বাক্সা : পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্রবিন্দু হৈ পৰিছে বিশ্ব ঐতিহ্য ক্ষেত্র মানাহ ৰাষ্ট্ৰীয় উদ্যান । চলিত পৰ্যটন বৰ্ষত ৰাষ্ট্ৰীয় উদ্যানখনৰ প্ৰৱেশদ্বাৰ মুকলি হোৱাৰ পাছতেই পৰ্যটকৰ ভিৰ বাঢ়িছে । স্থানীয় পৰ্যটকৰ লগতে বহিঃৰাজ্য আৰু বিদেশী পৰ্যটকৰো আগমন হৈছে ৰাষ্ট্ৰীয় উদ্যানলৈ । তাৰ মাজতে জীৱ-জন্তুৰ মুক্ত বিচৰণে আমোদ দিছে পৰ্যটকসকলক। পৰ্যটকসকলে জীপ ছাফাৰী আৰু হাতী ছাফাৰীৰ জৰিয়তে বাঘ, গঁড়, হাতী, বনৰীয়া ম'হ আদিৰ লগতে ভিন্ন প্ৰজাতিৰ পক্ষী প্ৰত্যক্ষ কৰি আপ্লুত হৈ পৰিছে । জানিব পৰা মতে পূৰ্বৰ তুলনাত মানাহ ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ সংখ্যা যথেষ্ট পৰিমাণে এইবাৰ বৃদ্ধি পাইছে ।
মানাহত পৰ্যটকৰ ভিৰ
ইফালে মানাহত বনভোজকাৰী দলৰ সংখ্যাও বৃদ্ধি পাইছে ৷ নতুন বছৰত বনভোজকাৰীয়ে একপ্ৰকাৰ ভিৰ কৰিছে মানাহত । নতুন বছৰৰ প্ৰথমটো দেওবাৰে অৰ্থাৎ ৫ জানুৱাৰীত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাহঁবাৰী ৰেঞ্জৰ দাঁতিকাষৰীয়া নাৰায়ণগুৰি বেকী নদীৰ পাৰৰ বনভোজস্থলীত কেইবাহাজাৰ বনভোজকাৰীয়ে ভিৰ কৰা দেখা গৈছে । বনভোজকাৰীৰ বাবে নৌকা বিহাৰ, ঘোঁৰা ছাফাৰী আদিৰ সুবিধাও কৰা হৈছে ।
পৰ্যটক তথা বনভোজকাৰীৰ বাবে সুবিধা
ইফালে পৰ্যটকৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি বনভোজস্থলী পৰিচালনা সমিতি বিশেষভাৱে তৎপৰ হৈছে । বনভোজকাৰীৰ সুবিধাৰ বাবে বিভিন্ন ব্যৱস্থা কৰিছে সমিতিয়ে । পৰিচালনা সমিতিৰ এগৰাকী সদস্য তথা স্বেচ্ছাসেৱী সংগঠনৰ উপদেষ্টা ছাজাহান আলীয়ে পৰ্যটকৰ ভিৰৰ কথা উল্লেখ কৰে । তেওঁ কয়, "যিসকলে বনভোজ খাবলৈ আহে তেওঁলোকৰ বাবে আমি সুৰক্ষাৰ ব্যৱস্থা কৰিছো । শৌচালয় বা প্ৰস্ৰাৱগাৰৰ সুব্যৱস্থা কৰিছো । ইয়াৰ বাট-পথবোৰো উন্নত হৈছে । ইয়ালৈ আহিলে ঘোঁৰাৰ ছাফাৰী, নৌকা বিহাৰ কৰিব পাৰিব । হাতী ছাফাৰীৰো সুবিধা আছে । লগতে বিভিন্ন জন্তু চাব পাৰিব । বনভোজস্থলী সম্পূৰ্ণ পৰিষ্কাৰ কৰি ৰখা হৈছে ।"
কেনেকৈ যাব মানাহৰ বনভোজস্থলীলৈ ?
কেইবাটাও পথেৰে গৈ উক্ত বনভোজস্থলী তথা মানাহ ৰাষ্ট্ৰীয় উদ্যানত উপস্থিত হ'ব পাৰি । পথৰ সুব্যৱস্থা সন্দৰ্ভত ছাজাহান আলীয়ে কয়, "মানাহ নাৰায়ণগুৰি বনভোজস্থলী তথা মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ বৰপেটাৰোড হৈ উত্তৰে আহিব পাৰি । তাৰোপৰি গুৱাহাটীৰ দিশৰ পৰা আহিলে পাঠশালা ভৱানীপুৰ হৈ শালবাৰী হৈও তাত উপস্থিত হ'ব পাৰি ৷"
লগতে পঢ়ক :নলবাৰীৰ বনভোজথলীতেই বিজেপিৰ দুই ফৈদৰ তুমুল যুদ্ধ - CLASHES BETWEEN BJP TWO GROUP