ETV Bharat / bharat

ইউনিফৰ্ম চিভিল কোড কাৰ্যকৰী হোৱা প্ৰথম ৰাজ্যৰূপে চিহ্নিত হ'ল উত্তৰাখণ্ড - UNIFORM CIVIL CODE

উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীয়ে সোমবাৰে ইউ চি চিৰ নিয়মাৱলী আৰু পৰ্টেল মুকলি কৰে ।

Uniform Civil Code
UCC কাৰ্যকৰী হোৱা প্ৰথম ৰাজ্য হ'ল উত্তৰাখণ্ড (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Jan 27, 2025, 2:19 PM IST

Updated : Jan 27, 2025, 4:53 PM IST

ডেৰাডুন : দীঘলীয়া বিতৰ্ক আৰু প্ৰত্যাশাৰ অন্তত দেশত কাৰ্যকৰী হ'ল অভিন্ন নাগৰিক সংহিতা বা ইউনিফৰ্ম চিভিল কোড (UCC)। দেশৰ ভিতৰতে প্ৰথমবাৰৰ বাবে উত্তৰাখণ্ডত কাৰ্যকৰী হ'ল ইউ চি চি । উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে সোমবাৰে ইউ চি চিৰ নিয়মাৱলী আৰু পৰ্টেল মুকলি কৰে । লগে লগে উত্তৰাখণ্ডত অভিন্ন নাগৰিক সংহিতা কাৰ্যকৰী হ'ল । এনে পৰিস্থিতিত বিবাহ পঞ্জীয়ন, বিবাহ বিচ্ছেদকে ধৰি সকলো প্ৰক্ৰিয়া ইউ চি চি নিয়মৰ অধীনত হ'ব ।

উত্তৰাখণ্ডত কাৰ্যকৰী অভিন্ন নাগৰিক সংহিতা

সোমবাৰে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীৰ বাসগৃহত থকা মুখ্য সেৱক সদনত আয়োজিত এক অনুষ্ঠানত ইউ চি চি নিয়মাৱলী আৰু পৰ্টেল মুকলি কৰা হয় । মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে ইউ চি চি নিয়মাৱলী আৰু পৰ্টেল মুকলি কৰে । ইউ চি চি কাৰ্যকৰী হোৱাৰ লগে লগে উত্তৰাখণ্ডত বিবাহ পঞ্জীয়ন আৰু লিভ-ইন পঞ্জীয়ন বাধ্যতামূলক হৈ পৰে ।

উত্তৰাখণ্ডত অভিন্ন নাগৰিক সংহিতা কাৰ্যকৰী হোৱাৰ পিছত এতিয়া ইউ চি চি আইনে সকলো ব্যক্তিগত আইন কৰ্তন কৰিব । অৰ্থাৎ যদি ইউ চি চি আইনত কোনো ব্যৱস্থা দিয়া হৈছে, তেন্তে সেই পৰিমাণে ব্যক্তিগত আইন বা আন যিকোনো আইন অকাৰ্যকৰী হৈ পৰিব । সেই আইনৰ স্থানত ইউ চি চি কাৰ্যকৰী কৰা হয় । প্ৰকৃততে আইন অনুসৰি নিয়মবোৰ প্ৰস্তুত কৰা হৈছে ।

প্ৰাক্তন মুখ্য সচিব তথা ইউ চি চি নিয়ম প্ৰস্তুত কৰাৰ বাবে গঠন কৰা সমিতিৰ অধ্যক্ষ শত্ৰুঘ্ন সিঙে কয় :

"নিয়মাৱলী প্ৰস্তুত কৰিবলৈ যথেষ্ট অধ্যয়ন কৰা হৈছিল । যাৰ অধীনত আইন আয়োগৰ প্ৰতিবেদনকে ধৰি সকলো প্ৰতিবেদন পঢ়ি তথ্য লাভ কৰা হৈছিল । সমিতিৰ তিনিগৰাকী সদস্যই সমগ্ৰ ৰাজ্য ভ্ৰমণ কৰিছিল । মানুহৰ সৈতে কথা পাতিছিল আৰু পৰামৰ্শ গ্ৰহণ কৰিছিল । লগতে, নিয়মাৱলীবোৰত এনে ব্যৱস্থা কৰা হৈছে যে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত পদক্ষেপ লোৱা উচিত । আইনখন ৰূপায়ণ কৰাৰ পূৰ্বে যিসকলে বহুবিবাহ কৰিছিল তেওঁলোককো বিবাহ পঞ্জীয়নৰ সুবিধা প্ৰদান কৰা হৈছে । ব্যৱহাৰকাৰীৰ সুবিধাৰ ওপৰত গুৰুত্ব দিয়া হৈছে । ইউ চি চি পৰ্টেলটো আন বিভাগৰ সৈতে সংযুক্ত কৰা হৈছে । জনসাধাৰণৰ সুবিধাৰ বাবে ৰিয়েল টাইম ডাটাবেচ প্ৰস্তুত কৰাৰ লগতে, সময়ে সময়ে তথ্য আপডেট কৰাৰ সুবিধাও প্ৰদান কৰা হৈছে ।"

উল্লেখ্য যে ইউ চি চিৰ লক্ষ্য হৈছে বিবাহ, বিবাহ বিচ্ছেদ, উত্তৰাধিকাৰ সম্পৰ্কীয় ব্যক্তিগত আইনবোৰ সৰল কৰা ।

ইয়াৰ অধীনত বিবাহ কেৱল সেই পক্ষবোৰৰ মাজতহে সম্পন্ন কৰিব পাৰি-

যাৰ স্বামী/পত্নী জীৱিত অৱস্থাত নাই

আইনী অনুমতি দিবলৈ দুয়োগৰাকী মানসিকভাৱে সক্ষম হ'ব লাগিব

পুৰুষৰ বয়স কমেও ২১ বছৰ আৰু মহিলাৰ ১৮ বছৰ সম্পূৰ্ণ হ'ব লাগিব

তেওঁলোক কোনো নিষিদ্ধ সম্পৰ্কত জড়িত থাকিব নালাগিব

ধৰ্মীয় ৰীতি-নীতি বা আইনী ব্যৱস্থা অনুসৰি বিবাহ যিকোনো প্ৰকাৰে সম্পন্ন কৰিব পাৰে, কিন্তু আইনখন প্ৰণয়ন কৰাৰ ৬০ দিনৰ ভিতৰত বিবাহ পঞ্জীয়ন কৰাটো বাধ্যতামূলক হ'ব ।

ইফালে বিজেপিয়ে দেশজুৰি কেইবা বছৰ ধৰি ইউ চি চিক লৈ ব্যাপক প্ৰচাৰ কৰা দেখা গৈছিল । অৱশ্যে উত্তৰাখণ্ডৰ বিজেপি চৰকাৰে বিগত লোকসভা নিৰ্বাচনৰ ঠিক পূৰ্বে ইয়াক কাৰ্যকৰী কৰাৰ দিশত এক দৃঢ় পদক্ষেপ লয় । উত্তৰাখণ্ডৰ এই পদক্ষেপে বিজেপি শাসিত আন ৰাজ্যসমূহকো ইউচিচিৰ ক্ষেত্ৰত আগ্ৰহী কৰিব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক :আটাৰী-ৱাঘা সীমান্তত গণৰাজ্য দিৱসত দেশপ্ৰেমৰ জোৱাৰ - TRICOLOR UNFURL AT WAGAH BORDER

Last Updated : Jan 27, 2025, 4:53 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.