মেষ ৰাশি : আপোনাৰ খং-ৰাগৰ বাবে সম্পৰ্কত প্ৰভাৱ পৰিব পাৰে । কৰ্মক্ষেত্ৰত শান্ত হৈ থাকক । আপুনি এলেহুৱা অনুভৱ কৰিব পাৰে । যিয়ে কর্মত প্ৰভাৱ পেলাব । হতাশা আহিব পাৰে । ধৰ্মীয় আৰু ভাল কামৰ বাবে দিনটো শুভ । মন্দিৰ ভ্রমণ হ'ব পাৰে ।
বৃষ ৰাশি : আপুনি সন্তানৰ স্বাস্থ্যৰ প্ৰতি মনোযোগ দিব । সন্তানক সন্মান কৰিবলৈ শিকোৱাটো পিতৃ-মাতৃৰ বাবে গুৰুত্বপূৰ্ণ । বন্ধুৰ লগত পার্টী হ'ব পাৰে । প্রতিযোগিতা বা অধ্যয়নত অংশ ল'ব পাৰে ।
মিথুন ৰাশি : ব্যৱসায় কৰিলে লক্ষ্যত সফল হ'ব, ব্যৱসায় বৃদ্ধিৰ যোগ আছে । কৰ্মক্ষেত্ৰত অধিক ব্যস্ত হ'ব পাৰে । কৰ্ম বা ব্যৱসায়ত সফলতা আহিব ।
কৰ্কট ৰাশি : আপুনি আজি আনক মানসিক আঘাত দিব পাৰে । কিন্তু প্ৰেমৰ সম্পর্ক ভালে থাকিব । বিবাহৰ যোগ আছে । আপোনাৰ দিনটো আজি প্ৰায় ভালে যাব । পিতৃ-মাতৃ আৰু সন্তানৰ মাজত তৰ্ক-বিতৰ্ক হ'ব পাৰে । খৰচ বৃদ্ধি হ'ব পাৰে । টকা-পইচাক লৈ চিন্তিত হ'ব পাৰে । আপুনি সক্ৰিয় হৈ থাকিব । প্ৰেমত শুভ ।
সিংহ ৰাশি : আপুনি সক্ৰিয় হৈ থাকিব । আপোনাৰ দিনটো প্ৰায় ভালে যাব । আপোনাৰ পচন্দৰ কামে বহু লোকৰ সৈতে চিনাকী কৰাব পাৰে । নতুন বন্ধু হোৱাৰ সম্ভাৱনা আছে । বন্ধুত্বৰ ক্ষেত্ৰত ভাল । আপুনি কঠোৰ পৰিশ্ৰমৰ ফল পাব । ধৈৰ্য্যশীলসকল লাভৱান হ'ব ।
কন্যা ৰাশি : দিনটোত বিপদাশংকা নাই কিন্তু আপুনি কৰ্ম আৰু ব্যৱসায়ত সতৰ্ক থকাটো ভাল । পৰচৰ্চাৰ পৰা আঁতৰি থকা উচিত । লক্ষ্যত উপনীত নহ'ব পাৰে । আপুনি আপোনাৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলৈ সক্ষম নহ'ব পাৰে,কিন্তু চিন্তা নকৰিব । দিনটোত সফলতা আহিব ।
তুলা ৰাশি : মনটোক আনন্দিত কৰি ৰাখক । আপোনাৰ আজিৰ দিনটো প্ৰায় ভালে যাব । আত্মসন্মান বঢ়াবলৈ প্ৰেমৰ অভিনয় কৰাটো উচিত নহয় । খং বা ৰাগৰ ওপৰত নিয়ন্ত্রণ কৰি প্ৰেমৰ সম্পর্কত মনোযোগ দিব । যাত্রা বা ভ্রমণৰ যোগ আছে । সন্ধিয়ালৈ সকলো অশান্তি দূৰ হ'ব । বন্ধুবৰ্গৰ সৈতে সম্পৰ্ক ভালে যাব ।
বৃশ্চিক ৰাশি : আজি গোটেই দিন আপোনাৰ লাভ বন্ধ হৈ থাকিব । অনাৱশ্যক ব্যয় নিয়ন্ত্ৰণ কৰিব লাগিব । আপোনাৰ পৰিয়ালৰ মাজত কাজিয়া বা বিবাদৰ সৃষ্টি হ'ব পৰা পৰিস্থিতিৰ পৰা আঁতৰি থাকক । আপোনাৰ পৰিয়ালৰ লোকৰ মাজত ভুল বুজাবুজি দূৰ কৰক । শাৰীৰিক সমস্যাই আপোনাক কষ্ট দিব । নেতিবাচক চিন্তা নকৰিব আৰু অনৈতিক কাৰ্যকলাপৰ পৰা আঁতৰি থাকিব । শিক্ষাৰ্থীসকলৰ বাবে দিনটো উত্তম নহয় ।
ধনু ৰাশি : যাত্রা বা মন্দিৰ ভ্রমণ হ'ব পাৰে । ধৰ্মীয় আৰু ভাল কামৰ বাবে দিনটো উত্তম । সুনাম অৰ্জন কৰিব পাৰিব । আপুনি ব্যৱসায়ত সফল হ'ব ।
মকৰ ৰাশি : প্ৰতিটো খোজ সাৱধানে দিব । কৰ্মক্ষেত্ৰত আপুনি সহযোগিতা লাভ কৰিব পাৰে । আপোনাৰ আয়তকৈ ব্যয় অধিক হ'ব । আজি আপুনি ধৰ্মীয় আৰু সামাজিক কৰ্মত ব্যস্ত হৈ থাকিব, যাৰ ফলত আপোনাৰ ব্যয় বাঢ়িব পাৰে । স্বাস্থ্যজনিত সমস্যাক লৈ চিন্তিত হ'ব পাৰে । সন্তান বা আত্মীয়ৰ সৈতে কাজিয়া হ'ব পাৰে । সফলতাৰ বাবে অধিক পৰিশ্ৰম কৰিব লাগিব । উদ্বিগ্ন হৈ থাকিব, যিয়ে আপোনাক আমনি দিব । দুৰ্ঘটনাৰ সন্মুখীন হ'ব পাৰে, সাৱধানে থাকক ।
কুম্ভ ৰাশি : নতুন কামত হাত দিয়াৰ বাবে আজিৰ দিনটো শুভ । কৰ্মক্ষেত্ৰত (চাকৰি আৰু ব্যৱসায়ত) আপুনি সফলতা পাব পাৰে । কোনো বান্ধৱীয়ে আপোনাক নতুন কামৰ দায়িত্ব দিব পাৰে । ধনদেৱীৰ কৃপা লাভ কৰিব । আপোনাৰ সামাজিক খ্যাতি বৃদ্ধি পাব । সন্তানৰ সৈতে সম্পৰ্ক ভালে থাকিব । পত্নী আৰু পুত্ৰৰ পৰা সুসংবাদ পোৱাৰ সম্ভাৱনা আছে । বিবাহপ্ৰাৰ্থীসকলৰ কাৰণে দিনটো শুভ । আনন্দদায়ক ভ্ৰমণ হ'ব পাৰে ।
মীন ৰাশি : কৰ্মক্ষেত্ৰত সাৱধান হোৱা উচিত । পুৰণি অসম্পূৰ্ণ কাম সম্পন্ন কৰাত সহায় হʼব । বিবাদ সমাধান কৰাৰ বাবে পুনৰ চেষ্টা কৰিব পাৰে । ভাল কাম কৰিবলৈ যাওতে অধিক পৰিশ্ৰম হ'ব পাৰে ।