ETV Bharat / state

তিতাবৰত ভয়ংকৰ পথ দুৰ্ঘটনাত শিশুসহ আহত ২৪ - JORHAT ROAD ACCIDENT

তিতাবৰ-গোলাঘাট সংযোগী ঐতিহাসিক ধোদৰ আলি পথত যাত্ৰীবাহী বাছ-এক্সকেভেটৰৰ সংঘৰ্ষ ।

Road Accident in Jorhat
যাত্ৰীবাহী বাছ-এক্সকেভেটৰৰ সংঘৰ্ষ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Feb 24, 2025, 7:38 PM IST

যোৰহাট : যোৰহাট জিলাৰ তিতাবৰত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা । জিলাখনৰ তিতাবৰ-গোলাঘাট সংযোগী ঐতিহাসিক ধোদৰ আলি পথৰ বিলগাঁৱত সোমবাৰে এই ভয়াৱহ দুৰ্ঘটনাটো সংঘটিত হয় । দুৰ্ঘটনাটোত আহত হৈছে শিশুসহ ২৪ গৰাকী যাত্ৰী ।

কেনেকৈ সংঘটিত হ'ল দুৰ্ঘটনাটো ?

যাত্ৰীবাহী বাছ-এক্সকেভেটৰৰ সংঘৰ্ষ (ETV Bharat Assam)

ঘটনাৰ বিৱৰণি অনুসৰি মৰিয়নী দিশৰ পৰা গোলাঘাটলৈ গৈ থকা AS-03 AC 0367 নম্বৰৰ যাত্ৰীবাহী বাছখন বিপৰীত দিশ পৰা অহা AR 01J 9517 নম্বৰৰ এক্সকেভেটৰখনৰ সৈতে সংঘৰ্ষত পতিত হয় । এক্সকেভেটৰখনে যাত্ৰীবাহী বাছখনত প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলত পথৰ পৰা বাগৰি পৰে বাছখন । ফলত যাত্ৰীবাহী বাছখনত থকা শিশুসহ ২৪ গৰাকী যাত্ৰী গুৰুতৰভাৱে আহত হয় ।

এই ঘটনাত গুৰুতৰভাৱে আহতসকলক ততাতৈয়াকৈ তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । ইয়াৰে ২১ গৰাকী যাত্ৰীৰ আঘাত গুৰুতৰ হোৱা বাবে তেওঁলোকক ততাতৈয়াকৈ যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় । তিতাবৰ আসামৰিক চিকিৎসালয়ৰ অধীক্ষক ৰাজীৱ বৰাই এই আহতসকলৰ বিষয়ে উল্লেখ কৰি কয়, "এই দুৰ্ঘটনাত আহতসকলৰ মাজত শিশুও আছে । যাত্ৰীবাহী বাছখনৰ চালক আৰু এগৰাকী মহিলাৰ অৱস্থা সংকটজন । তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন তিনিজনক ঘৰলৈ যাবলৈ দিয়াৰ বিপৰীতে ২১ গৰাকী আহতক যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে ।"

প্ৰত্য়ক্ষদৰ্শীৰ ভাষ্য় :

আনহাতে, এই ঘটনাৰ প্ৰত্যক্ষদৰ্শী এজনে কয়,"উক্ত দুৰ্ঘটনাত আহতসকলৰ ভিতৰত কেইবাজনৰ অৱস্থা সংকটজনক । এই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছত এক্সকেভেটৰখনৰ চালকজনে পলাবলৈ চেষ্টা কৰিছিল যদিও তেওঁক আটক কৰি আৰক্ষীক গতাই দিয়া হৈছে ।"

লগতে পঢ়ক:গাড়ী দুৰ্ঘটনাত পতিত প্ৰাক্তন ভাৰতীয় অধিনায়ক সৌৰভ গাংগুলী - SOURAV GANGULY CAR ACCIDENT

মৰ্মান্তিক; চয়াবিন প্ৰস্তুত কৰা মেচিনত জীৱন্তে সোমাই গ'ল কৰ্মচাৰী - DERGAON SOYABEAN FACTORY ACCIDENT

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.