গুৱাহাটী : এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বাবে ১ লাখ ২২ হাজাৰ কোটি টকাৰ ২৪০ খন বুজাবুজিৰ চুক্তিত আজিৰ কেবিনেটে অনুমোদন জনায় । মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত আজি দিছপুৰৰ লোকসেৱা ভৱনত ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক অনুষ্ঠিত হয় । কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । বৈঠকৰ অন্তত সংবাদমেলযোগে কেবিনেটৰ সিদ্ধান্তসমূহ সদৰী কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ।
কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তসমূহ:
১. চৰকাৰী আৰু বেচৰকাৰী খণ্ডৰ ১ লাখ ২২ হাজাৰ কোটি টকাৰ ২৪০ খন বুজাবুজিৰ চুক্তিত আজিৰ কেবিনেটে অনুমোদন জনায় । কেবিনেটে ৪৫ হাজাৰ কোটি টকাৰ কেইবাখনো বুজাবুজিৰ চুক্তি খাৰিজ কৰে । আনহাতে জিলা ভিত্তিত ৫ লাখ টকাৰ পৰা ৫০ কোটি টকা পৰ্যন্ত এতিয়ালৈকে ১৫,৯১১ কোটি টকাৰ ২৫৯০ খন বুজাবুজিৰ চুক্তি আহিছে ।
২. গঠন হোৱা ষষ্ঠ অসম বিত্ত আয়োগ ২০২৬ চনৰ ৩১ মাৰ্চলৈ বৃদ্ধি কৰা হৈছে ।
৩. ডিব্ৰুগড় আৰু শিৱসাগৰ জিলাৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে নেচনেল হাউচিং বেংকৰ পৰা ৫৫ কোটি টকা ঋণ লোৱাৰ বাবে আজিৰ কেবিনেটে অনুমোদন জনায় ।
৪. ডিব্ৰুগড়ৰ আমোলাপট্টীৰ উৰণ সেতুৰ বাবে কেবিনেটে ১৫৭ কোটি টকাৰ আনুমোদন জনায় ।
৫. বায় টেকন'লজী পলিচীৰ সংশোধনত কেবিনেটৰ অনুমোদন জনায় ।
৬. বিনিয়োগৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি কেবিনেটে টেক্সটাইল এণ্ড এপাৰেল পলিচীত অনুমোদন জনায় ।
৭. চিকিৎসা মহাবিদ্যালয়সমূহত যোগদান কৰা পঞ্জীয়ককে ধৰি ফেকাল্টি সকলক গাড়ী কিনিবৰ বাবে চৰকাৰে ঋণ দিয়াৰ ব্যৱস্থা কৰিছে । ঋণৰ সুদ চৰকাৰে বহন কৰিব । কেবিনেটত ইয়াৰ অনুমোদন জনোৱা হয় ।
৮. মেডিকেল শৈক্ষিক দিশৰ প্ৰতি লক্ষ্য ৰাখি বছৰত দুখনকৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ চেমিনাৰত অংশ লোৱাৰ বাবে মেডিকেল কলেজৰ চিকিৎসকসকলে ছুটিৰ লগতে অহা-যোৱা আৰু থকা-খোৱাৰ খৰচ ৰাজ্য চৰকাৰৰ পৰা লাভ কৰিব । আনহাতে প্ৰত্যেক দুবছৰৰ মূৰত একেই সুবিধাৰে এছিয়াৰ এখন দেশৰ চেমিনাৰত অংশগ্ৰহণ কৰিব পাৰিব । সেইদৰে প্ৰত্যেক তিনিবছৰৰ মূৰত আমেৰিকা আৰু ইউৰোপত চেমিনাৰত অংশ গ্ৰহণৰ বাবে একেই সুবিধাৰে যাব পাৰিব । এই সুবিধা এইমছত আছিল । এতিয়াৰে পৰা মেডিকেল কলেজৰ ক্ষেত্রত এই সুবিধা কৰা হৈছে ।
সংবাদমেলত কেইবাগৰাকী কেবিনেট মন্ত্রী উপস্থিত আছিল ।