আৰক্ষী-নিৰাপত্তাৰক্ষীৰে ভৰিছে ৰূপহীহাট, অনুমতি বাতিল কংগ্ৰেছ সভাৰ - ATTACK ON MP RAKIBUL HUSSAIN

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Feb 23, 2025, 2:32 PM IST

চামগুৰি: নগাঁৱৰ ৰূপহীহাটৰ নতুন বজাৰত কংগ্ৰেছৰ এখনি কৰ্মী সভাত অংশগ্ৰহণৰ বাবে যোৱাৰ পথত বৃহস্পতিবাৰে সাংসদ ৰকিবুল হুছেইনক একাংশ দুৰ্বৃত্তই আক্ৰমণ কৰা ঘটনাৰ বিৰুদ্ধে দেওবাৰে ৰূপহীহাটৰ কংগ্ৰেছ কৰ্মীয়ে আয়োজন কৰা সভাত বাধা প্ৰদান কৰে প্ৰশাসনে । দেওবাৰে সাংসদ ৰকিবুল হুছেইন আৰু প্ৰদ্যুৎ বৰদলৈৰ উপস্থিতিত অনুষ্ঠিত হ'বলগীয়া সভা অনুষ্ঠিত হোৱাৰ পূৰ্বেই সভাখনৰ কোনো অনুমতি নথকা বুলি মাইকযোগে ঘোষণা কৰে আৰক্ষীয়ে । লগতে অনুমতিবিহীন সভাখনত ৰাইজক অংশগ্ৰহণৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায় স্থানীয় আৰক্ষীয়ে ।

কংগ্ৰেছৰ সভাখনৰ অনুমতি নথকাৰ কথা উল্লেখ কৰি সভাখনত উপস্থিত হোৱা লোকক বেআইনী ঘোষণা কৰি আইন মতে বিহীত ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও ঘোষণা কৰে আৰক্ষী প্ৰশাসনে । আৰক্ষীৰ এই ঘোষণাৰ পাছতেই ৰূপহীহাট কংগ্ৰেছ মহলত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । ৰূপহীহাটৰ হাতীপুখুৰী মণ্ডল কংগ্ৰেছৰ উদ্যোগত আহ্বান কৰা সভাৰ অনুমতি অইন শৃংখলাজনিত কাৰণত প্ৰশাসনে বাতিল কৰে । সম্প্ৰতি ৰূপহীহাট, চাইদৰীয়া আদি স্থানত পৰ্যপ্ত আৰক্ষী, নিৰাপত্তাৰক্ষী মোতায়ন কৰিছে জিলা প্ৰশাসনে ।

লগতে পঢ়ক: ৰকিবুল হুছেইনৰ তদন্ত প্ৰক্ৰিয়াত ব্যাঘাত জন্মাৰ শংকা মুখ্যমন্ত্ৰীৰ; কিন্তু কিয় ? - CM ON RAKIBUL HUSSAIN ATTACK

মুখ্যমন্ত্ৰীয়ে পৈশাচিক আনন্দ লৈছে, মই শেষ নিশ্বাস থকালৈকে যুঁজি যাম: ৰকিবুল হুছেইন - ATTACK ON MP RAKIBUL HUSSAIN

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.