ETV Bharat / state

গীতাশ্ৰী তামুলীয়ে চাকৰি লাভৰ ক্ষেত্ৰত কোন মন্ত্ৰী-বিধায়কে বাধা দিছিল ? ক'লে অখিল গগৈয়ে - AKHIL GOGOI CHALLENGES ASSAM CM

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু বিধায়ক অখিল গগৈৰ অভিযোগ-প্ৰতিঅভিযোগে লৈছে অন্য় ৰূপ ।

Akhil Gogoi reacts to Himanta Biswa Sarma remarks
মুখ্যমন্ত্ৰীৰ মন্তব্য়ত প্ৰতিক্ৰিয়া অখিল গগৈৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Feb 23, 2025, 5:05 PM IST

গুৱাহাটী: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু বিধায়ক অখিল গগৈৰ মাজত বিগত কেইবাদিন ধৰি চলি থকা বাক্ যুদ্ধ তুংগত উঠিছে । কালি অখিল গগৈৰ পত্নী ড৹ গীতাশ্ৰী তামুলীৰ চাকৰি আৰু নিজৰাপাৰৰ ঘৰৰ তদন্ত বিধায়কগৰাকীয়ে নিজেই কৰিব লাগিব বুলি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য় কৰাৰ পিচতেই আজি পুনৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে অখিল গগৈ ।

মুখ্যমন্ত্ৰীৰ মন্তব্য়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়ক অখিল গগৈয়ে কয়, "গীতাশ্ৰী তামুলীয়ে চাকৰি লাভৰ ক্ষেত্ৰত বাধা দিছিল সেই সময়ৰ শিক্ষামন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, বিধায়ক জয়ন্ত মল্লবৰুৱা আৰু পীযুষ হাজৰীকাই ।" দেওবাৰে নিজৰাপাৰৰ বাসগৃহত বিধায়ক অখিল গগৈয়ে সংবাদমেল সম্বোধন কৰি কয়, "২০ ফেব্ৰুৱাৰীত অসম বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মোৰ পত্নী তথা বি বৰুৱা কলেজৰ সহকাৰী অধ্যাপিকা ড৹ গীতাশ্ৰী তামুলীৰ নিযুক্তি আৰু নিজৰাপাৰৰ বাসগৃহৰ ভূমি সন্দৰ্ভত বিতৰ্কিত কথা কৈছিল । গীতাশ্ৰী তামুলীৰ চাকৰিৰ নিযুক্তি অবৈধ আৰু চেন্দেল পিন্ধা আন্দোলনকাৰীয়ে কেনেদৰে চানমাৰিত মাটি কিনিব পাৰে বুলি বিধানসভাৰ মজিয়াত গুৰুতৰ অভিযোগ আনিছিল । মই প্ৰত্যাহ্বান জনাইছিলো । তেওঁ প্ৰত্যাহ্বান গ্ৰহণ কৰিছিল ।"

মুখ্যমন্ত্ৰীৰ মন্তব্য়ত প্ৰতিক্ৰিয়া অখিল গগৈৰ (ETV Bharat Assam)

গীতাশ্ৰী তামুলীক গ্ৰেপ্তাৰ কৰক:

২১ ফেব্ৰুৱাৰীত গীতাশ্ৰী তামুলীয়ে উচ্চ শিক্ষা সঞ্চালকালয়ৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ চিঠি পঠিয়াই মুখ্যমন্ত্ৰীক গীতাশ্ৰী তামুলীৰ নিযুক্তিৰ তদন্ত কৰিবলৈ প্ৰত্যাহ্বান জনোৱা হৈছিল বুলি উল্লেখ কৰি বিধায়কগৰাকীয়ে কয়, "কালি মুখ্যমন্ত্ৰীয়ে ক'লে আমি নিজে তদন্ত কৰিব লাগে । নৈতিকতাৰ প্ৰশ্ন বুলি ক'লে । আনহাতে, চানমাৰিৰ নিজৰাপাৰৰ ঘৰটো অখিল গগৈৰ নহয়,গীতাশ্ৰী তামুলীয়ে ঋণ লৈ কিনিছিল ঘৰ । ৩ টা কোঠাযুক্ত এটা সৰু ঘৰৰ দৰে আজিৰ দিনত কোনো বিধায়কৰ নাই । যদি চাকৰিত খেলিমেলি হৈছে তেন্তে গীতাশ্ৰী তামুলীক চাকৰিৰ পদৰ পৰা অব্যাহতি দিয়ক । যদি কেলেংকাৰী কৰিছে তেন্তে গীতাশ্ৰী তামুলীক গ্ৰেপ্তাৰ কৰক ।"

