পশ্চিম আলাস্কা : সাৱধান ! আপুনি যদিহে সঘনে বিমানেৰে যাত্ৰা কৰে তেন্তে এই বাতৰি আপোনাৰ বাবে ৷ পুনৰ সংঘটিত হৈছে আন এক বিমান দুৰ্ঘটনা ৷ সংবাদ সংস্থা PTI ত উল্লেখ কৰা মতে, এই বিমান দুৰ্ঘটনাৰ ফলত যাত্ৰীবাহী বিমানত থকা ১০ জন লোকৰ আটাইকেইজনৰে মৃত্যু হৈছে ।
ইতিমধ্যে দুৰ্ঘটনাগ্ৰস্ত বিমানখন বিচাৰি অভিযান চলাই থকা হৈছে যদিও বাতৰি লিখা পৰলৈকে এই ঘটনা সন্দৰ্ভত কোনো তথ্য লাভ কৰা নাই ৷ X ত বিষয়াসকলে জনোৱা মতে, প্ৰথমাৱস্থাত আমেৰিকাৰ ক’ষ্ট গাৰ্ডৰ HC-130 হাৰকিউলিছৰ ক্ৰুৱে হোয়াইট মাউণ্টেন আৰু নোমৰ মাজৰ অঞ্চলত তালাচী চলাই যদিও নিৰুদ্দেশ হোৱা বিমানখনৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম নহ’ল ৷ ৰাষ্ট্ৰীয় পৰিবহণ সুৰক্ষা ব’ৰ্ডৰ মুখপাত্ৰই কয় যে সংস্থাটোৱে সামগ্ৰিক পৰিস্থিতি নিৰীক্ষণ কৰি আছে।
অ’ ৰ’ৱ, এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, এই দুৰ্ঘটনা পিছে অসম বা ভাৰতত হোৱা নাই ৷ এই দুৰ্ঘটনা সংঘটিত হৈছে আমেৰিকাৰ আলাস্কা ৰাজ্যত ৷
পশ্চিম আলাস্কাত হাব কমিউনিটি নোমেলৈ যোৱাৰ পথতে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয় বিমানখনত থকা ১০ জন লোকৰে মৃত্যু হোৱা বুলি কৰ্তৃপক্ষই জনায় । আলাস্কাৰ জনসাধাৰণৰ সুৰক্ষা বিভাগৰ তথ্য অনুসৰি বৃহস্পতিবাৰে বিয়লি উনালাক্লিটৰ পৰা বেৰিং এয়াৰৰ একক ইঞ্জিনৰ টাৰ্বোপ্ৰপ বিমানখনে ৯ জন যাত্ৰী আৰু এজন পাইলট লৈ যাত্ৰা কৰিছিল ।
আমেৰিকাৰ ক’ষ্ট গাৰ্ডৰ মুখপাত্ৰ মাইক ছালেৰ্ণোৱে কয় যে শুকুৰবাৰে উদ্ধাৰকাৰীয়ে হেলিকপ্টাৰেৰে অনুসন্ধান কৰি থকাৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ ধ্বংসাৱশেষ দেখা পায় । তাৰ পাচতে তদন্তৰ খাতিৰত দুজন উদ্ধাৰকাৰী সাঁতোৰবিদক উক্ত স্থানত নমাই দিয়ে ।
বেৰিং এয়াৰৰ পৰিচালনা সঞ্চালক ডেভিদ অলছনে জনোৱা মতে, চেছনা কেৰাভানে ২:৩৭ বজাত উনালাক্লিটৰ পৰা ৰাওনা হয় আৰু এঘণ্টা নৌহওঁতেই বিষয়াসকলে ইয়াৰ সৈতে যোগাযোগ হেৰুৱাই পেলায় । ৰাষ্ট্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি, পাতলীয়া বৰফ আৰু কুঁৱলীৰ তাপমাত্ৰা আছিল ১৭ ডিগ্ৰী (মাইনাছ ৮.৩ চেলছিয়াছ)।
ক’ষ্ট গাৰ্ডে জনোৱা মতে, নোমৰ পৰা প্ৰায় ৩০ মাইল (৪৮ কিলোমিটাৰ) দক্ষিণ-পূবে বিমানখন নিৰুদ্দেশ হৈছে । ক’ষ্ট গাৰ্ডে জনোৱা মতে, বিমানখন সাগৰৰ পৰা ১২ মাইল (১৯ কিলোমিটাৰ) দূৰত্বত আছিল ।
লগতে পঢ়ক : উৰণৰ সময়তে বিমানত লাগিল জুই |