ETV Bharat / state

নিশা ১২ বজাত কেক কাটি জন্মবাৰ্ষিকী উদযাপন মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ - 56TH BIRTHDAY OF ASSAM CM

৫৬ বছৰত ভৰি দিলে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে । জন্মবাৰ্ষিকী উপলক্ষ্যে তেওঁৰ বাসভৱনত মাজ নিশাৰে পৰা বহু গুণমুগ্ধই ভিৰ কৰা পৰিলক্ষিত হৈছে ।

Himanta Biswa Sarma
মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ জন্মবাৰ্ষিকী উদযাপন (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Feb 1, 2025, 10:33 AM IST

গুৱাহাটী : আজি (শনিবাৰ) ৫৬ বছৰত ভৰি দিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ মুখ্যমন্ত্ৰীৰ জন্মবাৰ্ষিকী উপলক্ষে শুকুৰবাৰৰ নিশাৰে পৰা ৰাজধানী দিশপুৰৰ মুখ্যমন্ত্ৰীৰ বাসভৱনত দেখা গ’ল গুণমুগ্ধ আৰু অনুগামীৰ দীঘলীয়া শাৰী । নিশা বাৰ বজাৰ পিছত মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰে উপস্থিত গুণমুগ্ধৰ পৰা জন্মবাৰ্ষিকীৰ ওলগ । পৰিয়ালৰ সদস্যৰ লগতে উপস্থিত অনুগামীসকলৰ উপস্থিতিত জন্মবাৰ্ষিকীৰ কেক কাটে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

  • জন্মবাৰ্ষিকীৰ পুৱা কি কৰে মুখ্যমন্ত্ৰীয়ে ?

প্ৰতিটো জন্মবাৰ্ষিকীতে মুখ্যমন্ত্ৰী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুৱাই উঠি নিজৰ ঘৰৰ উপাসনাথলীত মূৰ দোৱাই দিনটো আৰম্ভ কৰে ৷

নিশা ১২ বজাত কেক কাটি জন্মবাৰ্ষিকী উদযাপন মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ (ETV Bharat)

“১ ফেব্ৰুৱাৰী দিনটো মোৰ ওপজা দিন । প্ৰতি বছৰে ১ ফেব্ৰুবাৰীত মোৰ ওপজা দিনটো অতি সামান্যভাৱে আৰম্ভ কৰো মোৰ ঘৰতে থকা মন্দিৰত এগছি চাকি জ্বলাই দিনটো আৰম্ভ কৰো, পৰমপিতাৰ ওচৰত সেৱা এভাগি আগবঢ়াও । তাৰ লগতে অসমবাসীৰ আশীৰ্বাদ বিচাৰো । এইবাৰো পৰমপিতাৰ ওচৰত চাকি এগচি জ্বলাই পৰমপিতা আৰু আপোনালোকৰ আশীৰ্বাদ বিচাৰম । ৰাইজ আৰু সমাজখনৰ বাবে যাতে কাম কৰিব পাৰো তাৰ বাবে ৰাইজৰ আশীৰ্বাদ বিচাৰো । ” শুকুৰবাৰে জন্মবাৰ্ষিকীৰ প্ৰাকসন্ধ্যা কেবিনেটৰ বৈঠকৰ পিছতেই সামাজিক মাধ্যম ফেচবুকৰ জৰিয়তে লাইভযোগে এই কথা সদৰী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

  • জন্মবাৰ্ষিকীত কি কি কৰিব মুখ্যমন্ত্ৰীয়ে ?

আজি জন্মবাৰ্ষিকীটো অতি ব্যস্ততাৰে পাৰ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে । নিশা দিশপুৰৰ চৰকাৰী বাসভৱনত জন্মদিনৰ কেক কটাৰ পিছতেই সাংবাদিকৰে মত-বিনিময় কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । লগতে তেওঁ সদৰী কৰে শনিবাৰৰ দিনটোত কি কি কৰিব ?

  • প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয়ত বৰ্হিঃবিভাগ সেৱা মুকলি :

জন্মবাৰ্ষিকীৰ দিনা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ দ্বিতীয় চিকিৎসা মহাবিদ্যালয় হিচাপে পৰিগণিত বীৰুবাৰীৰ প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয়ত বৰ্হিঃবিভাগ সেৱা মুকলি কৰিব ৷ অসমৰ ১৪ নম্বৰৰ এই চিকিৎসা মহাবিদ্যালয়খন ৪৫০ বিছনাযুক্ত চিকিৎসালয়, প্ৰতি বছৰত ১০০গৰাকী এম বি বি এছ ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তি সক্ষমতা, ছাত্ৰাৱাস আদি সুবিধাৰে সমৃদ্ধ হ'ব ।

CM Himanta Biswa Sarma's Birthday
মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ জন্মবাৰ্ষিকী উদযাপন (ETV Bharat)
  • মৰিগাঁৱত মুকলি কৰিব দলং :

শনিবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে জাগীৰোড-মৰিগাঁও সংযোগী পথৰ জাগি-ভকতগাঁৱত থকা এখন পকী দলং উদ্বোধন কৰিব ৷ জাগীৰোড-মৰিগাঁৱৰ মূল পথৰ এই দলংখন নথকাৰ বাবে দীৰ্ঘদিনে সমস্যা বহু সমস্যাৰ সন্মুখীন হৈ আহিছিল মৰিগাঁওবাসীয়ে ৷

ইয়াৰ উপৰিও সন্ধিয়াৰ ভাগলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে গুৱাহাটী চাফাই কৰ্মীৰ সন্তানৰ সৈতে সময় পাৰ কৰিব ৷ এই চাফাই কৰ্মীৰ কণমানি সন্তানসকল মূলতঃ সংস্কৃতিৰ সৈতে জড়িত । যোৱা ডিচেম্বৰ মাহত গুৱাহাটীত এক সাংস্কৃতিক অনুষ্ঠানত ভাগ লৈ অসমৰ সত্ৰীয়া সংস্কৃতি প্ৰদৰ্শনত ভাগ লৈছিল তেওঁলোকে । তেতিয়াই তাত উপস্থিত থকা মুখ্যমন্ত্ৰীয়ে তেওঁলোকৰ সৈতে ভালকৈ সময় লৈ লগ কৰিব বুলি কথা দিছিল । সেয়ে তাৰ বাবে নিজৰ জন্মবাৰ্ষিকীৰ দিনটো বাচি ল’লে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক : আপোন ঘৰ আঁচনি; ৩০ লাখ পৰ্যন্ত ঋণ ল'ব পাৰিব চৰকাৰী কৰ্মচাৰীয়ে

লগতে পঢ়ক : জাতিটোক-ৰাজ্যখনকলৈ এক অৰুণোদয় যাত্ৰা আৰম্ভ কৰিছো : মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.