ETV Bharat / sports

জীতো বাজী খেল কে ... আতিফ আছলামৰ কণ্ঠত চেম্পিয়নছ ট্ৰফীৰ শীৰ্ষ সংগীত মুকলি আই চি চিৰ - CHAMPIONS TROPHY 2025 OFFICIAL SONG

আই চি চিয়ে ২০২৫ চনৰ চেম্পিয়নছ ট্ৰফীৰ বাবে শীৰ্ষ সংগীত 'জিতো বাজী খেল কে' মুকলি কৰিছে । গানটোত কণ্ঠদান কৰিছে পাকিস্তানী গায়ক আতিফ আছলামে ।

champions trophy 2025 official song
চেম্পিয়নছ ট্ৰফীৰ শীৰ্ষ সংগীত মুকলি (Youtube Video Thumbnail)
author img

By ETV Bharat Assamese Team

Published : Feb 7, 2025, 6:09 PM IST

নতুন দিল্লী : ২০২৫ বৰ্ষৰ আই চি চি চেম্পিয়নছ ট্ৰফীলৈ মাজত মাথোঁ কেইটামান দিন বাকী । চেম্পিয়নছ ট্ৰফীক লৈ ইতিমধ্যে ক্ৰিকেট জ্বৰত আক্ৰান্ত হৈছে সমগ্ৰ বিশ্বৰ ক্ৰিকেট অনুৰাগী । তাৰ মাজতে পাকিস্তানী গায়ক আতিফ আছলামৰ কণ্ঠত চেম্পিয়নছ ট্ৰফীৰ শীৰ্ষ সংগীতটো আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছে । এই শীৰ্ষ সংগীত মুকলি কৰাৰ লগে লগে ক্ৰিকেট অনুৰাগীৰ মাজত উৎসাহ দুগুণ বৃদ্ধি হৈছে । 'জিতো বাজী খেল কে' শীৰ্ষক এটা সম্পূৰ্ণ নতুন টুৰ্ণামেণ্ট গানত কণ্ঠ নিগৰাইছে আতিফ আছলামে । আই চি চিয়ে শেহতীয়াকৈ এই গানটো মুকলি কৰিছে । ইয়াৰ লগে লগে চেম্পিয়নছ ট্ৰফীৰ আগন্তুক সংস্কৰণৰ বিষয়ে চৰ্চা অধিক বৃদ্ধি পাইছে ।

আতিফ আছলামৰ কণ্ঠত চেম্পিয়নছ ট্ৰফীৰ শীৰ্ষ সংগীত

পাকিস্তানৰ প্ৰখ্যাত কণ্ঠশিল্পী আতিফ আছলামৰ ভাৰত আৰু পাকিস্তান দুয়োখন দেশতে বিপুল অনুৰাগী আছে । বলীউডৰ এগৰাকী পাৰ্শ্ব গায়ক হিচাপে তেওঁৰ আমাৰ দেশত উচ্চ প্ৰশংসিত । তেওঁৰ জনপ্ৰিয় তথা হিট গানসমূহৰ ভিতৰত আছে আদত (কলিয়ুগ), পেহলি নজৰ মে আৰু আল্লাহ দোহাই হে (ৰেচ) । ইয়াৰ উপৰি দিল দিয়া গাল্লা (টাইগাৰ জিন্দা হে) গীতটোও জনপ্ৰিয়তাৰ শীৰ্ষত আছে ।

পাকিস্তান আৰু ইউ এ ইত হ'ব আয়োজন

৮ বছৰ পিছত এই প্ৰতিযোগিতাখন অনুষ্ঠিত হ'ব । আনহাতে, ডিফেণ্ডিং চেম্পিয়ন পাকিস্তানে এই প্ৰতিযোগিতাখনৰ আয়োজন কৰিছে । ইয়াৰ উপৰি ইউ এ ই হৈছে সহ-আয়োজক । অৱশ্যে পাকিস্তানে সকলো মেচ আয়োজন কৰাৰ কথা আছিল যদিও ভাৰতীয় দলটোৱে নিৰাপত্তাজনিত কাৰণ উল্লেখ কৰি প্ৰতিযোগিতাখনৰ বাবে পাকিস্তান ভ্ৰমণ নকৰাৰ সিদ্ধান্ত লয় । তেনে পৰিস্থিতিত এক আপোচ মীমাংসাৰ জৰিয়তে সৰ্বসন্মত সিদ্ধান্ত লোৱা হয় যে প্ৰতিযোগিতাখন হাইব্ৰিড পদ্ধতিত অনুষ্ঠিত হ'ব । ইয়াৰ অৰ্থ হৈছে ভাৰতে খেলিবলগা মেচকেইখন ইউ এ ইয়ে আয়োজন কৰিব । আনহাতে, এই হাইব্ৰিড মডেলৰ অধীনত যদি ভাৰত ছেমিফাইনেল আৰু ফাইনেলত উপনীত হয় তেন্তে মেচ দুখন ডুবাইত অনুষ্ঠিত হ'ব । অন্যথা পাকিস্তানতে অনুষ্ঠিত হ'ব ।

১৯ ফেব্ৰুৱাৰীৰ পৰা ৯ মাৰ্চলৈ অনুষ্ঠিত হ'ব চেম্পিয়নছ ট্ৰফী

২০২৫ বৰ্ষৰ চেম্পিয়নছ ট্ৰফী অহা 19 ফেব্ৰুৱাৰীত আৰম্ভ হ'ব । আনহাতে, বিশ্বকাপৰ পিছত আই চি চিৰ দ্বিতীয় মেগা প্ৰতিযোগিতাখনৰ ফাইেল অহা 9 মাৰ্চত অনুষ্ঠিত হ'ব । তাৰ মাজতে শীৰিষ সংগীতটো মুকলি হোৱাৰ লগে লগে প্ৰতিযোগিতাখনৰ বাবে উত্তেজনা আৰু বৃদ্ধি পাইছে । বৰ্তমান অনুৰাগীসকলে ভাৰত আৰু পাকিস্তানৰ মাজৰ মেচখনৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি থাকিব । আনহাতে, উদ্বোধনী মেচত পাকিস্তানে কৰাচীত নিউজীলেণ্ডৰ মুখামুখি হ'ব ।

লগতে পঢ়ক :দুটা বিশেষ ইভেণ্ট অবিহনে হ’ব চেম্পিয়নছ ট্ৰফী; পাকিস্তানলৈ নাযায় ৰোহিত শৰ্মা ! - CHAMPIONS TROPHY 2025
লগতে পঢ়ক :চেম্পিয়নছ ট্ৰফীৰ পূৰ্বে ভাৰতৰ সন্মুখত আন এক প্ৰত্যাহ্বান ! - CHAMPIONS TROPHY 2025

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.