ETV Bharat / sports

খো খো বিশ্বকাপত ইতিহাস ৰচিলে ভাৰতে - KHO KHO WORLD CUP 2025

খো খো বিশ্বকাপৰ প্ৰথমটো ছিজনত ভাৰতৰ পুৰুষ আৰু মহিলা দলৰ খিতাপ জয় ।

Kho Kho World Cup 2025
খো খো বিশ্বকাপত ইতিহাস ৰচিলে ভাৰতে (ANI)
author img

By ANI

Published : Jan 20, 2025, 10:40 AM IST

নতুন দিল্লী : এইবাৰ পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে খো খো বিশ্বকাপ । খো খো বিশ্বকাপৰ প্ৰথমটো ছিজন ভাৰতে আয়োজন কৰিছে । এই উদ্বোধনী খো খো বিশ্বকাপত ভাৰতে ইতিহাস ৰচনা কৰিলে । পুৰুষ আৰু মহিলা উভয়তে ভাৰতে বিশ্বকাপৰ খিতাপ দখল কৰিবলৈ সক্ষম হয় । নতুন দিল্লীত অনুষ্ঠিত এক ৰোমাঞ্চকৰ ফাইনেলত নেপালক ৭৮-৪০ গ'লত পৰাস্ত কৰি উদ্বোধনী খো খো বিশ্বকাপ জয় কৰে ভাৰতীয় মহিলা খো খো দলে । এই স্মৰণীয় বিজয়ে ভাৰতক বিশ্বৰ খো খো মঞ্চৰ শীৰ্ষত ৰাখিবলৈ সক্ষম হৈছে । লগতে খো খোক অলিম্পিকলৈ লৈ যোৱাৰ সপোনকো অনুপ্ৰাণিত কৰিছে ।

খো খো মহিলা দলৰ খিতাপ জয়

দেওবাৰে বিশ্বকাপৰ ফাইনেলত ঐতিহাসিক বিজয়ৰ পিছতে অধিনায়ক প্ৰিয়ংকা ইংলেয়ে আনন্দ প্ৰকাশ কৰে । তেওঁ কয়,"মই বহুত সুখী । যেতিয়া মোক অধিনায়ক হিচাপে বাছনি কৰা হৈছিল, মই খুব গৌৰৱান্বিত অনুভৱ কৰিছিলো । এয়া ইতিহাসৰ পৃষ্ঠাত লিখা থাকিব যে মই বিশ্বকাপ জয় কৰা প্ৰথম অধিনায়ক । আমাৰ পৰৱৰ্তী লক্ষ্য হৈছে কমনৱেলথ গেমছ, এছিয়ান গেমছ আৰু আটাইতকৈ ডাঙৰ সপোন হৈছে খো খোক ২০৩৬ চনৰ অলিম্পিকত স্থান দিয়া । আমাৰ ফেডাৰেশ্যনে ইয়াৰ বাবে বহুত কঠোৰ পৰিশ্ৰম কৰি আছে । নেপালৰ দলটোও খুব ভাল আছিল আৰু আমি তেওঁলোকৰ বিৰুদ্ধে খেলি আনন্দ পাইছো । তেওঁলোকে সঁচাকৈয়ে কঠোৰ পৰিশ্ৰম কৰিছিল ।"

Kho Kho World Cup 2025
অধিনায়ক প্ৰিয়ংকা ইংলে (ANI)

প্ৰবীণ খেলুৱৈ নাছৰিন শ্বেখে বিজয়ৰ তাৎপৰ্য আৰু ভৱিষ্যতৰ বাবে তেওঁৰ পৰিকল্পনা সন্দৰ্ভত কয়, "আমাৰ খেলখন আমাৰ দেশৰ ৰাজধানীত দিল্লীত খেলা হৈছিল আৰু আমি ইয়াত জয়ী হৈছিলো । এই দলটোত পুৰণি অধিনায়ক আৰু যুৱ অধিনায়কে একেলগে নেতৃত্ব দিছিল, যিটো ভাল আছিল । মোৰ এটা সপোন আছে যে খো খো অলিম্পিকত স্থান পাওক । এতিয়া মই আন্তৰ্জাতিক খেলৰ পৰা অৱসৰ ল'ব বিচাৰো । মই সদায় বিশ্বকাপত অংশগ্ৰহণ কৰিব বিচাৰিছিলো আৰু দেশৰ বাবে এটা পদক জিকিব বিচাৰিছিলো । আজি মোৰ সেই সপোন পূৰণ হৈছে ।"

