ETV Bharat / state

অমনক হত্যা কৰি কোনে কাঢ়ি নিলে ৩ লাখ ? - BODY OF YOUTH RECOVERED

ডিব্ৰুগড়ৰ টিংখাঙত চাঞ্চল্যকৰ ডকাইতিকাণ্ড । থানা ঘেৰাও কৰিলে ৰাইজে ।

Robbery at Tingkhong in Dibrugarh
ডিব্ৰুগড়ৰ টিংখাঙত চাঞ্চল্যকৰ ডকাইতিকাণ্ড (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Feb 5, 2025, 9:49 AM IST

মৰাণ : ডিব্ৰুগড়ৰ টিংখাঙত চাঞ্চল্যকৰ ডকাইতিকাণ্ড ৷ বেংকত ধন জমা কৰিবলৈ যোৱা যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ । মঙলবাৰে টিংখাঙত উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় । হত্যাকাৰীক কৰায়ত্ত কৰাৰ দাবীত টিংখাং থানা ঘেৰাও কৰে ৰাইজে । ২৪ ঘণ্টাৰ ভিতৰত অভিযুক্তক কৰায়ত্ত নকৰিলে ৰাজপথ অৱৰোধ কৰি তীব্ৰ আন্দোলন কৰাৰ হুংকাৰ দিয়ে ৰাইজে ।

কোনে হত্য়া কৰি লুটি লৈ গ'ল ধন ?

ডিব্ৰুগড়ৰ টিংখাঙত চাঞ্চল্যকৰ ডকাইতিকাণ্ড (ETV Bharat Assam)

টিংখাঙত সোমবাৰে দিন-দুপৰতে সংঘটিত হয় এই চাঞ্চল্যকৰ হত্যাকাণ্ডটো । টিংখাং আৰক্ষী থানাৰ অন্তৰ্গত সাপকাইটস্থিত উচুং ৱাইন শ্ব'পৰ কৰ্মচাৰী তথা টিংখাং চাহ বাগিচাৰ বাসিন্দা অমন কুমাৰে (২৫) আনদিনাৰ দৰে সোমবাৰে বিয়লি প্রায় ডেৰ বজাত সুৰা বিপণিৰ পৰা প্ৰায় ৩ লাখৰো অধিক টকা লৈ প্রায় ৬ কিলোমিটাৰ নিলগত থকা ভাৰতীয় ষ্টেট বেংকৰ টিংখাং শাখাত জমা দিবলৈ স্কুটীৰে যোৱাৰ সময়তে সংঘটিত হয় এই ঘটনাটো ।

কেনেকৈ উদ্ধাৰ হ'ল মৃতদেহ ?

Aman Kumar
নিহত অমন কুমাৰ (ETV Bharat Assam)

বেংকত ধন জমা কৰি যুৱকজন সুৰা বিপণিলৈ ঘূৰি নোযোৱাত ৱাইন শ্ব'পৰ গৰাকীয়ে এই বিষয়ে আৰক্ষীক অৱগত কৰে । যুৱকজনৰ ফোনটো বাজি আছিল যদিও ধৰা নাছিল । সেয়েহে আৰক্ষীয়ে যুৱকজনৰ ফোনৰ লোকেচন অনুসৰণ কৰি উদ্ধাৰ কৰে মৃতদেহ । মৃতদেহৰ কাষতেই পৰি আছিল স্কুটীখন । মূল পথৰ পৰা কিছু ভিতৰৰ নিৰ্জন ঠাইত যুৱকজনৰ মৃতদেহ উদ্ধাৰ হোৱালৈ চাই ডকাইতৰ দলটোৱেই যুৱকজনক মূল পথৰ পৰা নি ধন কাঢ়ি লৈ হত্যা কৰিছে বুলি সন্দেহ কৰা হৈছে ।

এই সন্দৰ্ভত সুৰা বিপণিখনৰ গৰাকীয়ে সাংবাদিকৰ আগত কয়, "যোৱা দুবছৰৰ পৰা ৱাইন শ্ব'পখনত কাম কৰি আছে যুৱকজনে । বেংকত ধন জমা কৰিবলৈ প্ৰায়ে যায় । আজিও দিনৰ প্ৰায় ১২:৫০ বজাত বিপণিখনৰ পৰা ওলাই গৈছিল । তেওঁৰ ঘৰ টিংখাঙতে বাবে বেংকত ধন জমা দি ঘৰত ভাত খাই ২:৩০-৩ বজামানত উভতি আহে । আজি উভতি নহাত প্ৰথমে ফোন কৰো । ফোনটো নধৰাত আৰক্ষীক এই বিষয়ে অৱগত কৰো ।"

কোনে জানিছিল ধন নিয়াৰ কথা ?

যুৱকজনে ধন জমা কৰে বুলি ৱাইন শ্ব'পৰ আন কৰ্মচাৰীৰ লগতে পৰিয়ালৰ সদস্যসকলেহে গম পাইছিল । তেনেস্থলত যুৱকজনক হত্যা কৰি কোনে ধন লৈ গ'ল তাক লৈ সৃষ্টি হৈছে ৰহস্য়ৰ । এই হত্যাকাণ্ডৰ ঘটনাক কেন্দ্ৰ কৰি মঙলবাৰে টিংখাঙত উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় । দোষীক কৰায়ত্তৰ দাবীৰে টিংখাং থানা ঘেৰাও কৰে ৰাইজে ।

ৰাইজৰ লগতে থানা ঘেৰাও কাৰ্যসূচীত অংশগ্ৰহণ কৰি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, চাহ জনজাতি ছাত্ৰ সন্থা, চাওতাল ছাত্ৰ সন্থাই দুৰ্বৃত্তক কৰায়ত্ত কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰে । পিছত প্ৰতিবাদকাৰীসকলে টিংখাঙ আৰক্ষী আৰু টিংখাং চক্ৰ বিষয়াক পৃথকে পৃথকে স্মাৰক পত্ৰ প্ৰদান কৰে ।

লগতে পঢ়ক:মূৰত পিষ্টল লগাই ডকাইতে লুটিলে লক্ষাধিক টকা - ROBBERY IN TINSUKIA

চিনেমা চিনেমা লগা ঘটনা ! আহিছিল ডকাইতি কৰিবলৈ, এটাক গৃহস্থই ধৰিলে গবামাৰি - ROBBER ARRESTED IN MORAN

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.