চাৰিজনীয়া শিক্ষাবিদৰ বোৰ্ডে নিযুক্তি দিছিল বুলি উল্লেখ কৰি তেওঁ পুনৰ কয়, "নিযুক্তি বোৰ্ডৰ সদস্য আছিল টাবুৰাম টাইড । টাবুৰাম টাইড কেনে এজন সন্মানীয় ব্যক্তি সেয়া সকলোৱে জানে । দ্বিতীয়জন সদস্য আছিল সৰুপথাৰৰ বিশ্বেশ্বৰ হাজৰিকা । বিশ্বেশ্বৰ হাজৰিকাই অসমীয়া ভাষাৰ ওপৰত কাম কৰা এজন পণ্ডিত আছিল । তৃতীয়জন সদস্য আছিল ড৹ গোলোকেশ্বৰ গোস্বামী আৰু চতুৰ্থ জন সদস্য আছিল লীলাৱতী শইকীয়া বৰা । তিনিদিন ধৰি সাক্ষাৎকাৰ হৈছিল । তাৰ পিছত চাকৰিৰ বাবে নিৰ্বাচিত হোৱাৰ পিছতো যোগদান কৰিব দিয়া হোৱা নাছিল । তদন্তৰ বাবে বি বৰুৱাৰ ফাইলবোৰ বি বৰুৱাৰ পৰা লৈ গ'ল । তাৰ পিছত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ওচৰত নিযুক্তিৰ ফাইলটো গৈ পোৱাৰ পিছত তেওঁ কোনো আপত্তি নাই বুলি ক্লীনশ্বীট দিছিল ।"

যোগ্যতাৰ ভিত্তিত চাকৰি পাইছে গীতাশ্ৰী তামুলীয়ে :

গীতাশ্ৰী তামুলীয়ে কাকো অনুগ্ৰহ কৰি চাকৰি পোৱা নাই বুলি মন্তব্য় কৰি বিধায়কগৰাকীয়ে কয়, "নিজৰ যোগ্যতাৰ ভিত্তিত চাকৰি পাইছে । এতিয়া ইমানৰ পিছতো নিজে নিজৰ তদন্ত কৰি নৈতিকতাৰ পৰিচয় দিবলৈ হিমন্ত বিশ্ব শৰ্মাই কৈছে । তেওঁ নিজে শিকাই দিয়ক কেনেকৈ নিজে নিজৰ তদন্ত কৰিব লাগে । টাডা গোচৰ, সাৰদা, লুইছ বাৰ্জাৰ, উত্তৰ কাছাৰ পাৰ্বত্য কেলেংকাৰীকে ধৰি তেওঁৰ বিৰুদ্ধে থকা গোচৰসমূহৰ তদন্ত তেওঁ নিজে কৰি যদি নৈতিকতাৰ পৰিচয় দিছে তেন্তে নাজানো ।"

মুখ্যমন্ত্ৰীক প্ৰাৰ্থনা অখিল গগৈৰ :

