ETV Bharat / state

’২৬ৰ নিৰ্বাচন যিমানে আগবাঢ়িব সিমানে বিৰোধীক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হ’ব : অসম নাগৰিক সমাজ - OPPOSITION UNITY FORUM ASSAM

আহক, আমি সকলোৱে এই অৰাজকতাৰ বিৰুদ্ধে ঐক্যবদ্ধ আন্দোলন গঢ়ি তোলো - অসম নাগৰিক সমাজে এক বিবৃতিত এইদৰে কয় ৷

BJP has targeted the opposition as the 2026 elections progress says Opposition unity forum Assam
’২৬ৰ নিৰ্বাচন যিমানে আগবাঢ়িছে সিমানে বিৰোধীক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হ’ব : অসম নাগৰিক সমাজ (Twitter)
author img

By ETV Bharat Assamese Team

Published : Feb 24, 2025, 7:07 PM IST

হায়দৰাবাদ: বিগত কিছুদিন ধৰি ৰাজ্যজুৰি বিতৰ্কৰ সৃষ্টি কৰি থকা একাধিক বিষয়ক লৈ চৰ্চা আৰম্ভ হৈছে ৷ ইয়াকে লৈ ৰাজনৈতিক-অৰাজনৈতিক সকলো মহলতে চৰ্চা চলিছে ৷ তাৰ মাজতে সোমবাৰে বিতৰ্কিত এই বিষয়সমূহক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম নাগৰিক সমাজে ৷ সংগঠনটোৰ সভাপতি তথা সাংসদ অজিত কুমাৰ ভূঞা আৰু সাধাৰণ সম্পাদক পৰেশ মালাকাৰে সোমবাৰে এক বিবৃতিত কয়-

‘‘অসমত যোৱা কেইদিনমানত ঘটা ঘটনা কিছুমানে আমাক হতবাক কৰিছে । প্ৰথম ঘটনাটোৰ কেন্দ্ৰবিন্দু আছিল গৌৰৱ গগৈ আৰু তেওঁৰ পত্নী এলিজাবেথ কলবাৰ্ণ গগৈ । স্বয়ং মুখ্যমন্ত্ৰীৰ উদ্যোগত কিছুমান মনেসজা অভিযোগত তেওঁলোক দুয়ো পাকিস্তানৰ এজেন্ট বুলি তেওঁলোকৰ বিৰুদ্ধে সামাজিক মাধ্যম আৰু প্ৰচাৰ মাধ্যমৰ যোগেদি এক ভুৱা প্ৰচাৰ আৰু চৰিত্ৰহনন অভিযান চলোৱা হ’ল ।

BJP has targeted the opposition as the 2026 elections progress says Opposition unity forum Assam
গৌৰৱ গগৈ আৰু তেওঁৰ পত্নী এলিজাবেথ কলবাৰ্ণ গগৈ (ETV Bharat)

তাৰ পিছত আমি প্ৰত্যক্ষ‍ কৰিলো সাংসদ, কংগ্ৰেছ নেতা ৰকিবুল হুছেইন আৰু তেওঁৰ নিৰাপত্তাৰক্ষীৰ ওপৰত ৰূপহীহাটত চলোৱা শাৰীৰিক আক্ৰমণ । মনত ৰাখিব অকল ৰকিবুল হুছেইনেই নহয়, তেওঁৰ নিৰাপত্তাৰক্ষীকো আক্ৰমণৰ লক্ষ্য কৰি লোৱা হ’ল ।

অখিল গগৈৰ পত্নী ড৹ গীতাশ্ৰী তামুলী (Akhil Gogoi's FB)

এই দুটা ঘটনাৰ পিছত আকৌ মুখ্যমন্ত্ৰীয়ে কোনো যুক্তি-অৰ্থ নোহোৱাকৈ আক্ৰমণৰ লক্ষ্য কৰি ল'লে অখিল গগৈৰ পত্নী ড৹ গীতাশ্ৰী তামুলীক । এই তিনিওটা ঘটনাক অসমৰ ৰাইজে সমস্বৰে ধিক্কাৰ দিছে । কিন্তু তিনিওটা ঘটনাৰ মাজত এটা মিল আছে ।’’

