মেষ ৰাশি: পুৰণি ইচ্ছাৰ প্ৰতি আসক্ত হৈ পৰিব পাৰে । কৰ্মজীৱনত ভাল বন্ধু লাভ হʼব । আপুনি প্ৰায় সফল হʼব । টকা-পইচা জমা কৰিব পাৰিব ।
বৃষ ৰাশি: আপোনাৰ খং-ৰাগৰ বাবে সম্পর্কত প্ৰভাৱ পৰিব পাৰে । শান্ত হৈ থাকক । দিনটোত বিপদৰ আশংকা আছে ৷ নতুন ব্যৱসায় নকৰিব ।
মিথুন ৰাশি: যিকোনো সৎকৰ্মত আপুনি কোনো পলম নকৰাকৈ সফল হ'ব । সেই ফল পাবলৈ আপুনি কৰ্মত মনোযোগ দিবলগীয়া হʼব । আপুনি এবাৰ লক্ষ্য স্থিৰ কৰাৰ পিছত তাত উপনীত হ’বলৈ পৰিশ্ৰম কৰক । লক্ষ্যত উপনীত হৈ আপুনি আনন্দিত হ'ব ।
কৰ্কট ৰাশি: আজিৰ দিনটো নাৰীৰ বাবে সৌভাগ্যময় । আপোনাৰ সম্পত্তি আৰু ঘৰখনৰ পৰা লাভৱান হʼব । আনৰ পৰা প্ৰশংসা পাব । বন্ধুবৰ্গৰ লগত ভাল সময় পাৰ হʼব । কৰ্মজীৱন ভাল হʼব । আজিৰ দিনটোত ব্যৱসায় কৰিলে সফল আৰু লাভৱান হʼব ।
সিংহ ৰাশি: আজি আপোনাৰ নিজকে সক্ৰিয় যেন অনুভৱ হʼব । আনন্দিত হৈ থাকিব আজিৰ দিনটোত । অৱশ্যে প্ৰত্যাহ্বানৰো সম্মুখীন হʼব পাৰে । ভাগ্য ভাল । ব্যৱসায়ত সফল হʼব ।
কন্যা ৰাশি: আজি আপোনাৰ ভয়, নিৰাপত্তাহীনতা আৰু অনিশ্চয়তাৰে দিনটো পাৰ হʼব । ভাল বন্ধু লাভ হʼব । তেওঁলোকক স্পষ্টকৈ কওক যে আপুনি নৈতিক শুদ্ধতা বজাই ৰাখিবলৈ প্ৰতিজ্ঞাবদ্ধ ৷ সতৰ্কতা অৱলম্বন কৰা উচিত ।
তুলা ৰাশি: আজি আপুনি নিজৰ সৌন্দৰ্যৰ ওপৰত মনোযোগ দিব । সৌন্দৰ্য বৃদ্ধি কৰিবলৈ কিছু ধনো খৰচ হʼব পাৰে । নতুন সাজ-পোছাক কিনিব । বজাৰ কৰিবলৈ যোৱাৰ সময়ত সীমিত পৰিমাণে টকা নিয়াটো উচিত হ'ব ।
বৃশ্চিক ৰাশি: সৰু-সুৰা দুৰ্বলতাবোৰ আওকাণ কৰাৰ পৰিৱৰ্তে তাক লৈ বাদ-বিবাদ আৰম্ভ হʼব । সেইবাবে খং-ৰাগৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক । পৰচৰ্চা কৰাৰ পৰা আঁতৰি থকাটো উচিত । সন্ধিয়া আপোনাৰ প্ৰায় ভাল হʼব । আৰাম কৰিব পাৰে ।
ধনু ৰাশি: ব্যৱসায়ত সফল হʼব ৷ ব্যৱসায় ডাঙৰ কৰাতো সফল হʼব । উত্তমৰূপে কথোপকথন কৰাটো আৱশ্যক | উচিত সময়ত কার্য কৰিলে লক্ষ্যপ্ৰাপ্তি হʼব ।
মকৰ ৰাশি: আমাৰ নিজৰ ওপৰত বিশ্বাস-ভৰসা থাকিলে লক্ষ্যপ্ৰাপ্তিত সফল হয় । আজি আপুনি সঠিক মনোবৃত্তি আহৰণ কৰাৰ ফলত সফল হʼব । সহজতে আপুনি নিৰুৎসাহিত হৈ নপৰিব । আপুনি নিজৰ উপার্জনৰ ওপৰত গৌৰৱ কৰিব ।
কুম্ভ ৰাশি: পাৰ্টী হʼব পাৰে বন্ধু আৰু প্ৰেমাস্পদৰ লগত । বন্ধুবৰ্গৰ বিয়া বা নতুন বস্তুৰ পাৰ্টী হʼব । আজি ভাগ্য ভাল হʼব । দিনটো আপোনাৰ প্ৰায় সফল হʼব । ব্যৱসায়ত লাভ হʼব ।
মীন ৰাশি: আপোনাৰ আজি গ্ৰহ প্ৰায় ভাল যদিও টকা-পইচা অনিশ্চিত হʼব পাৰে, খৰচ বৃদ্ধি হʼব পাৰে । টকা-পইচা খৰচ সাৱধানে কৰিব ।