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ অখিল গগৈয়ে পুনৰ কয়, "প্ৰভু, আপোনাৰ কথাই শেষ কথা । আপুনি কোৱা কথাই ভগৱানৰ বাক্য । আপুনি ৰজা, আমি প্ৰজা । এতিয়া অভিযুক্তইহে তদন্তকাৰী বিষয়া হৈছে । বিপৰীতে তদন্তকাৰী বিষয়াই কৈছে তুমি নিজে তদন্ত কৰি লোৱা, মোৰ ওচৰলৈ নাহিবা । Challenge Accepted বুলি বৰমতা দেখুৱাই এতিয়া নেগুৰ পেলাই দিলে মুখ্যমন্ত্ৰীয়ে । বি বৰুৱা কলেজৰ দৰে ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠানক কিয় বদনামী কৰিছে মুখ্যমন্ত্ৰীয়ে ? যদি বি বৰুৱা কলেজত গীতাশ্ৰী তামুলীয়ে দুই নম্বৰী কৰি নিযুক্তি লাভ কৰাৰ কথা সেই সময়ৰ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জানিছিল, তেন্তে তেওঁ নিজে পদত্যাগ কৰিব লাগিছিল । "

মনে মনে থকা মানুহ নহয় বুলি কিয় ক'লে অখিল গগৈয়ে :

তেওঁ পুনৰ কয়, "মূল ইচ্ছ্যুটো আছিল হিমন্ত বিশ্ব শৰ্মাই নিজে ব্যক্তিগত বিদ্যালয় খুলি লোৱা, মুখ্যমন্ত্ৰীয়ে পত্নীৰ নামত অগাধ সম্পত্তি গঢ়া বিষয়টো । মই এতিয়ালৈকে মুখ্যমন্ত্ৰীৰ পত্নী আৰু পৰিয়ালৰ বিষয়ত সোমোৱা নাই । যিদিনা মুখ্যমন্ত্ৰীৰ পত্নী আৰু পৰিয়ালৰ সম্পত্তিৰ প্ৰশ্ন লৈ যাম তেতিয়া হিমন্ত বিশ্ব শৰ্মাই গাঁত খান্দি লুকাই থাকিব লাগিব । শিৱসাগৰৰ উন্নয়ন স্থবিৰ হয় বুলিহে আজিকালি ঢিলা কৈ কথা কৈ আছো । নহ'লে মনে মনে থকা মানুহ নহয় । শিৱসাগৰৰ ৰাইজ মোক জে’লত থকাৰ সময়ত বিধায়ক হিচাপে জিকাই পঠাইছে । শিৱসাগৰৰ উন্নয়ন স্থবিৰ হ'লে ৰাইজে মোক অভিশাপ দিব । তাৰ পিছতো যদি চেলেঞ্জ কৰে তেন্তে মই মুখ খুলিম, তেতিয়া মুখ্যমন্ত্ৰীয়ে থাকিব নোৱাৰিব । তেওঁৰ দৰে আমি বদমাচ নহয় । সেইকাৰণে প্ৰত্যাহ্বান গ্ৰহণ কৰিব পাৰো ।"

তৰুণ গগৈও ধোৱা তুলসীৰ পাত নহয় :

চানমাৰিৰ ঘৰটোৰ প্ৰসংগত অখিল গগৈয়ে কয়, "সাংবাদিকসকলে ভিডিঅ' কৰি দেখুৱাওক । এই সৰু ঘৰটো এখন কলেজৰ অধ্যাপিকাই কিনিব পাৰে নে নোৱাৰে চাওক । মুখ্যমন্ত্ৰীয়ে হাঁহৰ দৰে বোকাতে থাকে অথচ বোকা নালাগে বুলি কয় । বিষয় আছিল এ পি এছ চিৰ চাকৰিৰ কেলেংকাৰীত হিমন্ত বিশ্ব শৰ্মাৰ মানুহে নিযুক্তি পাইছিল । নিউজ লাইভৰ বহু মানুহক চাকৰি দিছিল । যদিও বিৰোধী ঐক্যত আছো তথাপিও ক'ম, তৰুণ গগৈও এই কেলেংকাৰীত ধোৱা তুলসীৰ পাত নহয় । সকলোৱে জানে হিমন্ত বিশ্ব শৰ্মাৰ দুই ভাতৃয়ে কেনেকৈ চাকৰি পাইছিল । সেই চাকৰিত গণ্ডগোল আছিল । অখিল গগৈৰ কাৰণে গীতাশ্ৰী তামুলীয়ে সুবিধা পোৱা নাই, বৰং জেলত থকাৰ কাৰণে সেৱাহে কৰি থাকিবলগীয়া হৈছে । যদি হিমন্ত বিশ্ব শৰ্মাৰ ইমান নৈতিকতা আছে তেন্তে তেওঁৰ দুই ভাতৃৰ ওপৰত তদন্ত কৰক ।"