লগতে পঢ়ক : গীতাশ্ৰী তামুলীয়ে চাকৰি লাভৰ ক্ষেত্ৰত কোন মন্ত্ৰী-বিধায়কে বাধা দিছিল ? ক'লে অখিল গগৈয়ে

লগতে পঢ়ক : মুখ্যমন্ত্রীৰ দুই ভাতৃয়ে কেনেকৈ পালে এ পি এছ চিৰ চাকৰি; তদন্তৰ প্ৰত্যাহ্বান অখিল গগৈৰ

বিবৃতিত আৰু উল্লেখ কৰা হয়, ‘‘গৌৰৱ গগৈ এজন সুচিন্তিত আৰু আকৰ্ষণীয় ব্যক্তিত্বৰ অধিকাৰী বিৰোধী ৰাজনীতিক । সমগ্ৰ অসমত, বিশেষকৈ উজনি অসমত তেওঁ এজন জনপ্ৰিয় নেতা । আগন্তুক ২০২৬-ৰ নিৰ্বাচনত গৌৰৱ গগৈয়ে যে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব সেইটো ইতিমধ্যে স্পষ্ট হৈ পৰিছে । সেইকাৰণে জনমানসত তেওঁৰ ভাবমূৰ্তি হেয় কৰাৰ এই অপপ্ৰচাৰ ।’’

কংগ্ৰেছ নেতা ৰকিবুল হুছেইন (@rakibul_inc)

‘‘ৰকিবুল হুছেইন কংগ্ৰেছৰ এজন শক্তিশালী সংখ্যালঘু নেতা । লোক সভা নিৰ্বাচনত তেওঁ তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বীক দহ লাখ ভোটত পৰাজিত কৰি সমগ্ৰ ভাৰতৰ ভিতৰতে এক অভিলেখ সৃষ্টি কৰিছিল । ৰকিবুল হুছেইনৰ দৰে প্ৰতাপী ৰাজনীতিককে যদি দিন দুপৰত শাৰীৰিকভাৱে এনেকৈ আক্ৰমণ কৰিব পাৰি, তেন্তে আন ৰাজনীতিক কোন কূটা ! অখিল গগৈ এক শক্তিশালী বিৰোধী কন্ঠ । তেওঁ সময়ে সময়ে চৰকাৰৰ কু-কৰ্মৰ স্বৰূপ ৰাইজৰ সন্মুখত উদঙাই দি আছে । গতিকে চলে বলে কৌশলে অখিল গগৈৰ মুখ বন্ধ কৰিব লাগে । সেয়ে অখিল গগৈক লৰাব নোৱাৰি দলীয় ৰাজনীতিৰ লগত কোনো সম্পৰ্ক নথকা শ্ৰীগগৈৰ পত্নী ড৹ গীতাশ্ৰী তামুলীক বিনা কাৰণত আক্ৰমণ আৰু সমালোচনাৰ উপলক্ষ কৰি লোৱা হ’ল ।’’ এনেদৰে বিবৃতিত উল্লেখ কৰে অসম নাগৰিক সমাজ ৷

লগতে পঢ়ক : হায়াৰ ছেকেণ্ডাৰীত অখিল গগৈৰ পত্নীয়ে দ্বিতীয় বিভাগহে পাইছিল: মুখ্যমন্ত্ৰী

লগতে পঢ়ক : ৰকিবুল হুছেইনক আক্ৰমণৰ ঘটনাক লৈ উত্তপ্ত বিধানসভা, নিলম্বিত অখিল গগৈৰ বিৰোধী দলপতিক সমালোচনা

