গুৱাহাটীত ডিমাছাসকলৰ কৃষিভিত্তিক উৎসৱ বুছু ডিমা উৎযাপন - BUSU DIMA FESTIVAL

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Jan 20, 2025, 8:22 AM IST

গুৱাহাটী : ৰাজ্যৰ অন্যতম পার্বত্য জনগোষ্ঠী তথা ভূমিপুত্র ডিমাছা লোকসকলৰ পৱিত্ৰ উৎসৱ হৈছে বুছু ডিমা । ডিমাছা জনগোষ্ঠীৰ কেইবাটাও সংগঠনৰ উদ্যোগত দেওবাৰে গুৱাহাটীৰ নাৰেংগী ক্ৰীড়া সন্থাৰ খেলপথাৰ প্ৰাংগনত এদিনীয়া কাৰ্যসূচীৰে এই কৃষিভিত্তিক উৎসৱ বুছু ডিমা উৎযাপন কৰা হয় । দিনজোৰা কাৰ্যসূচীত গুৱাহাটীত থকা ডিমাছা লোকসকলে অংশগ্ৰহণ কৰে । এই উৎসৱৰ লগত সংগতি ৰাখি ডিমাছা জনগোষ্ঠীৰ লোকসকলে পৰম্পৰাগত নৃত্য-গীত আদি পৰিৱেশন কৰে । উৎসৱস্থলীত ডিমাছাসকলৰ পোছাক, খাদ্য সম্ভাৰ, হস্তশিল্প আদি প্ৰদৰ্শনৰ লগতে বিক্ৰীৰ ব্যৱস্থাও কৰা হয় । লগতে বিভিন্ন থলুৱা খেল-ধেমালি প্ৰতিযোগিতাৰো আয়োজন কৰা হয় । এই উপলক্ষে আয়োজিত সাংস্কৃতিক অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে মন্ত্ৰী নন্দিতা গাৰ্লোচা ।

লগতে পঢ়ক :ক্ৰীড়াবিদৰ গৌৰৱে অনুপ্ৰাণিত কৰে জাতিক: সৰ্বানন্দ সোণোৱাল - ASSAM TEAM JERSEY OF NATIONAL GAMES

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.