খো খো পুৰুষ দলৰো খিতাপ জয়

মহিলাৰ সমান্তৰালকৈ ভাৰতৰ পুৰুষ দলেও খো খো বিশ্বকাপৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে । বিজয়ী দলটোক নেতৃত্ব দিছিল প্ৰতীক ৱাইকাৰে । অধিনায়ক প্ৰতীক ৱাইকাৰৰ আকৰ্ষণীয় প্ৰদৰ্শন আৰু টুৰ্ণামেণ্ট ষ্টেণ্ড আউট হোৱা ৰামজী কাশ্যপৰ নেতৃত্বত মেন ইন ব্লুয়ে নেপালৰ বিৰুদ্ধে ফাইনেলত ৫৪-৩৬ ৰ কমাণ্ডিং বিজয়েৰে আধিপত্য বিস্তাৰ কৰে । এই বিজয়ৰ পিছত সংবাদ মাধ্য়মৰ সন্মুখত ৱাইকাৰে কয়, "এই অনুভৱে মোক আনন্দিত কৰে যে মই প্ৰথম বিশ্বকাপ বিজয়ী অধিনায়ক । এই বিজয় দলটোৰ, সকলোকে কৃতিত্ব দিব বিচাৰো । তেওঁলোকে সঁচাকৈয়ে কঠোৰ পৰিশ্ৰম কৰিছে আৰু উৎকৃষ্ট প্ৰদৰ্শন কৰিছে ।"

Kho Kho World Cup 2025
অধিনায়ক প্ৰতীক ৱাইকাৰ (ANI)

ৱাইকাৰে কয়, "যেতিয়া আজি মই পুৱা সাৰ পাইছিলো, তেতিয়া ককাদেউতাৰ ফোন পাইছিলো আৰু তেওঁ যথেষ্ট আৱেগিক আছিল । এয়া যথেষ্ট অবাস্তৱ । আমি দেখুৱাব বিচৰা আধিপত্য, আমি এয়া কৰিব পাৰো । নেপালেও ভাল খেলিছিল । আমি আমাৰ ৰণনীতিত অটল আছিলো, ইয়াক ভালদৰে সম্পাদন কৰিছিলো আৰু কাপটো জয় কৰিছিলো । মই এই অভিযানক কেতিয়াও পাহৰিব নোৱাৰিম । মই মোৰ আইডল কপিল দেৱ, এম এছ ধোনী, ৰোহিত শৰ্মা আৰু লিয়োনেল মেছিক বিশ্বকাপ উত্তোলন কৰা দেখিছো ।"

প্ৰধানমন্ত্ৰীৰ শুভেচ্ছাবাৰ্তা

ইফালে পুৰুষ আৰু মহিলা দলৰ এই ঐতিহাসিক সফলতাত আনন্দিত সমগ্ৰ দেশবাসী । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ভাৰতীয় দুয়োটা দলকে অভিনন্দন জনাইছে । প্ৰধানমন্ত্ৰীয়ে টুইটত লিখিছে,"ভাৰতীয় খো খোৰ বাবে আজিৰ দিনটো এক মহান দিন । ভাৰতীয় পুৰুষৰ দলে খো খো বিশ্বকাপ খিতাপ জয় কৰাৰ বাবে গৌৰৱান্বিত । তেওঁলোকৰ দৃঢ়তা আৰু নিষ্ঠা প্ৰশংসনীয় । এই জয়ে যুৱসকলৰ মাজত খো খোক অধিক জনপ্ৰিয় কৰাত অৰিহণা যোগাব ।"

লগতে পঢ়ক :১৯ অনুৰ্ধ মহিলা টি-২০ বিশ্বকাপ খেলৰ লাইভ ষ্ট্ৰীমিং কেতিয়া আৰু ক'ত চাব ? - ICC U19 WOMEN T20 WORLD CUP 2025

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.