ETV Bharat / bharat

আজি দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ: ৭০ খন আসনৰ বাবে ভোটযুদ্ধ আৰম্ভ - DELHI ASSEMBLY ELECTION 2025

দিল্লীত ১,৫৬,১৪,০০০ গৰাকী ভোটাৰে আজি নিৰ্ণয় কৰিব ৬৯৯ গৰাকী প্ৰাৰ্থীৰ ভাগ্য ।

Delhi Assembly Election
দিল্লী বিধানসভা নিৰ্বাচন (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Feb 5, 2025, 7:14 AM IST

নতুন দিল্লী: কঠোৰ নিৰাপত্তা ব্যৱস্থাৰ মাজতে বুধবাৰে পুৱা ৭ বজাত দিল্লীত আৰম্ভ হৈছে ভোটগ্ৰহণ । ৭০ খন আসনৰ বাবে একক পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ বাবে ইতিমধ্য়ে ভোটগ্ৰহণ আৰম্ভ হৈছে । প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ নেতৃত্বত আম আদমী পাৰ্টীয়ে একেৰাহে তৃতীয়বাৰ জনাদেশৰ বাবে শক্তিশালী প্ৰচেষ্টাৰে বিগত সময়ত অভিযান চলাইছে । আনহাতে, ভাৰতীয় জনতা পাৰ্টি (বিজেপি) আৰু কংগ্ৰেছ দলে ৰাষ্ট্ৰীয় ৰাজধানীত পুনৰ প্ৰত্যাৱৰ্তনৰ বাবে সৰ্বশক্তিৰে প্ৰচেষ্টা চলোৱাৰ অন্তত আজি আৰম্ভ হৈছে দলকেইটাৰ প্ৰাৰ্থীসকলৰ ভাগ্য় নিৰ্ণয় পৰ্ব ।

এই নিৰ্বাচনত মুঠ ১,৫৬,১৪,০০০ গৰাকী ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব । তেওঁলোকে ৭০ খন আসনত নিৰ্বাচনত অৱতীৰ্ণ হোৱা ৬৯৯ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব । নিৰ্বাচন আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি, দিল্লীত ৮৩,৭৬,১৭৩ জন পুৰুষ ভোটাৰ, ৭২,৩৬,৫৬০ গৰাকী মহিলা আৰু ১,২৬৭ জন তৃতীয় লিংগৰ ভোটাৰ আছে । এইবাৰ, লিংগ অনুপাত ৮৬৪ আৰু ই পি অনুপাত (নিৰ্বাচক আৰু জনসংখ্যা অনুপাত) ৭১.৮৬ হিচাপে নথিভুক্ত কৰা হৈছে ।

Delhi Assembly Election
কাৰ হাতত থাকিব দিল্লীৰ বাঘজৰী ! (ETV Bharat)

যুৱ ভোটাৰ:

এইবাৰ দিল্লীৰ ভোটাৰ তালিকাত যুৱ আৰু জ্যেষ্ঠ নাগৰিকৰ সংখ্য়া মন কৰিবলগীয়া । প্ৰায় ২,৩৯,৯০৫ জন যুৱ ভোটাৰে (১৮-১৯ বছৰ) প্ৰথমবাৰৰ বাবে ভোটদান কৰিব । একে সময়তে গণতন্ত্ৰৰ এই মহান উৎসৱত ৮৫ বছৰৰ অধিক বয়সৰ ১,০৯,৩৬৮ জন জ্যেষ্ঠ নাগৰিক আৰু ১০০ বছৰৰ অধিক বয়সৰ ৭৮৩ জন ভোটাৰেও অংশগ্ৰহণ কৰিব । তদুপৰি ৭৯,৮৮৫ জন দিব্যাংগ ভোটাৰ আৰু ১২,৭৩৬ জন সেৱা ভোটাৰকো তালিকাখনত অন্তৰ্ভুক্ত কৰা হৈছে ।

১৩,৭৬৬ টা ভোটকেন্দ্ৰ:

এইবাৰ ৰাজ্যখনত মুঠ ১৩,৭৬৬ টা ভোটকেন্দ্ৰ স্থাপন কৰা হৈছে । সমগ্ৰ দিল্লীত স্থাপন কৰা হৈছে ২,৬৯৬ টা ভোটকেন্দ্ৰ । ভোটাৰসকলে ভোটদানৰ সময়ত ভিৰৰ স্তৰ পৰীক্ষা কৰিবলৈ এটা কিউ মেনেজমেণ্ট চিষ্টেম (কিউ এম এছ) এপ আৰম্ভ কৰা হৈছে ।

সংবেদনশীল হিচাপে প্ৰায় ৩,০০০ টা ভোটকেন্দ্ৰ চিনাক্ত কৰা হৈছে । নিৰ্বাচন সুচাৰুৰূপে অনুষ্ঠিত কৰিবলৈ ৩৫,৬২৬ জন দিল্লী আৰক্ষী আৰু ১৯,০০০ গৰাকী গৃহৰক্ষী জোৱানৰ সৈতে অৰ্ধসামৰিক বাহিনীৰ প্ৰায় ২২০ টা কোম্পানী মোতায়েন কৰা হৈছে । ইতিমধ্যে গৃহ ভোটদান সুবিধাৰ অধীনত ৭,৫৫৩ জন যোগ্য ভোটাৰৰ ভিতৰত ৬,৯৮০ জনে ভোটদান কৰিছে ।

ভোটগণনা:

ভোটগণনা অহা ৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব । ৭০ খন আসনৰ ভিতৰত ১২ খন বিধানসভা আসন অনুসূচিত জাতিৰ বাবে সংৰক্ষিত । উল্লেখ্য় যে ২০২০ চনৰ নিৰ্বাচনত আপে মুঠ ৭০ খন আসনৰ ভিতৰত ৬২ খন আসন লাভ কৰিছিল ।

লগতে পঢ়ক:মুখ্যমন্ত্ৰী আতিশীৰ বিৰুদ্ধে গোচৰ ৰুজু দিল্লী আৰক্ষীৰ - CASE AGAINST DELHI CM

দেওবাৰে ৪ খনকৈ দিল্লী নিৰ্বাচনৰ প্ৰচাৰ সভা অসমৰ মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শর্মাৰ - CM HIMANTA BISWA SARMA

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.