কাজিৰঙাত কেমেৰাৰ সন্মুখত বনৰজাৰ চিকাৰ - KAZIRANGA NATIONAL PARK
🎬 Watch Now: Feature Video


Published : Jan 18, 2025, 11:57 AM IST
কাজিৰঙা : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বনৰজাৰ বাহাদুৰি । চকুৰ পলকতে আঁজুৰি আনিলে চিকাৰ । আপোন মনে ঘাঁহ খাই থকা এজাক হৰিণাৰ মাজৰ পৰা থপিয়াই আনিলে এটা হৰিণা পোৱালি । মুখত চিকাৰ লৈ পানীৰ মাজেৰে গম্ভীৰ গতিৰে আগবাঢ়িল ঢেঁকীয়াপতীয়া । মোবাইলৰ কেমেৰাত বন্দী হ'ল এই সমগ্ৰ দৃশ্য ।
ৰাষ্ট্ৰীয় উদ্যানখনৰ কঁহৰা বনাঞ্চলৰ কাঠপাৰাত বনৰজা দৰ্শনৰ বাবে আগ্ৰহেৰে অপেক্ষাত থকা পৰ্যটকৰ সন্মুখত বনৰজাই দেখা দিলে এই বিশেষ ভংগীমাৰে । প্ৰায় ১০ মিনিট ধৰি ঢেঁকীয়াপতীয়াই চিকাৰ কৰাৰ দৃশ্য উপভোগ কৰি আনন্দিত পৰ্যটকসকল । টুৰিষ্ট গাইড শিশুকান্ত নাথৰ কেমেৰাত বন্দী হোৱা এই বিৰল দৃশ্যৰ প্ৰত্যক্ষদৰ্শী হ'ল চেন্নাইৰ পৰা কাজিৰঙা দৰ্শনৰ বাবে অহা এটা পৰ্যটকৰ দল ।
শেহতীয়াকৈ কাজিৰঙাত ঢেঁকীয়াপতীয়া প্ৰত্যক্ষ কৰি আপ্লুত হৈছে পৰ্যটকসকল । সুন্দৰবন, ৰণথাম্বৰ আদি টাইগাৰ ৰিজাৰ্ভত বাঘ নেদেখি বিফল হৈ পৰ্যটকসকল কাজিৰঙালৈ আহি শুকুৰবাৰে সাক্ষী হ'ল কাজিৰঙাত বাঘ বিচৰণৰ বিশেষ মুহূৰ্তৰ ।
উল্লেখ্য যে কিছুদিন পূৰ্বে একেজন টুৰিষ্ট গাইড শিশুকান্ত নাথৰ কেমেৰাত একে স্থানতে বন্দী হৈছিল এজনী বাঘিনীৰ সৈতে তিনিটা পোৱালি । পোৱালিকেইটাৰ মাজত এটা সোণালী পোৱালি থকাৰ কথাও উল্লেখ কৰিছে টুৰিষ্ট গাইডজনে । সম্ভৱতঃ উক্ত পোৱালি তিনিটাৰ আহাৰৰ বাবেই হৰিণা পোৱালিটো চিকাৰ কৰিলে বাঘিনীয়ে ।