প্ৰথমবাৰলৈ ৰাজধানীৰ বাহিৰত মুখ্যমন্ত্ৰীয়ে উন্মোচন কৰে গণৰাজ্য দিৱসৰ পতাকা LIVE - REPUBLIC DAY 2025
🎬 Watch Now: Feature Video
Published : Jan 26, 2025, 9:41 AM IST
আজি 76 সংখ্যক গণৰাজ্য দিৱস । সমগ্ৰ দেশে অতি উলহ-মালহেৰে উদযাপন কৰিছে গণৰাজ্য দিৱসটি ৷ অসমৰ ভিন্ন প্ৰান্তটো আয়োজন কৰা হৈছে গণৰাজ্য দিৱসৰ বিভিন্ন কাৰ্যসূচী ৷ প্ৰথমবাৰৰ বাবে ৰাজধানীৰ বাহিৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড়ত গণৰাজ্য দিৱসৰ পতাকা উন্মোচন কৰে ৷ তাৰ পাচতে ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত আয়োজিত এই কাৰ্যসূচীৰ পৰাই মুখ্যমন্ত্ৰীয়ে সম্বোধন কৰে ৰাজ্যবাসীক । যাৰ বাবে ডিব্ৰুগড়ত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে । ডিব্ৰুগড়ত যাতে কোনো ধৰণৰ কূটাঘাত সংঘটিত নহয় তাৰ বাবে সষ্টম হৈ আছে জিলা প্ৰশাসনো । অসমৰ মুখ্যমন্ত্ৰীয়ে ডিব্ৰুগড়ত গণৰাজ্য দিৱসৰ পতাকা উন্মোচন কৰাৰ বিপৰীতে গুৱাহাটীৰ খানাপাৰাত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা গণৰাজ্য দিৱসৰ অনুষ্ঠানত পতাকা উৰুৱাই ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ৷