ETV Bharat / state

আকাশমাৰ্গত অসমৰ স্বাভিমান জাপিৰ আৰ্হিৰ চিত্র - ASSAMESE JAPI AT AIR INDIA

এয়াৰ ইণ্ডিয়াৰ বিশেষ উদ্যোগ । অসমীয়াৰ স্বাভিমান জাপিক স্থান এয়াৰ ইণ্ডিয়াৰ বিমানত । এতিয়া আকাশতো জিলিকিছে অসমীয়া জাপি ।

Assamese Japi at Air India
এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ (social media@cmoassam)
author img

By ETV Bharat Assamese Team

Published : Feb 7, 2025, 5:33 PM IST

গুৱাহাটী: অসমৰ বাবে ভাল খবৰ । এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বিমানত জিলিকিছে অসমৰ স্বাভিমানৰ প্ৰতীক । এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বিমানত জাপিৰ আৰ্হিত অংকন কৰা হৈছে চিত্র । সামাজিক মাধ্যমযোগে এই কথা সদৰী কৰিছে মুখ্যমন্ত্রীৰ কাৰ্যালয়ে ।

মুখ্যমন্ত্রীৰ কাৰ্যালয়ে সামাজিক মাধ্যমযোগে কয়, "অসমৰ বাবে ভাল লগা কথা যে এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বিমানত অসমৰ জাপিৰ আৰ্হিত চিত্ৰ অংকন কৰিছে ৷ যি জাপি আমাৰ অসমৰ গৌৰৱৰ অনন্য প্ৰতীক হিচাপে জিলিকি আছে । উৰণৰ সময়ত অসমৰ বাবে এটা গৌৰৱৰ মুহূৰ্ত । এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ এখন বিমানে এতিয়া গৌৰৱেৰে জাপিৰ নক্সা প্ৰদৰ্শন কৰিছে, যি ৰাজ্যখনৰ গৌৰৱক প্ৰতিফলিত কৰে । বাঁহ-বেতেৰে তৈয়াৰ কৰা পৰম্পৰাগত জাপি অসমৰ আতিথ্য আৰু সাংস্কৃতিক ঐতিহ্যৰ প্ৰতীক ।"

লক্ষণীয় বিষয় যে জাপি অসমীয়া সংস্কৃতিৰ বাহক । জাপি অসমীয়া জাতি আৰু সংস্কৃতিৰ বিশেষ প্ৰতীকৰূপে সৰ্বজনবিদিত । অসমীয়াৰ স্বাভিমানৰ প্ৰতীকৰূপে দেশ-বিদেশত জাপিৰ এক সুকীয়া পৰিচয় আছে । যিকোনো অনুষ্ঠানত এটা ফুলাম জাপিৰে অতিথিক আদৰণি জনোৱাটো অসমীয়াৰ পৰম্পৰা । অসমীয়া সংস্কৃতিৰ কোঁহে কোঁহে অন্তৰ্নিহিত হৈ আছে এই জাপিৰ মৰ্যাদা । এইবাৰ অসমীয়াৰ স্বাভিমানৰ জাপি আকাশমাৰ্গত জিলিকি উঠিছে ।

উল্লেখ্য যে এয়াৰ ইণ্ডিয়া প্ৰথমতে প্ৰখ্যাত উদ্যোগপতি প্ৰয়াত ৰতন টাটাৰ ককাকৰ মালিকানাধীন আছিল । পৰৱৰ্তী সময়ত ভাৰত চৰকাৰে ক্ৰয় কৰে টাটাৰ অধীনৰ এয়াৰ ইণ্ডিয়া । কিন্তু কিছু বছৰ পূৰ্বে ৰতন টাটাই নিজৰ ককাকৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ বাবে ভাৰত চৰকাৰৰ পৰা পুনৰ এয়াৰ ইণ্ডিয়া ক্ৰয় কৰি লয় । বৰ্তমান টাটা গ্ৰুপৰ দ্বাৰা পৰিচালিত হৈ আহিছে এয়াৰ ইণ্ডিয়া ।

লগতে পঢ়ক :দীপৰ বিলত অবৈধ নিৰ্মাণ-মাটি পেলোৱাৰ বিৰুদ্ধে কঠোৰ ন্যায়ালয় - DEEPOR BEEL
লগতে পঢ়ক :মানুহে মানুহৰ বাবে ভাবিবলৈ সময় নোহোৱা পৰত পশু-পক্ষীৰ সেৱাত ব্ৰতী মানুহজন - NATURE LOVER BHARAT BORA

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.