ETV Bharat / state

অসমত হ'ব নেকি বৰভূঁইকঁপ ? কি কয় ভূতত্ত্ববিদে - TERRIBLE EARTHQUAKE IN ASSAM

২১ জানুৱাৰীৰ পৰা ২৪ জানুৱাৰীলৈ চাৰিদিনত চাৰিটাকৈ ভূমিকম্পই জোকাৰিলে অসম । ধাৰাবাহিক এই নিম্ন আৰু মধ্য প্রাবল্যৰ ভূমিকম্পই বৃহৎ ভূমিকম্পৰ আগজাননী দিছে নেকি ?

Deadliest Earthquake in Assam
বৰভূঁইকঁপ আগজাননী ! কি কয় ভূতত্ত্ববিদে (Representational Image (ETV Bharat File Photo))
author img

By ETV Bharat Assamese Team

Published : Jan 31, 2025, 6:18 PM IST

গুৱাহাটী : ইংৰাজী নতুন বৰ্ষ আৰম্ভ হোৱাৰ পিছতে অসম তথা উত্তৰ পূৰ্বাঞ্চলত ধাৰাবাহিকভাৱে ভূমিকম্পৰ জোকৰণি অনুভূত হৈ আছে । নিম্ন আৰু মধ্য প্রাবল্যৰ চাৰিটাকৈ ভূমিকম্পই অসম তথা উত্তৰ পূৰ্বাঞ্চলক জোকাৰি গৈছে । ধাৰাবাহিক এই নিম্ন আৰু মধ্য প্রাবল্যৰ ভূমিকম্পই বৃহৎ ভূমিকম্পৰ আগজাননী দিছে নেকি ? এই লৈ মানুহৰ মাজত বিভিন্ন প্ৰশ্নৰ উদ্ৰেক ঘটিছে । কিন্তু এই চিন্তা আৰু সম্ভাৱনাক পোনচাটেই নাকচ কৰিছে ভূতত্ত্ব আৰু খনন সঞ্চালকালয়, অসমৰ ভূতত্ত্ববিদ মুন চন্দ্ৰ ডেকাই ।

এই সন্দৰ্ভত ভূতত্ত্ববিদ মুন চন্দ্ৰ ডেকাই ই টিভি ভাৰতক কয়, "ধাৰাবাহিকভাৱে নিম্ন আৰু মধ্য প্রাবল্যৰ ভূমিকম্প আহি থকাটো বৃহৎ ভূমিকম্পৰ আগজাননী নহয়, বৰং বৰভূঁইকঁপ অহাৰ সম্ভাৱনা কম বুলিহে ধৰি ল'ব পাৰি । কিন্তু বৰভূঁইকঁপ অহাৰ পিছত ধাৰাবাহিকভাৱে নিম্ন আৰু মধ্য প্রাবল্যৰ ভূমিকম্প আহে বা অহাৰ সম্ভাৱনা বহু বেছি হয় ।"

উল্লেখ্য যে শেহতীয়াকৈ বিগত ২৪ জানুৱাৰীৰ মাজনিশা এক নিম্ন-মধ্য প্রাবল্যৰ ভূমিকম্পই অসমকে ধৰি উত্তৰ-পূবৰ আটাইকেইখন ৰাজ্য কম-বেছি পৰিমাণে জোকাৰি যায় । ২৪ জানুৱাৰীৰ মাজনিশা ভাৰতীয় মান সময় অনুসৰি ১২:৫৩:৩৫ বজাত অনুভূত হোৱা ভূমিকম্পটোৰ ৰিখটাৰ স্কেলত প্রাবল্য আছিল ৪.৮ কম্পনাংক আৰু অভিকেন্দ্ৰ আছিল চুবুৰীয়া দেশ ম্যানমাৰৰ পৰা উত্তৰ-পূব দিশত ১০৬ কিলোমিটাৰ গভীৰতাত । যোৱা ২১ জানুৱাৰীৰ পৰা ২৪ জানুৱাৰীলৈ চাৰিদিনত এইটো চতুৰ্থটো ভূমিকম্প আছিল ।

