ডায়েবেটিছক চাইলেন্ট কিলাৰ বুলিও কোৱা হয় ৷ এই ৰোগে শৰীৰক ভিতৰৰ পৰা লাহে লাহে ক্ষতি কৰে ৷ ডায়েবেটিছত শৰ্কৰা বৃদ্ধিয়ে হৃদযন্ত্ৰ, যকৃত, বৃক্ক আৰু অন্যান্য অংগত বেয়া প্ৰভাৱ পেলায় ৷ গতিকে হঠাৎ শৰ্কৰাৰ মাত্ৰা বৃদ্ধি আৰু হ্ৰাস হোৱাৰ পৰা আঁতৰি থকাটো খুবেই প্ৰয়োজনীয় ৷ খাদ্য আৰু সুষম জীৱনশৈলী গ্ৰহণ কৰি শৰ্কৰা নিয়ন্ত্ৰণ কৰিব পাৰি ৷ ইয়াৰ বাবে আপুনি চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে ৷ একে সময়তে অভিনেত্ৰী আলিয়া ভাটৰ ডায়েটিচিয়ান ডাঃ সিদ্ধান্ত ভাৰ্গৱে ছ’চিয়েল মিডিয়াযোগে এটি ভিডিঅ’ শ্বেয়াৰ কৰি শৰ্কৰা নিয়ন্ত্ৰণৰ বাবে কিছুমান সহজ টিপছ আগবঢ়াইছে ৷ যাৰ ফলত আপোনাৰ ৰক্ত শৰ্কৰাৰ মাত্ৰা হঠাৎ কম-বেছি নহয় ৷ এই পদ্ধতিৰে আপুনি সহজে শৰ্কৰা নিয়ন্ত্ৰণ কৰিব পাৰে ৷
খাদ্য বিশেষজ্ঞসকলৰ মতে, আপোনাৰ শৰ্কৰা যিমানেই বৃদ্ধি পাব সিমানেই আপোনাৰ অংগসমূহৰ ওপৰত ইয়াৰ প্ৰভাৱ বেয়া হ’ব ৷ এজন ডায়েবেটিছ ৰোগীয়ে এই শৰ্কৰাৰ উঠা-নমাৰ পৰা আঁতৰি থকাটো জৰুৰী ৷ ইয়াৰ বাবে খাদ্য আৰু জীৱনশৈলীৰ এই ৪টা পৰিৱৰ্তন কৰক ৷
- মিলেটছ খাওক- খাদ্যত যিমান পাৰি সিমান মিলেটছ অন্তৰ্ভুক্ত কৰক ৷ যিমান পাৰি ঘেঁহু আৰু চাউল পৰিহাৰ কৰাটো জৰুৰী ৷ ইয়াৰ ঠাইত জোৱাৰ, বজৰা, ৰাগী আটা আৰু এই শস্যবোৰ অন্তৰ্ভুক্ত কৰিব পাৰে ৷ ইহঁতৰ গ্লাইচেমিক সূচকাংক যথেষ্ট কম ৷ যিয়ে ডায়েবেটিছ ৰোগীক শৰ্কৰাৰ স্পাইকৰ পৰা ৰক্ষা কৰে ৷
- মিঠাই খাবলৈ মন গ’লে খাওক এই খাদ্য– ডায়েবেটিছ ৰোগীয়ে প্ৰায়ে মিঠাই খাবলৈ হাহাকাৰ কৰে ৷ যদি কেতিয়াবা এনেকুৱা হয় তেন্তে পেট ভৰোৱাৰ পিছতহে মিঠা খাদ্য খাব লাগে ৷ প্ৰাকৃতিক শৰ্কৰা থকা বস্তু খাবলৈ চেষ্টা কৰক ৷ মিঠাই খোৱাৰ পূৰ্বে কিছু আঁহযুক্ত খাদ্য খাবলৈ ডাঃ সিদ্ধান্ত ভাৰ্গৱে পৰামৰ্শ দিয়ে ৷ ইয়াৰ ফলত হঠাৎ শৰ্কৰাৰ মাত্ৰা বৃদ্ধি নহয় ৷
- কেৱল কাৰ্ব গ্ৰহণ কৰাটো পৰিহাৰ কৰক- খাদ্যত কেৱল কাৰ্বই নহয় তাৰ সৈতে অন্য খাদ্যও অন্তৰ্ভুক্ত কৰক ৷ যেনে পোহা, উপমা, ৰুটি, ভাত বা ইডলীয়েই নহয় এই খাদ্যৰ লগত কিছু প্ৰ’টিনৰ উৎস নিশ্চয়কৈ ৰখাটো নিশ্চিত কৰক ৷ য’ত দৈ, পনিৰ, কুকুৰা মাংস বা কণী ৰাখিব লাগে ৷ ইয়াৰ উপৰিও খাদ্যত বাদামৰ দৰে কিছুমান চৰ্বিৰ উৎসও অন্তৰ্ভুক্ত কৰক ৷
- খাদ্য খোৱাৰ পিচত ১৫ মিনিট খোজ কঢ়াটো জৰুৰী – ডায়েবেটিছ ৰোগীয়ে প্ৰতিবাৰে খাদ্য খোৱাৰ পিছত ১৫ মিনিট খোজ কঢ়াটো জৰুৰী ৷ বিশেষকৈ ব্ৰেকফাষ্ট, লাঞ্চ আৰু ডিনাৰৰ দৰে হেভী আহাৰ খোৱাৰ পিছত নিশ্চিতভাৱে ১৫ মিনিট খোজ কঢ়াটো নিশ্চিত কৰক ৷ ইয়াৰ ফলত আপোনাৰ শৰ্কৰা বহু পৰিমাণে নিয়ন্ত্ৰণত থাকিব ৷
লগতে পঢ়ক