ETV Bharat / lifestyle

৫৭ বছৰ বয়সতো কেনেকৈ ইমান ফিট বলীউডৰ খিলাড়ী ? তেওঁৰ ফিটনেছৰ মূলমন্ত্ৰ কি - AKSHAY KUMAR

বয়স হিচাপে তিনিকুৰি স্পৰ্শ কৰিবলৈ আগবঢ়া অক্ষয় কুমাৰৰ এই ফিটনেছৰ আঁৰৰ ৰহস্য জানেনে ? নিজকে ফিট কৰি ৰাখিবলৈ কি কৰে অভিনেতাগৰাকীয়ে জানো আহক-

Akshay Kumar's Path to Fitness: Expert Insights into His Diet and Workout Routine
৫৭ বছৰ বয়সতো কেনেকৈ ইমান ফিট বলীউডৰ খিলাড়ী ? তেওঁৰ ফিটনেছৰ মূলমন্ত্ৰ কি (ETV Bharat)
author img

By ETV Bharat Health Team

Published : Jan 31, 2025, 6:41 PM IST

খিলাড়ী বুলি ক’লেই আমাৰ মনত ভাহি উঠে অত্যন্ত পৰিশ্ৰমী, সময়ৰ প্ৰতি সদা সচেতন, ফিটনেছৰ প্ৰতি গুৰুত্ব দিয়া অক্ষয় কুমাৰৰ পৰিচয় ৷ বলীউডৰ তাৰকা-মহাতাৰকাসকলৰ ভিতৰত ফিটনেছৰ প্ৰসংগ আহিলে স্বাভাৱিকতেই প্ৰথমেই উচ্চাৰিত হয় অক্ষয়ৰ নাম ৷ হিন্দী ছবি জগতৰ প্ৰতিগৰাকী ব্যক্তিয়েই স্বীকাৰ কৰে অক্ষয় কুমাৰৰ স্বাস্থ্য সচেতনতাক ৷ পিছে বয়স হিচাপে তিনিকুৰি স্পৰ্শ কৰিবলৈ আগবঢ়া অথচ এতিয়াও তৰুণ হৈ থকা অক্ষয় কুমাৰৰ এই ফিটনেছৰ আঁৰৰ ৰহস্য জানেনে ? নিজকে ফিট কৰি ৰাখিবলৈ তেওঁ যথেষ্ট কষ্ট কৰে ৷

অক্ষয় কুমাৰে নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত তেওঁৰ ফিটনেছ সম্পৰ্কীয় ছবি আৰু ভিডিঅ’ শ্বেয়াৰ কৰি থাকে ৷ তেওঁৰ দৈনিক জীৱনৰ ৰুটিন সন্দৰ্ভতো যথেষ্ট চৰ্চা হোৱা দেখা যায় ৷ শেহতীয়াকৈ তেওঁ ফিটনেছৰ বিষয়ে এক টুইট কৰিছে ৷ মেদবহুলতা সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে দিয়া ভাষণৰ ভিডিঅ’ অক্ষয় কুমাৰে তেওঁৰ ছ’চিয়েল মিডিয়া হেণ্ডেল এক্সত শ্বেয়াৰ কৰিছে ৷

তেওঁ কয় যে, মেদবহুলতাৰ বিৰুদ্ধে যুঁজিবলৈ উপযুক্ত টোপনি, প্ৰদূষণমুক্ত বায়ু আৰু সূৰ্যৰ পোহৰ, প্ৰচেছড খাদ্য ত্যাগ, কম তেল আৰু দেশী ঘিঁউৰে তৈয়াৰী খাদ্যৰ প্ৰয়োজন ৷ অক্ষয়ে লগতে সঠিকভাৱে যিকোনো ধৰণৰ ৱৰ্কআউট কৰাৰ পৰামৰ্শ দিয়ে ৷ ‘নিয়মীয়া ব্যায়ামে আপোনাৰ জীৱন সলনি কৰিব’ বুলিও অক্ষয় কুমাৰে লগতে উল্লেখ কৰক ৷ অক্ষয় কুমাৰে শ্বেয়াৰ কৰা ভিডিঅ’টোত প্ৰধানমন্ত্ৰী মোদীয়ে মেদবহুলতাৰ ক্ৰমবৰ্ধমান ভাবুকি সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰিছে ৷