তেওঁ পুনৰ কয়, "অসমৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত, মাফিয়া মানুহজন আজি অসমৰ মুখ্যমন্ত্ৰী । মুখ্যমন্ত্ৰীয়ে ক'ব পাৰিবনে তেওঁৰ ওপৰত তোলা অভিযোগসমূহৰ ওপৰত তদন্ত কৰিম বুলি ক'বলৈ । এতিয়া কেঁচু খান্দোতে সাপ ওলাব । আৰু এটা চেলেঞ্জ দিলেই সাপ ওলাব । অসমৰ যুগপুৰুষ মুখ্যমন্ত্ৰী বুলি কোৱা এজন মুখ্যমন্ত্ৰীয়ে চেলেং পেতেং চেণ্ডেল পিন্ধা বিধায়কৰ পিছত লাগি আছে । এতিয়া তেওঁ টিকাফটা দৌৰ দিছে,মই পিছে পিছে খেদি ফুৰিছো । মুখ্যমন্ত্ৰীৰ যদি সাহস আছে তেন্তে এ পি এছ চিৰ কেলেংকাৰীৰ ওপৰত চি বি আইৰ তদন্ত ঘোষণা কৰক ।"

দুধ কা দুধ পানী কা পানী :

মুখ্যমন্ত্ৰীৰ কন্য়াৰ বিৰুদ্ধে সৰৱ হৈ অখিল গগৈয়ে পুনৰ কয়, "মুখ্যমন্ত্ৰীয়ে নিজৰ ছোৱালীজনীক জন্ম হোৱাৰ পিছতে দুই নম্বৰী কামত লগাইছে । ৫ বছৰীয়া ছোৱালীজনীৰ নামত কোনোবাই দুখন গাড়ী কিনে নেকি ? সেই গাড়ী দুখন আৰ এইছ খানে দিছিল । কিন্তু ছোৱালীজনীয়ে লিখিব নোৱৰা বয়সতো ছোৱালীজনীৰ নামত গাড়ী কিনিছে । মোৰ লগত লাগিলে মুখ্যমন্ত্ৰীৰ কাপোৰ খোল খাই যাব । মুখ্যমন্ত্ৰী হৈ থাকিব নোৱাৰিব । আমি দুই নম্বৰী কৰা নাই, আমাক শান্তিত থাকিবলৈ দিয়ক । হিমন্ত বিশ্ব শৰ্মাৰ বাথৰুমটোত চাগে যিমান খৰচ হৈছে সিমান খৰচ নিজৰাপাৰৰ ঘৰটোত হোৱা নাই । তেওঁ মাত্ৰ তদন্ত কৰক, সকলো দুধ কা দুধ পানী কা পানী হৈ যাব ।"

লগতে পঢ়ক:হায়াৰ ছেকেণ্ডাৰীত অখিল গগৈৰ পত্নীয়ে দ্বিতীয় বিভাগহে পাইছিল: মুখ্যমন্ত্ৰী - ASSAM CM ON AKHIL GOGOI WIFE JOB

পত্নীৰ চাকৰিৰ নিযুক্তি আৰু ঘৰ-সম্পত্তিৰ তদন্ত বিচাৰি মুখ্যমন্ত্ৰীলৈ অখিল গগৈৰ পত্ৰ - AKHIL GOGOI CHALLENGES ASSAM CM

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.