ETV Bharat / state

মুখ্যমন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰিবলগীয়া স্থানৰ কাষতে ওলাল মৃতদেহ - BODY RECOVERED IN DIBRUGARH

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ আগমনৰ পূৰ্বে নিৰাপত্তাৰ দিশ সুনিশ্চিত কৰিবলৈ নলাত অভিযান চলাওতে মৃতদেহ উদ্ধাৰ ।

Body Recovered In Dibrugarh
ডিব্ৰুগড়ত উদ্ধাৰ যুৱকৰ মৃতদেহ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 26, 2025, 6:38 PM IST

মৰাণ: মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত গণৰাজ্য দিৱসত পতাকা উত্তোলন কৰি ৰাজ্যবাসীক সম্বোধন কৰে । ইয়াৰ পাছতে ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীগৰাকীয়ে আধাৰশিলা স্থাপন কৰিবলগীয়া স্থানৰ কাষৰে নলাত ওলাল এটি মৃতদেহ । মুখ্যমন্ত্ৰীৰ আগমনৰ আগে আগে নিৰাপত্তাৰ দিশ সুনিশ্চিত কৰিবলৈ কাষৰ নলাত অভিযান চলাওঁতে আৰক্ষী আৰু অভিযানকাৰীৰ দলে উদ্ধাৰ কৰে মৃতদেহটো ।

আৰক্ষী আৰু অভিযানকাৰীৰ দলে উদ্ধাৰ কৰা মৃতদেহটো পিচত নিৰ্মালী গাঁৱৰ যুৱক ৰঞ্জু কটকী (২৬)ৰ বুলি চিনাক্ত কৰা হয় । কেনেকৈ এই যুৱকজনৰ মৃতদেহটো এই স্থানত উদ্ধাৰ হ'ল তাক লৈ ৰাইজৰ মাজত হাহাকাৰ লাগিল । ইয়াৰ পিচতেই এই যুৱকজনৰ পৰিয়ালৰ লোকে মৃতদেহটো চিনাক্ত কৰাৰ লগে লগে সমগ্ৰ ঘটনা পোহৰলৈ আহে ।

ডিব্ৰুগড়ত উদ্ধাৰ যুৱকৰ মৃতদেহ (ETV Bharat Assam)

যোৱা দুৰ্গা পূজাৰ নৱমীৰ দিনাৰে পৰাই নিৰুদ্দেশ হৈ আছিল যুৱকজন । মৃতদেহৰ অৱশিষ্টৰ লগত উদ্ধাৰ হোৱা সামগ্ৰীসমূহৰ পৰা যুৱকজন ৰঞ্জু কটকী বুলি নিশ্চিত কৰিছে পৰিয়ালৰ লোকে । উল্লেখ্য যে ডিব্ৰুগড়ৰ মানকটা পথৰ দূৰদৰ্শন কেন্দ্ৰৰ সন্মুখত মুখ্যমন্ত্ৰীয়ে চাৰিখনকৈ উৰণসেতুৰ আধাৰশিলা স্থাপন কৰিব । মুখ্যমন্ত্ৰীগৰাকীয়ে আমোলাপট্টি চাৰিআলি উৰণ সেতু, মানকটা পথৰ উৰণ সেতু, পুৰণি ৩৭ নং ঘাইপথৰ সংযোগস্থলৰ উৰণ সেতু আৰু লেজাই কলাখোৱা পথৰ উৰণ সেতুৰ আধাৰশিলা স্থাপন কৰিব আজি সন্ধিয়া । ইয়াৰ বাবে প্ৰস্তুতি চলাওতেই এই মৃতদেহ উদ্ধাৰ হোৱাত সৃষ্টি হৈছে চাঞ্চল্য ।

ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকৰ ভাষ্য় :

ডিব্ৰুগড়ৰ মানকটা পথত দুৰদৰ্শন কেন্দ্ৰৰ সমীপৰ নলাত মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতে পৰিয়ালৰ লোকে এই সন্দৰ্ভত কয়, "মৃতদেহটো প্ৰদীপ কটকীৰ পুত্ৰ ৰঞ্জু কটকী । দুৰ্গা পূজাৰ নৱমীৰ পৰা নিৰুদ্দেশ হৈ আছিল যুৱকজন । আমি বাহিৰত ক'ৰবাত গুচি গ'ল বুলি ভাবি আছিলো । ম'বাইল ফোনকে ধৰি আন সামগ্ৰীবিলাকৰ পৰা নিশ্চিত হৈছো মৃতদেহটো ৰঞ্জু কটকীৰ । যুৱকজনে অত্যধিক সুৰা সেৱন কৰিছিল । নিৰুদ্দেশ হোৱাৰ দিনাও মদ্য়পান কৰি এখন ফাষ্টফুডৰ দোকানৰ বেঞ্চত শুই আছিল বুলি জানিব পাৰিছো । সেই স্থানত নলা উন্মুক্ত হৈ আছিল । তেনেকৈ নলাত পৰিল বুলি অনুমান কৰিছো ।"

লগতে পঢ়ক:তিনিচুকীয়াৰ হোটেলৰ বন্ধ কোঠাত উদ্ধাৰ যুৱকৰ মৃতদেহ - DEAD BODY RECOVERED

চেলেক ধূনাগুৰি দলং নিৰ্মাণথলীত শ্ৰমিকৰ মৃত্য়ু - LABOUR DEATH IN MAJULI

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.