ETV Bharat / politics

ফলাফলৰ পূৰ্বেই উদ্বিগ্ন কেজৰিৱাল: বিধায়কক ১৫ কোটিৰ টোপ দিয়াৰ অভিযোগ বিজেপিৰ বিৰুদ্ধে - DELHI ELECTION RESULTS 2025

অৰবিন্দ কেজৰিৱালে আপৰ প্ৰাৰ্থীসকলৰ সৈতে এখন বৈঠকত মিলিত হয় । তাত দলৰ নেতাসকলে বিজেপিৰ বিৰুদ্ধে হৰ্ছ ট্ৰেডিঙৰ অভিযোগ উত্থাপন কৰে ।

Etv Bharat
কেজৰিৱালৰ বাসগৃহত আপ প্ৰাৰ্থীৰ বৈঠক (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Feb 7, 2025, 7:54 PM IST

নতুন দিল্লী: ৰাতিটো পাৰ হ'লেই জানিব পৰা যাব দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফল । তৃতীয়বাৰৰ বাবে (অৱশ্যে প্ৰথমবাৰ কম সময়ৰ বাবে ধৰিলে চতুৰ্থবাৰ) দেশৰ ভিতৰতে সন্মানীয় দিল্লী বিধানসভাৰ গাদী দখল কৰিব পাৰিবনে আম আদমী পাৰ্টীয়ে ? নে প্ৰায় দুই দশকৰ পিছত পুনৰ দিল্লীৰ মচনদ দখল কৰিব বিজেপিয়ে ? হেৰুওৱা অতীত ঘূৰাই পাবনে কংগ্ৰেছে ? ইয়াৰ নিশ্চিতিৰ বাবে অপেক্ষা কৰিব লাগিব আৰু কেইটামান ঘণ্টা । কিন্তু বুধবাৰে অনুষ্ঠিত দিল্লী বিধানসভা নিৰ্বাচনৰ পিছত প্ৰকাশ পোৱা ভোট পৰৱৰ্তী সমীক্ষাই দিল্লীৰ বাবে বাট কাটি দিছে বিজেপিক ।

ইফালে এগজিট প'লৰ ফলাফল ঘোষণাৰ পিছৰে পৰা আম আদমী পাৰ্টীয়ে নিৰন্তৰ অভিযোগ কৰি আহিছে যে ভাৰতীয় জনতা পাৰ্টীয়ে তেওঁলোকৰ প্ৰাৰ্থীক ক্ৰয় কৰিবলৈ চেষ্টা কৰি আছে । ইয়াৰ মাজতে আম আদমী পাৰ্টীৰ ৰাষ্ট্ৰীয় আহ্বায়ক তথা দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ৫ ফিৰোজ শ্বাহ ৰোডস্থিত তেওঁৰ বাসগৃহত আপৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা সকলো প্ৰাৰ্থীৰ সৈতে এক বৈঠকত মিলিত হয় ।

Keiriwal meeting with AAP candidates
বৈঠকৰ অন্তত সংবাদ মাধ্যমক সম্বোধন আপ নেতাৰ (ETV Bharat)

এই বৈঠকৰ পিছত প্ৰাৰ্থীসকলে উল্লেখ কৰে যে কেজৰিৱালে তেওঁলোকক কৈছে যে এগজিট প'লৰ ফলাফলৰ প্ৰতি যেন তেওঁলোকে মনোযোগ নিদিয়ে । এয়া এগজিট প'ল নহয়, বিজেপিৰ ফিগজিট প'ল । আম আদমী পাৰ্টীয়ে দিল্লীত ৫০ খনতকৈ অধিক আসন লাভ কৰি চৰকাৰ গঠন কৰিবলৈ সাজু হৈছে । লগতে কেজৰিৱালে সকলো বিধায়কক ঐক্যবদ্ধ হৈ থাকিবলৈও আহ্বান জনায় ।

আম আদমী পাৰ্টীৰ প্ৰাৰ্থী অখিলেশ পতি ত্ৰিপাঠীয়ে কয়, "কেজৰিৱালে দিল্লীৰ জনসাধাৰণক ধন্যবাদ জনাবলৈ কৈছে । দিল্লীৰ জনসাধাৰণে পুনৰবাৰে কামৰ ৰাজনীতিক অগ্ৰাধিকাৰ দিছে । এইবাৰ পুনৰ 50 খনতকৈ অধিক আসন লাভ কৰি আম আদমী পাৰ্টীয়ে দিল্লীত চৰকাৰ গঠন কৰিবলৈ গৈ আছে । পূৰ্বতে ভাৰতীয় জনতা পাৰ্টীয়ে বোকা ছটিয়াই আহিছে আৰু অপাৰেচন লোটাছ চলাই আহিছে । আমাৰ প্ৰাৰ্থী মুকেশ আহলাৱতেও এটা ফোনকল পাইছিল আৰু ইয়াৰ ৰেকৰ্ডিং আছে । যদি ভাৰতীয় জনতা পাৰ্টীয়ে জয়লাভ কৰিবলৈ গৈয়ে আছে, তেন্তে আমাৰ বিধায়কসকলক কিয় আকৰ্ষণীয় প্ৰস্তাৱৰ প্ৰলোভন দিয়া হৈছে ? বিজেপি উদ্বিগ্ন হৈ পৰিছে । তেওঁলোক যিকোনো পৰ্যায়লৈ যাব পাৰে । আমি মৃত্যু পৰ্যন্ত কেজৰিৱালৰ সৈতে থিয় হৈ আছো ।"