‘‘একেবাৰে শেহতীয়া ঘটনাটো হ’ল মেঘালয়ৰ বিজ্ঞান-প্ৰযুক্তি বিশ্ববিদ্যালয়ৰ আচাৰ্য মহবুবুল হকক মাজনিশা কৰা গ্ৰেপ্তাৰ । মহবুবুল হকৰ বিৰুদ্ধে আজি বেচ কিছুদিনৰ পৰা অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে নানা অভিযোগ কৰি আহিছে । তাৰ বা কি অভিসন্ধি আৰু গোপন ৰহস্য !’’ অসম নাগৰিক সমাজে কয় ৷

‘‘যোৱা এক দশকৰ বিজেপি শাসনকালত আমি এটা কথা লক্ষ্য কৰিছো- বিজেপিয়ে তেওঁলোকৰ ৰাজনীতি আৰু মতাদৰ্শৰ বিৰোধিতা কৰা বিৰোধী ৰাজনৈতিক দল আৰু লেখক-বুদ্ধিজীৱী আৰু অন্য সকলক দুৰ্বল কৰিবলৈ কেতবোৰ পদ্ধতি আৰু কৌশল অৱলম্বন কৰে ।’’ অসম নাগৰিক সমাজে বিবৃতিটোত কয় ৷

লগতে কয়, ‘‘এই পদ্ধতি আৰু কৌশলবোৰ হৈছে - ভুৱা প্ৰচাৰ, চৰিত্ৰহনন, গোচৰ তৰা আৰু শাৰীৰিক আক্ৰমণ আৰু ভীতি প্ৰদৰ্শন কৰা । এই আটাইবোৰ হৈছে স্বৈৰতন্ত্ৰৰ লক্ষ‍ণ । তাৰ বিপৰীতে গণতন্ত্ৰৰ মূল বৈশিষ্ট্য হ’ল বাক-স্বাধীনতা আৰু মুকলি বিতৰ্ক । আমি ভাবো শেহতীয়াকৈ ঘটা এই ঘটনাবোৰ ভৱিষ্যতৰ আগজাননী ।’’

বিবৃতিটোত আৰু উল্লেখ কৰে, ‘‘তাৰ মানে, ২০২৬-ৰ বিধান সভা নিৰ্বাচনৰ সময় যিমানে আগবাঢ়ি আহিব সিমানে বিৰোধীক এনে ভয়-ভাবুকি, ভুৱা প্ৰচাৰ আৰু শাৰীৰিক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হ’ব । এনে এক পৰিস্থিতিত গণতন্ত্ৰ আৰু আইনৰ শাসনৰ পক্ষে থকা ৰাজনৈতিক দল, সাধাৰণ নাগৰিক, লেখক-বুদ্ধিজীৱী আৰু নাগৰিক সমাজৰ প্ৰতিক্ৰিয়া কি হোৱা উচিত ?’’

‘‘তেওঁলোক সকলোৱে ঐক্যবদ্ধ হৈ নিৰ্ভীকভাৱে এই অপপ্ৰচাৰ, চৰিত্ৰহনন, ভয়-ভাবুকি আৰু শাৰীৰিক আক্ৰমণৰ প্ৰতিবাদ কৰিব লাগিব, তাৰ বিৰুদ্ধে অহিংস আৰু শান্তিপূৰ্ণভাৱে ৰাজপথৰ আন্দোলনত নামিব লাগিব ।’’ এনেদৰে উক্ত বিবৃতিটোত অসম নাগৰিক সমাজে উল্লেখ কৰে ৷

লগতে পঢ়ক : পুনৰ অখিল গগৈৰ পত্নীক লৈ মুখ্যমন্ত্রীৰ প্ৰতিক্ৰিয়া

লগতে পঢ়ক : অখিল গগৈৰ পত্নী বুঢ়ী ! আজমলৰ বিৰুদ্ধে জাতীয় নাৰী বাহিনীৰ এজাহাৰ দাখিল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.