আমাৰ মাজৰ বেছিভাগেই ভালদৰেই জানে যে, নহৰুত কিমান পুষ্টিকৰ উপাদান আছে লগতে ই আমাৰ শৰীৰৰ বাবে কিমান উপকাৰী ৷ বিশেষকৈ শীতকালত ইয়াক প্ৰচুৰ পৰিমাণে খোৱা হয় ৷ বিশেষজ্ঞৰ মতে, নহৰুৱে কেৱল ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাই নহয়, ছালৰ বাবেও ই সমানেই উপকাৰী হ’ব পাৰে ৷ কিন্তু এই উপকাৰিতাৰ মাজতো নহৰু সীমিত পৰিমাণে সেৱন কৰাটো উচিত, অন্যথা মুখৰ দুৰ্গন্ধ, এচিডিটি, বুকুৰ জ্বলা-পোৰা আদি সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে ৷ কিন্তু কেতিয়াবা আপোনাৰ মনত এইটো প্ৰশ্নৰ উদয় হৈছে নে যে নহৰুক বাকলি গুচাই খাব লাগে নে নুগুচোৱাকৈ খাব লাগে ?
নহৰু কেনেকৈ খাব লাগে ?
ভাৰতত সাধাৰণতে নহৰুৰ বাকলি আঁতৰাই খোৱা হয়, কিন্তু কিছুমানে বাকলিটোৰ সৈতেও খায় ৷ আহক আজিৰ এই প্ৰতিবেদনৰ জৰিয়তে বিশেষজ্ঞৰ পৰা আমি এই বিষয়ে ভালদৰে জানি লও-
বাকলি নোখোৱাৰ আঁৰৰ যুক্তি:
নহৰুৰ কলিটো নিজেই এক পুষ্টিকৰ উপাদানৰ ভঁৰাল, বিশেষকৈ ইয়াৰ শক্তিশালী এন্টিঅক্সিডেন্ট এলিচিনৰ বাবে ৷ এই যৌগটোৱে নহৰুক ইমান উপকাৰী কৰি তোলে ৷ কিন্তু বাকলিটো কাগজৰ দৰে, আঁহযুক্ত আৰু হজম কৰাত কঠিন ৷
নহৰুৰ বাকলিত কীটনাশকৰ কণা থাকে, যিয়ে শৰীৰৰ যথেষ্ট ক্ষতি কৰিব পাৰে ৷ লগতে নহৰুৰ বাকলি খালে শৰীৰে বিশেষ পুষ্টিকৰ উপাদান লাভ নকৰে, সেয়েহে নহৰুৰ বাকলি আঁতৰাই পেলোৱাটো ভাল ৷
বাকলিটো কি কৰিব?
যদিও নহৰুৰ বাকলি খোৱাৰ বিশেষ লাভ নাই, তথাপিও ডাষ্টবিনত পেলাই নিদিব, বৰঞ্চ ইয়াক আপুনি অন্য পদ্ধতিৰে ব্যৱহাৰ কৰিব পাৰে ৷ আপুনি ইয়াৰ বাকলিবোৰ পানীত উতলাই ৰাতিটো তিয়াই থওক ৷ এই পানী পুৱা বাগিচাৰ কামত ব্যৱহাৰ কৰিব পাৰে ৷ দৰাচলতে ইয়াৰ এন্টিমাইক্ৰ’বিয়াল গুণে উদ্ভিদক পোক-পৰুৱা আৰু বেক্টেৰিয়াৰ পৰা ৰক্ষা কৰাত সহায় কৰে ৷ নহৰুৰ বাকলিত ভিটামিন, খনিজ পদাৰ্থ আৰু ফাইটোনিউট্ৰিয়েণ্টো থাকে যিয়ে উদ্ভিদৰ বৃদ্ধিত সহায় কৰিব পাৰে ৷
(সতৰ্কীকৰণ: এই প্ৰতিবেদনত আপোনাক দিয়া সকলো স্বাস্থ্য তথা জীৱনশৈলী সম্পৰ্কীয় যিকোনো তথ্য আৰু পৰামৰ্শ কেৱল আপোনাৰ সাধাৰণ তথ্যৰ বাবেহে আগবঢ়োৱা হৈছে । আমি এই তথ্য বৈজ্ঞানিক গৱেষণা, অধ্যয়ন, চিকিৎসা আৰু স্বাস্থ্য পেছাদাৰী পৰামৰ্শৰ ভিত্তিত প্ৰদান কৰিছো । আপুনি এই উপায় বা পদ্ধতি অনুসৰণ কৰাৰ আগতে এই বিষয়ে বিতংভাৱে জনাটো উচিত তথা আপোনাৰ ব্যক্তিগত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো উচিত ।)
উৎস:-https://www.tandfonline.com/doi/abs/10.1080/07373930500538717
লগতে পঢ়ক