ETV Bharat / bharat

ভাৰত ৭৬ তম গণৰাজ্য দিৱসত সীমান্তত বিএছএফ-পাকিস্তানী ৰেঞ্জাৰৰ মিঠাই আদান-প্ৰদান - EXCHANGE OF SWEETS BETWEEN INDO PAK

গণৰাজ্য় দিৱস উপলক্ষে ৰাজস্থানৰ ভাৰত-পাক আন্তঃৰাষ্ট্ৰীয় সীমান্তত দুয়ো দেশে বিনিময় কৰিলে মিঠাই ।

Exchange of sweets between Indo Pak
ভাৰত আৰু পাকিস্তানৰ নিৰাপত্তা বাহিনীৰ মিঠাই বিনিময় (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Jan 26, 2025, 10:03 PM IST

জয়সলমেৰঃ আজি দেশবাসীয়ে উলহ-মালহেৰে উদযাপন কৰে ৭৬ সংখ্যক গণৰাজ্য় দিৱস । এই দিৱস উপলক্ষে ৰাজস্থানৰ জয়ছলমেৰ জিলাৰ ভাৰত-পাক আন্তঃৰাষ্ট্ৰীয় সীমান্তত ভাৰত আৰু পাকিস্তানৰ নিৰাপত্তা বাহিনীয়ে মিঠাই বিনিময় কৰে । এই উপলক্ষে সীমান্ত সুৰক্ষা বাহিনীয়ে গণৰাজ্য় দিৱস উদযাপন কৰি সকলো সীমান্ত চৌকিতে পতাকা উত্তোলন কৰে ।

মিঠাই বিনিময়ৰ সময়ত পাকিস্তান ৰেঞ্জাৰসকলে বিএছএফ বিষয়াসকলক গণৰাজ্য় দিৱসৰ মিঠাই উপহাৰ দিয়ে । আনহাতে, ভাৰতীয় বিষয়াসকলে পাকিস্তান ৰেঞ্জাৰসকলক মিঠাই আগবঢ়াই তেওঁলোকক 'শুভ গণৰাজ্য় দিৱস'ৰে শুভেচ্ছা জ্ঞাপন কৰে । এই বিনিময়ে দুয়োখন দেশৰ মাজত ঐক্য আৰু সদিচ্ছাৰ বাৰ্তা প্ৰদান কৰে ।

বিএছএফৰ বিষয়াসকলৰ মতে, বিভিন্ন উৎসৱ, ৰাষ্ট্ৰীয় উৎসৱ আৰু অন্যান্য বিশেষ অনুষ্ঠানত দুয়োখন দেশৰ মাজত মিঠাই বিনিময় কৰাৰ এক দীঘলীয়া পৰম্পৰা চলি আহিছে । গণৰাজ্য় দিৱসত একেই পৰম্পৰাৰে মিঠাই বিনিময় কৰা হয় । বিএছএফৰ সূত্ৰ অনুসৰি, পশ্চিম সীমান্তৰ জয়ছলমেৰকে ধৰি বাৰমেৰ, বিকানেৰ আৰু গংগানগৰ জিলাৰ কেইবাটাও সীমান্ত চৌকিত মিঠাই বিনিময় কৰে । ইফালে, বিএছএফে জয়ছলমেৰৰ বিখ্যাত ঘোটুৱান লাড্ডু আৰু অন্যান্য মিঠাই পাকিস্তানী ৰেঞ্জাৰসকলক উপহাৰ দিয়ে ।

উল্লেখ্য় যে ২০১৯ৰ ১৪ ফেব্ৰুৱাৰীৰ পূৰ্বে হোলী, দেৱালী, ঈদ, ২৬ জানুৱাৰী, ১৫ আগষ্ট আদি আনন্দৰ অনুষ্ঠানতেই দুয়োখন দেশৰ মাজত মিঠাইৰ আদান-প্ৰদান কৰা হৈছিল । কিন্তু ২০১৯ৰ ১৪ ফেব্ৰুৱাৰীৰ পিছত দুয়োখন দেশৰ মাজৰ সম্পৰ্কত অৱনতি ঘটাৰ লগতে সৃষ্টি হোৱা উত্তেজনাৰ বাবে এই পৰম্পৰা কিছু সময়ৰ বাবে বন্ধ কৰা হয় । মিঠাইৰ আদান-প্ৰদান প্ৰায় তিনি বছৰ ধৰি বন্ধ হৈ আছিল । শেহতীয়াকৈ দুয়োখন দেশৰ মাজত উত্তেজনা হ্ৰাস হোৱাত দেৱালী, হোলী, ঈদ, স্বাধীনতা আৰু গণৰাজ্য দিৱসৰ দৰে বিশেষ অনুষ্ঠানত মিঠাইৰ আদান-প্ৰদান পুনৰ আৰম্ভ হৈছে ।

লগতে পঢ়ক:ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ 95টা স্থানত জৰুৰীভাৱে প্ৰয়োজন বেৰৰ - INDO BANGLADESH BORDER

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.