ETV Bharat / technology

কমেণ্ট কৰিও ইনষ্টাগ্ৰামৰ পৰা উপাৰ্জন কৰিব পাৰিব হাজাৰ হাজাৰ টকা ! - EARN MONEY FROM INSTAGRAM

ভিডিঅ’ ক্ৰিয়েটৰৰ বাবে ইনষ্টাগ্ৰামত মুকলি হৈছে ‘testimonials’ নামৰ এক নতুন বৈশিষ্ট্য । য'ত কন্টেন্ট ক্ৰিয়েটৰসকলে যিকোনো পৰ্যালোচনাৰ ওপৰত মন্তব্য কৰি উপাৰ্জন কৰিব পাৰে ।

instagram-launches-testimonials-allowing-creators-to-earn-through-written-endorsements-in-assamese
কমেণ্ট কৰিও ইনষ্টাগ্ৰামৰ পৰা উপাৰ্জন কৰিব পাৰিব হাজাৰ হাজাৰ টকা ! (Instagram)
author img

By ETV Bharat Tech Team

Published : Feb 22, 2025, 5:10 PM IST

হায়দৰাবাদ: ছ'চিয়েল মিডিয়া চাইট ইনষ্টাগ্ৰামত এটা নতুন বৈশিষ্ট্য সংযোজন কৰা হৈছে ৷ testimonials নামৰ বৈশিষ্ট্যটোৰ এটা বিজ্ঞাপন ইতিমধ্যে ইনষ্টাগ্ৰামত দেখা গৈছে ৷ এই বৈশিষ্ট্যই কন্টেন্ট ক্ৰিয়েটৰসকলক উপাৰ্জনৰ অধিক সুযোগ প্ৰদান কৰিব ৷ ইনষ্টাগ্ৰামত বিজ্ঞাপনৰ বাবে এই নতুন বৈশিষ্ট্যটোক 'testimonials' বুলি কোৱা হৈছে, যাৰ জৰিয়তে ভিডিঅ' আপলোড আৰু কমেন্ট কৰি টকা উপাৰ্জন কৰিব পাৰিব ৷

এই নতুন বৈশিষ্ট্যৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে পূৰ্বতকৈ অধিক আৰু সহজে ধন উপাৰ্জন কৰিব পাৰিব । এই বৈশিষ্ট্যৰ জৰিয়তে কন্টেন্ট ক্ৰিয়েটৰসকলে বিজ্ঞাপনৰ বাবে ধন দিয়াৰ পৰিৱৰ্তে ভিডিঅ’টোত মন্তব্য কৰিলে ধন লাভ কৰিব ।

Testimonials ৰ সৈতে বিজ্ঞাপনৰ সন্দৰ্ভত, ইনষ্টাগ্ৰামে এই নতুন বৈশিষ্ট্যৰ বিষয়ে এটা মেটা ব্লগ পোষ্টত বিজ্ঞাপনৰ বিন্যাসৰ বিশদ বিৱৰণ দিছিল ৷ নতুন বিজ্ঞাপনৰ বিন্যাস কেৱল টেক্সট-ভিত্তিক । পোষ্টটোৰ মতে, testimonials (প্ৰডাক্ট ৰিভিউ) হ’ব এটা চুটি বিষয়বস্তু য’ত এটা প্ৰডাক্টৰ প্ৰচাৰ কেৱল শব্দৰ জৰিয়তে কৰা হ’ব ৷ ইয়াত কম সময় লাগিব ।

বিজ্ঞাপন 125 টা আখৰেৰে লিখিব লাগে

ভিডিঅ' ক্ৰিয়েটৰসকলে এটা নিৰ্দিষ্ট সামগ্ৰী বা ব্ৰেণ্ড প্ৰচাৰৰ বাবে 125 টা আখৰতকৈ কম বাৰ্তা লিখিব পাৰে ৷সেই মন্তব্য নিজ নিজ ব্ৰেণ্ডৰ সামগ্ৰীৰ বাবে কৰিব লাগে ব্ৰেণ্ডে সংস্থাৰ নিয়ম অনুসৰি বিবেচনা আৰু অনুমোদন কৰিব । সেই বাৰ্তাটো নিজ নিজ কন্টেন্ট ক্ৰিয়েটৰৰ পেজত চাব পাৰিব পৃষ্ঠপোষক টেগটো মন্তব্যত পিন কৰা হ'ব । ইয়াৰ দ্বাৰা নাগৰিকে বুজিব পাৰিব যে মন্তব্যটোৱে কোনো সামগ্ৰী বা ব্ৰেণ্ডৰ প্ৰচাৰ কৰিছে ।

এই প্ৰসংগতেই মেটাই দাবী কৰিছে যে তেওঁলোকৰ মুঠ ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীৰ 40 শতাংশই ব্যক্তিগত ক্ৰয় কৰিবলৈ কন্টেন্ট ক্ৰিয়েটৰৰ ৰিভিউৰ ওপৰত নিৰ্ভৰ কৰে । এই কাৰণেই মেটাই ইনষ্টাগ্ৰামত ক্ৰিয়েটৰসকলৰ বাবে ব্ৰেণ্ডৰ সৈতে বিজ্ঞাপন অংশীদাৰিত্ব কৰাৰ এক নতুন উপায় প্ৰৱৰ্তন কৰিছে । যাৰ বাবে এতিয়া ক্ৰিয়েটৰসকলে কমেন্ট কৰি উপাৰ্জন কৰিব পাৰিব ।

লগতে পঢ়ক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.