সংসদত বাজেট দাখিল বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ - BUDGET 2025
🎬 Watch Now: Feature Video
Published : Feb 1, 2025, 11:23 AM IST
কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে শনিবাৰে পুৱা ১১ বজাত সংসদত উপস্থাপন কৰিছে বাজেট ৷ পদ্ম বঁটা বিজয়ী দুলাৰী দেৱীয়ে উপহাৰ দিয়া মধুবনী কলাৰ শাৰী পৰিধান কৰি বিত্তমন্ত্ৰীগৰাকীয়ে আজি সংসদত বাজেট দাখিল কৰে ৷ ডিজিটেল ফৰ্মেটত বাজেট উপস্থাপন কৰিবলৈ তেওঁৰ হাতত ব্ৰীফকেছৰ সলনি টেবলেট আছিল । টেবলেটটো ব্ৰীফকেছৰ সলনি সোণালী জাতীয় প্ৰতীকৰে ৰঙা কভাৰৰ ভিতৰত ৰখা হৈছিল । ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰি পোনে পোনে সংসদলৈ যায় বিত্তমন্ত্ৰী । ভাৰতৰ প্ৰথমগৰাকী পূৰ্ণকালীন মহিলা বিত্তমন্ত্ৰী সীতাৰমণে ২০১৯ চনৰ জুলাই মাহত বাজেট ব্ৰীফকেছ কঢ়িয়াই নিয়াৰ ঔপনিৱেশিক পৰম্পৰা ভংগ কৰিছিল আৰু ইয়াৰ পৰিৱৰ্তে কেন্দ্ৰীয় বাজেটৰ কাগজ কঢ়িয়াই নিবলৈ পৰম্পৰাগত ‘বহী-খাতা’ৰ পথ বাছি লৈছিল ।