ বৰ্ষত ধনু ৰাশিৰ জাতক-জাতিকাসকলৰ কৰ্মপতি বুধ দ্বাদশত অৱস্থান কৰাৰ লগতে কৰ্মস্থানত বৃহস্পতি গ্ৰহৰ পূৰ্ণ দৃষ্টি থকাৰ ফলত কৰ্মস্থানটি বিশেষ শুভ কৰি তুলিছে । এই বৰ্ষত এই ৰাশিৰ লোকসকলৰ কৰ্মত থকা বাধাসমূহ নাইকিয়া হ'ব । কৰ্মক্ষেত্ৰত তেওঁলোকে পদোন্নতি লাভ কৰিব পাৰিব । কৰ্মত সফলতা লাভ কৰিব পাৰিব লগতে নিবনুৱাসকলৰ বাবেও এই বৰ্ষটো খুব ভাল হ'ব । শিক্ষকতা বৃত্তিৰ লগত জড়িত হৈ থকাসকলৰ বাবে খুব ভাল । সামাজিক, ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত হৈ থকা লোকসকলৰ বাবেও ভাল ।

  • ২০২৫ বৰ্ষত ধন আৰু ব্যৱসায় ক্ষেত্ৰত ৰাশিৰ বাবে কেনে হ'ব ?

২০২৫ বৰ্ষত ধনু ৰাশিৰ জাতক-জাতিকাসকলৰ ক্ষেত্ৰত বছৰৰ আৰম্ভণিতে চন্দ্ৰগ্ৰহই অৱস্থান কৰি খুৱ শুভ কৰি তুলিছে । ব্যৱসায়-বাণিজ্য সংক্ৰান্তীয় বাধাবোৰ নাইকিয়া হ'ব । ব্যৱসায়ত সফলতা লাভৰ মুখ নেদেখাা ব্যক্তিসকলে এইসময়চোৱাত ব্যৱসায়ত সফলতা লাভ কৰিব । যিসকল লোক আমদানি-ৰপ্তানি, পনীয় সামগ্ৰী, ঔষধ, কাপোৰ, হোটেল-ৰেস্তোৰাঁ, ঠিকা, যান-বাহন, লো, বগা সামগ্রী, বিউটি পাৰ্লাৰ, অনলাইন আদিৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবেও চলি থকা বছৰটো শুভ বুলি কব পাৰি ।

  • ২০২৫ বৰ্ষত স্বাস্থ্যৰ ক্ষেত্ৰত ধনু ৰাশিৰ বাবে কেনে হ'ব ?

চলিত বৰ্ষত ধনু ৰাশিৰ জাতক-জাতিকাসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰত শুভ বুলি কব পাৰি । স্বাস্থ্যৰ উন্নতি হ'ব। ৰোগ আৰোগ্য হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত থকা বাধাবোৰ নাইকিয়া হ'ব। শৰীৰক -মানসিক স্বাস্থ্যৰ উন্নতি হ'ব। অৱশ্যে ENT বা ব্লাডৰ কিবা সৰু-সুৰা অসুবিধা আহিব পাৰে ।

  • ২০২৫ বৰ্ষত বিদ্যাৰ ক্ষেত্ৰত ধনু ৰাশিৰ বাবে কেনে হ'ব ?

২০২৫ বৰ্ষত বিদ্যাৰ ক্ষেত্ৰত ধনু ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে বিদ্যাৰ দিশটো মধ্যম হ'ব । চতুৰ্থত ৰাহু গ্ৰহ অৱস্থান কৰাৰ ফলত কিছু বাধা আহিব । পঢ়া- শুনাৰ ক্ষেত্ৰত অকণমান চেষ্টা কৰিব লাগিব । ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষাত শুভ ফল লাভ কৰিব পাৰিব । বিদেশত অধ্যয়ন কৰিব বিচৰাসকলে বিদেশত অধ্যয়ন কৰিব পাৰিব । বাহিৰত অধ্যয়ন কৰিবলৈও সুযোগ-সুবিধা লাভ কৰিব । এইবর্ষত এই ৰাশিৰ জাতক-জাতিকাসকলে খং আৰু অভিমান ভাৱটো পৰিত্যাগ কৰিব লাগিব। লগতে যানবাহন-জুই-পানীৰ পৰা সাৱধান হ'ব লাগিব ।

লগতে পঢ়ক: তুলা ৰাশি : কৰ্ম-ধন-প্ৰেম-স্বাস্থ্যৰ ক্ষেত্ৰত কেনে যাব আপোনাৰ ২০২৫ বৰ্ষ - LIBRA 2025 HOROSCOPE

বৃষ ৰাশি: কৰ্ম, ধন, প্ৰেম, স্বাস্থ্যৰ ক্ষেত্ৰত কেনে যাব আপোনাৰ ২০২৫ বৰ্ষ - TAURUS 2025 HOROSCOPE

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.