উমৰাংছ'ৰ নিহত শ্ৰমিক পৰিয়াললৈ ১০ লক্ষ টকাৰ আৰ্থিক সাহায্য - ASSAM MINING TRAGEDY
🎬 Watch Now: Feature Video
Published : Jan 19, 2025, 7:25 AM IST
হাফলং: উমৰাংছ' তিনি কিলো কলামাটিত অসম কয়লা খনি দুৰ্ঘটনাত নিহত শ্ৰমিকসকলৰ পৰিয়ালক শনিবাৰে ৰাজ্য চৰকাৰৰ ফালৰ পৰা ১০ লক্ষ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰে ৰাজ্যৰ খনি মন্ত্ৰী কৌশিক ৰায়ে । শনিবাৰে বিয়লি উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লোচা আৰু ৰাজ্যৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙৰ উপস্থিতত এই চেক বিতৰণ কৰে মন্ত্ৰীগৰাকীয়ে ।
চেক বিতৰণ কৰি মন্ত্ৰী কৌশিক ৰায়ে কয়, "যোৱা দুই দিন আগতে মৰিগাঁৱত অনুষ্ঠিত কেবিনেট বৈঠকৰ সিদ্ধান্ত মৰ্মে আজি মৃত চাৰিজন শ্ৰমিকৰ পৰিয়ালক মুখ্যমন্ত্ৰী ৰিলিফ ফাণ্ডৰ পৰা ৬ লাখ টকা আৰু ৰাজ্যৰ দুৰ্যোগ প্ৰশমন বিভাগৰ পৰা ৪ লাখ টকাকৈ সৰ্বমুঠ ১০ লাখ টকা প্ৰদান কৰা হয় আৰু বাকী সন্ধানহীন ৫ জন শ্ৰমিকৰ পৰিয়ালক মুখ্যমন্ত্ৰী ৰিলিফ ফাণ্ডৰ পৰা ৬ লাখ টকা প্ৰদান কৰা হয় । বাকী ৪ লাখ টকা পিচত প্ৰদান কৰা হ'ব ।"
মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত লগতে কয়, "মৃত শ্ৰমিকৰ পৰিয়ালক আৰ্থিক সাহায্য প্ৰদান কৰি তেওঁলোকৰ ক্ষতিপূৰণ কৰা সম্ভৱ নহয় । কিন্তু এই শ্ৰমিকসকলৰ পৰিয়াল ভালদৰে চলাৰ বাবে এই আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে । সন্ধানহীন ৫ গৰাকী শ্ৰমিকৰ উদ্ধাৰৰ চেষ্টা এতিয়া অব্যাহত আছে ৷ বৰ্তমানো প্ৰতিদিনে ১ হাজাৰ কোটি লিটাৰ পানী নিষ্কাষণ কৰা হৈছে ।"