গুৱাহাটীৰ বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি ২১ জানুৱাৰীত অনুভূত হোৱা ৪-১ প্রাবল্যৰ ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল মেঘালয়ৰ দক্ষিণ-পশ্চিম খাচী পাহাৰ । ২২ জানুৱাৰীত দুটা ভূমিকম্পই উত্তৰ-পূৰ্বাঞ্চল জোকাৰি যায় । দুয়োটা ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল মণিপুৰ । ২১ জানুৱাৰীৰ নিশা ৮-৫৭ বজাত আৰু ৯-৪৬ বজাত অহা ভূমিকম্প দুটাৰ প্রাবল্য আছিল ক্ৰমে ৪.৩ আৰু ৩.৩ ৰিখটাৰ । ২৪ জানুৱাৰীৰ মাজনিশা ১২-৫৩ বজাত নিম্নমধ্য প্রাবল্যৰ ভূমিকম্পই অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখন জোকাৰি যায় ।

ভূতত্ত্ব আৰু খনন সঞ্চালকালয়, অসমৰ ভূতত্ত্ববিদ মুন চন্দ্ৰ ডেকাই কয়, " ইণ্ডো-অষ্ট্ৰেলিয়ান প্লেটৰ ওপৰত ইউৰাছিয়ান প্লেটে খুন্দা মাৰি থকাৰ ফলতেই হিমালয়ৰ পাদদেশত সঘনাই ভূমিকম্প সংঘটিত হৈ আহিছে । ১৯৫০ চনত অসমত হোৱা বৃহৎ ভূমিকম্পৰ প্রাবল্য আছিল ৮.৫ ৰিখটাৰ । এই অভিকেন্দ্ৰ আছিল অৰুণাচল প্ৰদেশ-চীন সীমান্তত । সেইদৰে ১৮৯৭ চনত অহা বৰভূঁইকঁপৰ অভিকেন্দ্ৰ আছিল মেঘালয়ৰ গাৰো পাহাৰ । অৰ্থাৎ প্ৰতি ৫০ বছৰৰ বিৰতিত অসম তথা উত্তৰ-পূৰ্বাঞ্চলক বৃহৎ ভূমিকম্পই জোকাৰি গৈছে । সেই হিচাপত ১৯৫০ চনৰ পৰা এতিয়ালৈকে ৭৪ বছৰৰ ‘ছিছমিক গেপ’ বা ভূমিকম্পৰ ফাক দেখা গৈছে ।"

তেওঁ পুনৰ কয়," কিন্তু অসমত বৰভুঁইকঁপ একেবাৰে নাহিব বুলি একাষৰতেই দাবী কৰিব নোৱাৰি ।" মুন চন্দ্ৰ ডেকাই কয় যে ভূমিকম্পত সাধাৰণতে জলাশয়ত স্থানচ্যুতি অধিক হোৱা দেখা যায় । ভূমিকম্পত গুৱাহাটীত কম্পন অধিক হোৱা যেন অনুভূত হয় যদিও স্থানচ্যুতি কম হোৱা বাবে ক্ষয়-ক্ষতিৰ সম্ভাৱনা তুলনামূলকভাৱে কম । তেওঁ কয়," গুৱাহাটীৰ পৰা ১০০ কিলোমিটাৰ দূৰত্বত ইউৰাছিয়ান প্লেট আছে । মঙলদৈত এই প্লেট আছে । শেহতীয়াকৈ ধাৰাবাহিকভাৱে ভূমিকম্প হৈ আছে যদিও এইক্ষেত্ৰত মানুহে বৰ বিশেষ চিন্তা কৰিবলগীয়া নাই , বিশেষকৈ গুৱাহাটীবাসীয়ে । কিন্তু বৰভুঁইকঁপৰ ক্ষেত্ৰত সকলোৱে সজাগ আৰু সতৰ্ক হৈ থকাটো জৰুৰী । "

লগতে পঢ়ক:পুৱাই 3.4 প্ৰাৱল্যৰ ভূঁইকপে জোকাৰিলে ৰাজ্য - Biswanath earthquake

মাজনিশা কঁপিল উঠিল ধৰিত্ৰী; ভূঁইকঁপৰ জোকাৰণিত শংকিত ৰাজ্যবাসী - EARTHQUAKE HITS MYANMAR

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.