ETV Bharat / entertainment

ড৹ সংগীতা কাকতিৰ কণ্ঠত দুটি আদিবাসী ঝুমুৰ গীত - SANGITA KAKATI JHUMUR SONG

কণ্ঠশিল্পী ড৹ সংগীতা কাকতিৰ কণ্ঠত মুক্তি পালে দুটি ঝুমুৰ গীত । ‘আখৰা বন্দনা কৰি সৰস্বতী’ আৰু ‘কেইছানা মধুপুৰ’ শীৰ্ষক গীত দুটি ইউটিউবত উপলব্ধ ৷

singer dr sangita kakati releases her two new adivasi jhumur song titled KAISANA MADHUPUR and AKHORA BANDANA KORI SARASWATI
কণ্ঠশিল্পী ড৹ সংগীতা কাকতি (Photo : ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : Feb 10, 2025, 1:11 PM IST

গুৱাহাটী : ৰাজ্যই ঝুমুৰ নৃত্যৰে বিশ্ব অভিলেখ গঢ়িবলৈ লোৱাৰ প্ৰাক মুহূৰ্তত আন্তর্জাতিক খ্যাতিসম্পন্ন জনপ্রিয় কণ্ঠশিল্পী, গীতিকাৰ, সুৰকাৰ, সংগীত পৰিচালক আৰু তথ্যচিত্র নির্মাতা ড৹ সংগীতা কাকতিৰ কণ্ঠত মুক্তি পালে দুটি ঝুমুৰ গীতৰ মিউজিক ভিডিঅ’ । শেহতীয়াকৈ মুক্তি লাভ কৰা এই গীত দুটি হৈছে ‘আখৰা বন্দনা কৰি সৰস্বতী’ আৰু ‘কেইছানা মধুপুৰ’ ৷ গীত দুটি সন্দৰ্ভত কিছু কথা জানিবলৈ কণ্ঠশিল্পীগৰাকীক ই টিভি ভাৰতৰ সাংবাদিকে যোগাযোগ কৰে ৷

গীত দুটিৰ সন্দৰ্ভত কণ্ঠশিল্পীগৰাকীৰ মন্তব্য

“গীত দুটা আদিবাসী ঝুমুৰ গীত । চাদ্ৰী ভাষাত নিৰ্মাণ কৰা হৈছে । ‘আখৰা বন্দনা কৰি সৰস্বতী’ গীতটিৰে আদিবাসী জনগোষ্ঠীৰ লোকসকলে তেওঁলোকৰ যিকোনো ধৰণৰ অনুষ্ঠানৰ আৰম্ভণি কৰে । লগতে পুৰুষ-মহিলা সকলোৱে মিলি ঢোল-বাঁহী বজাই নৃত্য কৰে । এই গীতটি আৰম্ভ কৰাৰ পাছতহে বেলেগ বেলেগ নৃত্য কৰা হয় । আনহাতে ‘কেইছানা মধুপুৰ’ গীতটি এটি ধেমেলীয়া গীত । প্ৰথম গীতটি তেওঁলোকৰ সংস্কৃতিৰ গীত বুলি কোৱা হয় । দ্বিতীয় গীতটি তেওঁলোকৰ বিয়া-সবাহ, আদিত গোৱা হয় ।

Dr. Sangita Kakati
ড৹ সংগীতা কাকতিৰ ঝুমুৰ গীতৰ মিউজিক ভিডিঅ’ মুকলি (Photo : ETV Bharat Assam)

তেওঁ লগতে আৰু কয়, “এই গীত দুটিৰ সম্পূৰ্ণ কথা আৰু সুৰ পৰম্পৰাগত । ডিব্ৰুগড় জিলাৰ লাহোৱালৰ ওচৰৰ বাচমতিয়া চাহ-বাগিচা আৰু ৰমাই চাহ-বাগিচাত চিত্ৰগ্ৰহণ কৰা এই গীত দুটিৰ ভিডিঅ’ সেই বাগিচাৰ স্থানীয় শিল্পীসকলক লৈ নিৰ্মাণ কৰা হৈছে । যিহেতু ঝুমুৰ নৃত্যৰে বিশ্ব অভিলেখ গঢ়িবলৈ প্ৰস্তুতি চলাই থকা হৈছে, সেয়ে এই সময়খিনিয়ে উপযুক্ত সময় বুলি ভাবি আমি এই গীত দুটি মুক্তি দিলো ।”

গীত দুটিৰ পৰিকল্পনা কিমান দিনৰ ?

“পৰিকল্পনা আচলতে বহুত দিনৰে । গীত দুটিৰ দৃশ্যগ্ৰহণ ২০২৪ বৰ্ষৰ ডিচেম্বৰ মাহৰ শেষৰ ভাগত কৰা হৈছে । প্ৰথমে এটি গীত কৰাৰ পৰিকল্পনা আছিল, কিন্তু পৰৱৰ্তী সময়ত আৰু এটা গীত কৰাৰ পৰিকল্পনা কৰা হ’ল ।"

উক্ত গীত দুটি বাণীবদ্ধ কৰা হয় গুৱাহাটীৰ ষ্টুডিঅ’ ডি চাইমচত । কেমেৰা কৰিছে সুৰঞ্জীৱে । সম্পাদনা আৰু পৰিচালনা অমৃত বসুমতাৰীৰ । গীতটি ৰাইজে সাদৰেৰে আদৰি ল’ব বুলি আশাবাদী কণ্ঠশিল্পীগৰাকী ।

লগতে পঢ়ক : খো খো বিশ্বকাপৰ প্ৰচাৰৰ গীতটোত কণ্ঠ নিগৰাইছে কন্যা সহিতে ড৹ সংগীতা কাকতিয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.