ETV Bharat / technology

যোগাযোগৰ ক্ষেত্ৰত নতুন সূচনা; ভোডাফোনে সম্ভৱ কৰি তুলিলে প্ৰথমটো চেটেলাইট ভিডিঅ’ কল - WORLD FIRST VIDEO SPACE CALL

সাধাৰণ স্মাৰ্টফোনত বিশ্বৰ প্ৰথমটো ‘বিশেষ ভিডিঅ’ কল’ কৰি ভোডাফোনে ৰচিলে ইতিহাস । এয়া কেনেকৈ সম্ভৱ হ’ল বিতংভাৱে জানো আহক ...

vodafone-makes-history-with-first-satellite-video-call-on-a-regular-smartphone-details-in-assamese
যোগাযোগৰ ক্ষেত্ৰত নতুন সূচনা; ভোডাফোনে সম্ভৱ কৰি তুলিলে প্ৰথমটো চেটেলাইট ভিডিঅ’ কল (Vodafone)
author img

By ETV Bharat Tech Team

Published : Feb 1, 2025, 11:01 AM IST

হায়দৰাবাদ: টেলিকম অপাৰেটৰ ভোডাফোনে সৃষ্টি কৰিছে ইতিহাসৰ । কোম্পানীটোৱে বিশ্বৰ প্ৰথমটো ‘স্পেচ ভিডিঅ’ কল’ কৰা বুলি দাবী কৰিছে । আটাইতকৈ বিশেষ কথাটো হ’ল এই ফোনটো কোনো কোম্পানীৰ বিশেষ চেটেলাইট কানেক্টিভিটি ছাপৰ্ট থকা মোবাইল ফোন এটাৰ পৰা নহয়, বৰঞ্চ সাধাৰণ 4G, 5G কানেক্টিভিটি থকা মোবাইল ফোন এটাৰ পৰাহে কৰা হৈছিল । এই বিষয়টোৱে সম্প্ৰতি বিশেষ চৰ্চা লাভ কৰিছে । ভোডাফোনৰ শীৰ্ষ কাৰ্যবাহী বিষয়া মাৰ্ঘেৰিটা ডেলাই ইউৰোপীয় মহাকাশচাৰী টিম পিকৰ সৈতে দুৰ্গম অঞ্চলত সংযোগ প্ৰদানৰ গুৰুত্বৰ বিষয়ে আলোচনা কৰিছে । মহাকাশচাৰীগৰাকীয়ে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত থাকি ইয়াৰ গুৰুত্বৰ বিষয়ে কয় ।

ভিডিঅ’ কলটো কেনেকৈ কৰা হৈছিল?

ব্ৰিটেইনৰ ৱেলছৰ এটা দূৰৱৰ্তী পাহাৰীয়া অঞ্চলৰ পৰা ভোডাফোনৰ এজন অভিযন্তাই এই ফোন কৰিছিল, য’ত কোনো মোবাইল নেটৱৰ্ক নাছিল । অভিযন্তাগৰাকীয়ে ভোডাফোনৰ শীৰ্ষ কাৰ্যবাহী বিষয়া মাৰ্ঘেৰিটা ডেলাক ভিডিঅ’ কল কৰে । ভিডিঅ’ কলত প্ৰায় 45 ছেকেণ্ড সময় কথা পাতিলে । ভিডিঅ’ কলৰ মানদণ্ড নিম্নখাপৰ আছিল, মাজে মাজে কাটি গৈছিল ফোনটো ।