লগতে প্ৰধানমন্ত্ৰী মোদীয়ে ব্যায়াম আৰু স্বাস্থ্যসন্মত খাদ্যাভ্যাসৰ ওপৰত গুৰুত্ব দিবলৈও পৰামৰ্শ দিছে ৷ তেওঁ কয়, ”প্ৰতিদিনে কিছু সময় উলিয়াই ব্যায়াম কৰক ৷ লগতে খাদ্যত থকা অস্বাস্থ্যকৰ চৰ্বি আৰু তেল হ্ৰাস কৰক ৷ সুষম খাদ্য গ্ৰহণ কৰক ৷ সুস্থ শৰীৰেহে সুস্থ মন আৰু সুস্থ জাতিৰ সৃষ্টি কৰিব পাৰে ৷” উল্লেখ্য যে এক সাক্ষাৎকাৰৰ সময়ত অক্ষয় কুমাৰে নিজকে সুস্থ কৰি ৰাখিবলৈ দৈনিক প্ৰায় আধা ঘণ্টা ধ্যান কৰে বুলি উল্লেখ কৰিছিল ৷

শৰীৰত পানীৰ অভাৱ যাতে নহয় তাৰ বাবে দিনটোত ৪ৰ পৰা ৫ লিটাৰ পানী খাব লাগে ৷ লগতে অভিনেতাগৰাকীয়ে ফিট হৈ থাকিবলৈ তেওঁ প্ৰ’টিন শ্বেক খোৱাৰ পৰিৱৰ্তে স্বাস্থ্যসন্মত আৰু সুষম খাদ্য গ্ৰহণ কৰে বুলি জানিবলৈ দিছিল ৷ ইয়াৰ উপৰিও খাদ্য খোৱাৰ সময়টোও অতি গুৰুত্বপূৰ্ণ বুলি আঙুলিয়াই দি অক্ষয় কুমাৰে নিশা শোৱাৰ প্ৰায় ৪ ঘণ্টা পূৰ্বে আহাৰ গ্ৰহণ কৰে বুলি কয় ৷ ইয়াৰ লগতে তেওঁ দৈনিক ব্যায়াম কৰে ৷ জিমত ৱৰ্কআউট কৰাৰ ভিডিঅ’ তেওঁ নিজৰ ছ’চিয়েল মিডিয়াত প্ৰায়েই শ্বেয়াৰ কৰি থাকে ৷

সুস্থ আৰু ফিট হৈ থাকিবলৈ দৈনিক খোজকঢ়া, দৌৰা বা যিকোনো ধৰণৰ ৱৰ্কআউট কৰাটো অতি প্ৰয়োজনীয় ৷ ইয়াৰ লগতে সুষম খাদ্য গ্ৰহণ কৰিব লাগে ৷ ইয়াত প্ৰ’টিন, কাৰ্বহাইড্ৰেট, চৰ্বি, প্ৰয়োজনীয় ভিটামিন, খনিজ পদাৰ্থ আৰু পানী সুষম পৰিমাণে থাকিব লাগে ৷ এনে সুষম খাদ্যৰ দ্বাৰা শৰীৰে সঠিকভাৱে কাম কৰিবলৈ শক্তি লাভ কৰে ৷

(সতৰ্কীকৰণ: এই প্ৰতিবেদনত আপোনাক দিয়া সকলো স্বাস্থ্য তথা জীৱনশৈলী সম্পৰ্কীয় যিকোনো তথ্য আৰু পৰামৰ্শ কেৱল আপোনাৰ সাধাৰণ তথ্যৰ বাবেহে আগবঢ়োৱা হৈছে । আমি এই তথ্য বৈজ্ঞানিক গৱেষণা, অধ্যয়ন, চিকিৎসা আৰু স্বাস্থ্য পেছাদাৰী পৰামৰ্শৰ ভিত্তিত প্ৰদান কৰিছো । আপুনি এই উপায় বা পদ্ধতি অনুসৰণ কৰাৰ আগতে এই বিষয়ে বিতংভাৱে জনাটো উচিত তথা আপোনাৰ ব্যক্তিগত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো উচিত ।)

উৎস:-https://www.nih.gov/news-events/nih-research-matters/healthy-habits-can-lengthen-life

লগতে পঢ়ক

  1. প্ৰসৱৰ পিচত এইবিধ লাৰু খায়েই ফিট হৈ পৰিল অভিনেত্ৰী য়ামী গৌতম; জানি লওক ৰেচিপি
  2. কমেডী কুইন ভাৰতী সিঙৰ খুবেই প্ৰিয় এইবিধ নেপালী তিলৰ চাটনি...আপুনিও কৰিব পাৰে ট্ৰাই
  3. আলিয়া ভাটৰ ডায়েটিচিয়ানে দিলে ডায়েবেটিছ নিয়ন্ত্ৰণৰ উপায়: আপুনিও কৰিব পাৰে অনুসৰণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.