মৰাণ: ২০০ বছৰীয়া চাহ জনগোষ্ঠীৰ সংস্কৃতি ঝুমুৰ নৃত্যক বিশ্ববাসীৰ মাজলৈ লৈ যোৱাৰ বাবে ৯ হাজাৰৰো অধিক শিল্পী সাজু হোৱাৰ সময়তেই চাহ শ্ৰমিকৰ উত্তাল প্ৰতিবাদ । অসম সংগ্ৰামী চাহ শ্রমিক সংঘৰ লাক্ৰিবাম চাহ বাগিচা শাখাৰ উদ্যোগত সোমবাৰে টিংখাঙত শ্রমিকসকলে প্ৰাপ্য়ৰ দাবীত জনালে প্ৰতিবাদ ।
দৰমহা নাপাই শ্ৰমিকৰ প্ৰতিবাদ :
"ঝুমইৰ বিনন্দিনী"ৰে সৰুসজাই ষ্টেডিয়াম মুখৰিত হোৱাৰ সময়তেই ডিব্ৰুগড় জিলাৰ টিংখাঙত সোমবাৰে দেখা গ'ল চাহ শ্ৰমিকৰ প্ৰতিবাদ । অসমৰ দুশ বছৰীয়া চাহ উদ্যোগ উজ্জীৱিত কৰা মূল চালিকা শক্তিয়েই হ'ল চাহ শ্ৰমিকসকল । কিন্তু চাহ শ্ৰমিকৰ সমস্যাৰ যেন অন্ত নাই । চাহ শ্ৰমিকক লৈ চৰকাৰে বিভিন্ন আঁচনি আৰু কাৰ্যসূচী ঘোষণা কৰাৰ সময়তেই দৰমহা নাপাই শ্ৰমিকে সাব্যস্ত কৰিলে প্ৰতিবাদ ।

আজি অসম সংগ্ৰামী চাহ শ্রমিক সংঘৰ লাক্ৰিবাম চাহ বাগিচা শাখাৰ উদ্যোগত টিংখাঙৰ লাক্ৰিবাম বাগিচাৰ শ্রমিকসকলে লাক্ৰিবাম চাৰিআলিত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । এণ্ড্ৰিউ য়ুল কোম্পানীৰ অধীনত থকা বাগিচাখনৰ শ্ৰমিকসকলে বিগত তিনিমাহ ধৰি লাভ কৰা নাই মজুৰি । সেয়ে আজি চকুলো টুকি প্ৰতিবাদ সাব্যস্ত কৰিলে শ্ৰমিকসকলে । তিনি মাহৰ দৰমহা নোপোৱাকৈ পেটত ভোক লৈ ঝুমুৰৰ আনন্দ কেনেকৈ উপভোগ কৰিম বুলি প্ৰশ্ন উত্থাপন কৰিছে ক্ষুব্ধ শ্ৰমিকসকলে ।
ভোকত থাকি কেনেকৈ সংস্কৃতি ৰক্ষা কৰিব :
প্ৰতিবাদী কাৰ্যসূচী সাব্যস্ত কৰি ক্ষুব্ধ চাহ শ্ৰমিকে কয়, "বাগিচাৰ কৰ্তৃপক্ষই চাহ শ্ৰমিকৰ সমস্যা সমাধান হ'ব বুলি দাবী কৰি আহিছিল যদিও সমস্যাৰ সমাধান নহ'ল । তিনি মাহৰ দৰমহা লাভ কৰা নাই শ্ৰমিকসকলে । এবাৰ দৰমহা নাপালেই সমস্যা হয়, তেনেস্থলত তিনিবাৰ দৰমহা নাপালে কেনেকুৱা সমস্যা হ'ব সেই কথা সকলোৱে বুজি পাইছে । সাংস্কৃতিক ক্ষেত্ৰত আগুৱাই নিছে সেইটো ভাল হৈছে, কিন্তু ভোকত থাকি কেনেকৈ সংস্কৃতি ৰক্ষা কৰিব ?"