নতুন দিল্লী: ডুবাইত ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হৈ থকা চেম্পিয়নছ ট্ৰফী ২০২৫ৰ পঞ্চমখন খেলত ইতিহাসৰ সৃষ্টি কৰিছে ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই । পাকিস্তানৰ বিৰুদ্ধে ১ ৰাণ সংগ্ৰহ কৰি ডাঙৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে । আন্তঃৰাষ্ট্ৰীয় এদিনীয়া ক্ৰিকেটত ৯০০০ ৰাণ সম্পূৰ্ণ কৰা বেটছমেন হিচাপে পৰিগণিত হৈছে ৰোহিত শৰ্মা ।
এদিনীয়া ক্ৰিকেটত ৯০০০ ৰাণ সম্পূৰ্ণ কৰা দ্ৰুত ক্ৰিকেটাৰ হিচাপে পৰিগণিত ৰোহিত শৰ্মা
ৰোহিত শৰ্মা এদিনীয়া ক্ৰিকেটত ৯০০০ ৰাণ সংগ্ৰহ কৰা ভাৰত তথা বিশ্বৰ সৰ্বাধিক দ্ৰুত ক্ৰিকেটাৰ হিচাপে পৰিগণিত হৈছে । ইয়াৰ পূৰ্বে শচীন তেণ্ডুলকাৰ আৰু সৌৰভ গাংগুলীয়ে এই কৃতিত্ব অৰ্জন কৰিছিল ৷ ডুবাইৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত তেওঁ এই বিশেষ কৃতিত্ব অৰ্জন কৰে ।
Fastest to complete 9000 runs as Opener in ODI Cricket History:
— Tanuj Singh (@ImTanujSingh) February 23, 2025
Rohit Sharma - 181 innings.
Sachin Tendulkar - 197 pic.twitter.com/Uvz4bhN1gh
শচীন তেণ্ডুলকাৰ আৰু সৌৰভ গাংগুলীক চেৰ পেলালে ৰোহিত শৰ্মাই
অ’পেনিং বেটছমেন হিচাপে ১৮১খন এদিনীয়া মেচত ৯০০০ ৰাণ সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে ৰোহিত শৰ্মাই । কম ইনিংছত ৯০০০ ৰাণ সম্পূৰ্ণ কৰি ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ শচীন টেণ্ডুলকাৰ আৰু সৌৰভ গাংগুলীক পিছ পেলাইছে শৰ্মাই । ভাৰতীয় অ’পেনাৰ হিচাপে শচীন টেণ্ডুলকাৰে ৩৪৪খন মেচত ১৫৩১০ ৰাণ আৰু সৌৰভ গাংগুলীয়ে ২৪২খন মেচত ৯১৪৬ ৰাণ সংগ্ৰহ কৰিছিল । শচীনে ১৯৭ ইনিংছত আৰু ৰোহিতে ১১৮ ইনিংছত এই মাইলৰ খুঁটিত উপনীত হয় ।
ভাৰতৰ হৈ এদিনীয়াত সৰ্বাধিক ৰাণ সংগ্ৰহ কৰা শীৰ্ষ ৫ গৰাকী অ’পেনাৰ
The Hitman era continues! 👏💙 #RohitSharma making records look easy.
— Indian Cricket Team (@incricketteam) February 23, 2025
Fastest to 9000 ODI runs as Opener
181 Inngs - Rohit Sharma*
197 Inngs - Sachin Tendulkar
231 Inngs - Sourav Ganguly
246 Inngs - Chris Gayle
253 Inngs - Adam Gilchrist #INDvsPAK | #ChampionsTrophy pic.twitter.com/qCfwbOltSN
- শচীন তেণ্ডুলকাৰ : ৩৪৪ মেচ - ১৫৩১০ ৰাণ
- সৌৰভ গাংগুলী : ২৪২ মেচ - ৯১৪৬ ৰাণ
- ৰোহিত শৰ্মা : ১৮২ খন মেচ - ৮৯৯৯ ৰাণ*
- বীৰেন্দ্ৰ সেহৱাগ : ২০৪ মেচ - ৭২৪০ ৰাণ
- শিখৰ ধাৱন : ১৬৬ মেচ - ৬৭৯৩ ৰাণ