ইয়াত 4G আৰু 5G সেৱা ব্যৱহাৰ কৰা হৈছে, অৰ্থাৎ ই নিয়মীয়া স্মাৰ্টফোনতো কাম কৰে।

  • কোম্পানীটোৱে দাবী কৰিছে যে ই 120 এমবিপিএছ পৰ্যন্ত শীৰ্ষ গতি প্ৰদান কৰে, যিটো বৰ্তমান উপলব্ধ আন যিকোনো চেটেলাইট নেটৱৰ্কতকৈ ভাল ।
  • ইয়াৰ দ্বাৰা কেৱল মেছেজিংতে সীমাবদ্ধ নাথাকিব, ভিডিঅ’ কল আৰু মোবাইল ব্ৰডবেণ্ড ইণ্টাৰনেটও উপলব্ধ হ’ব ।
  • ইয়াৰ পূৰ্বে আইফোন আৰু গুগল পিক্সেল ফোনত বিশেষ মডেমৰ জৰিয়তে এই চেটেলাইট সংযোগ প্ৰদান কৰা হৈছিল । যাৰ বাবে ই মূলতঃ জৰুৰীকালীন সেৱা, স্থান শ্বেয়াৰিং আৰু টেক্সট মেছেজত সীমাবদ্ধ আছিল । কিন্তু ভিডিঅ’ কলিং কৰি ইতিহাস সৃষ্টি কৰিছে ভোডাফোনে ।
  • ইফালে টি-ম’বাইলে স্পেচএক্সৰ ষ্টাৰলিংক ডাইৰেক্ট-টু-চেল নেটৱৰ্কৰ সৈতেও পৰীক্ষা চলাই আছে যদিও বৰ্তমান ই টেক্সট মেছেজত সীমাবদ্ধ হৈ আছে ।

এ এছ টি স্পেচ ম’বাইলৰ সৈতে ভোডাফোনৰ অংশীদাৰিত্ব

এই সেৱাৰ বাবে ভোডাফোনে টেক্সাছৰ এ এছ টি স্পেচ ম’বাইলৰ সৈতে অংশীদাৰিত্ব কৰিছে । ইতিমধ্যে কোম্পানীটোৱে 5 টা লো-আৰ্থ অৰ্বিট (এল ই অ’) ব্লুবাৰ্ড উপগ্ৰহ উৎক্ষেপণ কৰিছে, যিয়ে ভোডাফোনক ইয়াৰ স্থলজ নেটৱৰ্কৰ সৈতে সংযোগ কৰিব । পৰম্পৰাগত মোবাইল টাৱাৰে যাব নোৱাৰা অঞ্চলত মোবাইল নেটৱৰ্ক কভাৰেজৰ ব্যৱধান দূৰ কৰিবলৈ ইয়াক ডিজাইন কৰা হৈছে । ইয়াৰ দ্বাৰা পাহাৰীয়া, উপকূলীয় আৰু দুৰ্গম গাঁৱৰ লোকসকল উপকৃত হ’ব ।

ভোডাফোনৰ লক্ষ্য কি?

ভোডাফোনৰ চিইঅ’ মাৰ্ঘেৰিটা ডেলাৰ মতে, ভোডাফোনৰ লক্ষ্য হৈছে সকলোকে সংযোগ কৰা । "আমি পূৰ্বে বাদ পৰা লোকসকলৰ বাবে মোবাইল সংযোগ আনিব বিচাৰো । এই প্ৰযুক্তিয়ে মানুহক কেৱল পৰিয়ালৰ সৈতে সংযুক্ত কৰি ৰখাই নহয়, সংকটৰ সময়ত দূৰৱৰ্তী গাঁওসমূহলৈও যোৱাত সহায় কৰিব ।"

বিশেষ ভিডিঅ’ কল কি?

ইণ্টাৰনেটৰ ব্যৱহাৰ আৰু অনলাইন বাৰ্তা প্ৰেৰণ সেৱাৰ লগতে মোবাইল কভাৰেজ নথকা অঞ্চলত একাধিক ব্যৱহাৰকাৰীক ভিডিঅ’ কল কৰিবলৈ আৰু গ্ৰহণ কৰিবলৈ অনুমতি দিয়া এটা সংযোগ । অৰ্থাৎ আপোনাৰ মোবাইলত নেটৱৰ্ক নাথাকিলেও ভিডিঅ’ কলৰ লগতে ইণ্টাৰনেটৰ সুবিধা উপলব্ধ থাকিব ।

লগতে পঢ়ক: প্ৰতিদিনে মাত্ৰ 8 টকা ব্যয়ৰ বিনিময়ত VI ত লাভ কৰক আকৰ্ষণীয় সুবিধা

75 খনকৈ চহৰত আৰম্ভ হ’ব ভোডাফোন-আইডিয়াৰ 5G সেৱা; জিঅ’-এয়াৰটেলতকৈ সস্তা হ’ব প্লেন !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.