আনহাতে, আম আদমী পাৰ্টীৰ প্ৰাৰ্থী কুলদীপ কুমাৰে কয়, "কেজৰিৱালৰ সৈতে আজিৰ বৈঠকত এইটো পোহৰলৈ আহে যে ১৫ জন বিধায়কলৈ ভাৰতীয় জনতা পাৰ্টীৰ পৰা ফোন আহিছে । তাত ১৫ কোটি টকা আৰু মন্ত্ৰীপদৰ প্ৰলোভন দিয়া হৈছে । যদি ভাৰতীয় জনতা পাৰ্টীয়ে 50 খনতকৈ অধিক আসন লাভ কৰেই, তেন্তে দলটোৱে আম আদমী পাৰ্টীৰ বিধায়কসকলক কিয় ধনৰ প্ৰলোভন আগবঢ়াইছে ? সম্পূৰ্ণ সংখ্যাগৰিষ্ঠতাৰে আম আদমী পাৰ্টীয়ে দিল্লীত চৰকাৰ গঠন কৰি আছে । কেজৰিৱালে কৈছে যে এগজিট প'লত যেন মনোযোগ নিদিয়ে ।"

ইয়াৰ উপৰি আম আদমী পাৰ্টীৰ প্ৰাৰ্থী দীপক চিংলাই কয়, "দিল্লীত ভাৰতীয় জনতা পাৰ্টীয়ে লেতেৰা ৰাজনীতিত লিপ্ত হৈছে । আম আদমী পাৰ্টীৰ বিধায়ক তথা প্ৰাৰ্থীসকলক ফোন কৰি ধনৰ অফাৰ আগবঢ়াই আছে । তেওঁলোকক ভাবুকি দিয়া হৈছে । ১৫ জনতকৈও অধিক বিধায়কক এনেধৰণৰ প্ৰস্তাৱ দিয়া হৈছে । তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা উচিত । কেজৰিৱালে সকলো প্ৰাৰ্থীক কৈছে যে কোনেও ভয় নাখাব বা প্ৰলোভনত নপৰিব আৰু সকলোৱে ঐক্যবদ্ধ হৈ থাকিব লাগিব ।"

আনহাতে, অৱধ ওজাই কয়, "আজিৰ বৈঠকত কাইলৈৰ গণনা প্ৰক্ৰিয়া সম্পৰ্কীয় সিদ্ধান্ত লোৱা হয় । প্ৰায় ১৫ জন বিধায়কে কৈছে যে ভাৰতীয় জনতা পাৰ্টীয়ে তেওঁলোকক ক্ৰয় কৰিবলৈ তেওঁলোকৰ সৈতে যোগাযোগ কৰিছে ।"

ইফালে আম আদমী পাৰ্টীৰ প্ৰাৰ্থী আদিলে কয়, "নিৰ্বাচনৰ পিছত প্ৰথমবাৰৰ বাবে আমি আমাৰ নেতা কেজৰিৱালক সাক্ষাৎ কৰো । বিভিন্ন বিষয়ত আলোচনা হৈছে । বহু প্ৰাৰ্থীয়ে কৈছে যে তেওঁলোকে ভাৰতীয় জনতা পাৰ্টীৰ পৰা ফোন পাইছে । তেওঁলোকক ১৫ কোটি আৰু মন্ত্ৰীপদৰ অফাৰ দিয়া হৈছে । কিন্তু আমি হৈছো কেজৰিৱালৰ সৈনিক, আমাক কোনেও ক্ৰয় কৰিব নোৱাৰে । যি এগজিট প'ল ওলাইছে সেয়া হৈছে বিজেপিৰ ফিগজিট প'ল । এই সমীক্ষা বিফল হ'বলৈ গৈ আছে । পুনৰ আম আদমী পার্টীয়ে চৰকাৰ গঠন কৰিব ।

আম আদমী পাৰ্টীৰ আন এগৰাকী প্ৰাৰ্থী সোমনাথ ভাৰতীয়ে কয়, "বিজেপিৰ পৃষ্ঠপোষকতাত হোৱা এগজিট প'লৰ কোনো গুৰুত্ব নাই । বাস্তৱ ক্ষেত্ৰত কেজৰিৱালৰ নেতৃত্বত আম আদমী পাৰ্টীয়ে চতুৰ্থবাৰৰ বাবে চৰকাৰ গঠন কৰিবলৈ সাজু হৈছে । কিয়নো আমি ৰাইজক যি প্ৰতিশ্ৰুতি দিছো সেয়া পূৰণ কৰাৰ জ্ঞান কেৱল কেজৰিৱালৰহে আছে । আমি সম্পূৰ্ণৰূপে নিশ্চিত যে আমাৰ বিধায়কসকলৰ মনোবল নাভাঙে । কিয়নো এইটো হৈছে আম আদমী পাৰ্টী আৰু আমি কেজৰিৱালৰ সৈনিক । ভাৰতীয় জনতা পাৰ্টীয়ে যিমানেই চেষ্টা নকৰক কিয়, চৰকাৰ অৰবিন্দ কেজৰিৱালেই গঠন কৰিব ।"

লগতে পঢ়ক :দিল্লী বিধানসভা নিৰ্বাচন: এগজিট প’লৰ শীৰ্ষত বিজেপি, দ্বিতীয় স্থান আপ, কংগ্ৰেছ তৃতীয় স্থানত - DELHI ELECTIONS 2025
লগতে পঢ়ক :দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ : বিয়লি ৫ বজালৈ ভোটদানৰ হাৰ ৫৭.৭০% - DELHI ASSEMBLY ELECTION 2025

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.