ETV Bharat / bharat

৩০০ কিলোমিটাৰ পৰ্যন্ত যান-জঁটত আবদ্ধ লাখ লাখ যাত্ৰী: যোগী চৰকাৰক আক্ৰমণ অখিলেশৰ - TRAFFIC JAM IN MAHA KUMBH

ছ'চিয়েল মিডিয়া ইউজাৰসকলে ইয়াক 'বিশ্বৰ আটাইতকৈ ডাঙৰ যান-জঁট' হিচাপে অভিহিত কৰিছে । ইয়াৰ ফলত যাত্ৰীসকল দীঘলীয়া সময় ধৰি আবদ্ধ হৈ পৰে ।

Traffic Jam in Maha Kumbh
কুম্ভমেলাত ৩০০ কিলোমিটাৰ পৰ্যন্ত যান-জঁটত আবদ্ধ লাখ যাত্ৰী (AFP)
author img

By ETV Bharat Assamese Team

Published : Feb 10, 2025, 1:04 PM IST

প্ৰয়াগৰাজ : বাহনৰ সমুদ্ৰত পৰিণত হৈছে উত্তৰ প্ৰদেশৰ পথবোৰ । প্ৰয়াগৰাজৰ মহা কুম্ভমেলালৈ যোৱা পথবোৰত ৩০০ কিলোমিটাৰ পৰ্যন্ত বাহনৰ শাৰী দেখা গৈছে । এই বিশাল বাহনৰ শাৰী দেখিলে এনে হয় যেন এক বিশাল পাৰ্কিং লটহে । যাৰ ফলত লাখ লাখ ভক্ত ঘণ্টা ধৰি আবদ্ধ হৈ থাকিবলগা হৈছে । ফলত বিশ্বৰ সৰ্ববৃহৎ ধৰ্মীয় সমাবেশত উপস্থিত হোৱাৰ আশা বহুতৰে নিৰ্বাপিত হৈছে । এই অভূতপূৰ্ব ভিৰৰ ফলত বহু লোক দেওবাৰ আৰু সোমবাৰে কুম্ভমেলাস্থলীৰ পৰা কেইবাশ কিলোমিটাৰ দূৰৈত তেওঁলোকৰ বাহনতে আবদ্ধ হৈ থাকিবলৈ বাধ্য হৈছে ।

এদিন পূৰ্বে প্ৰয়াগৰাজ অভিমুখে আগবঢ়া যান-বাহনৰ ফলত অত্যধিক ভিৰ প্ৰতিহত কৰিবলৈ আৰক্ষীয়ে ইতিমধ্যে মধ্যপ্ৰদেশৰ বিভিন্ন অঞ্চলত শ শ বাহন ৰখাই দিছে । আনহাতে, এই যান-জঁটৰ দীঘলীয়া শাৰী ইতিমধ্যে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । তাত এই যান-জঁটক ছ'চিয়েল মিডিয়া ইউজাৰসকলে ইয়াক 'বিশ্বৰ আটাইতকৈ ডাঙৰ ট্ৰেফিক জাম' বুলি অভিহিত কৰিছে । এই চৰম বাধা ২০০-৩০০ কিলোমিটাৰ পৰ্যন্ত সম্প্ৰসাৰিত হোৱাৰ খবৰ পোৱা গৈছে । যাৰ ফলত মধ্যপ্ৰদেশৰ মাজেৰে ভ্ৰমণ কৰা তীৰ্থযাত্ৰীসকল প্ৰভাৱিত হৈছে ।

ইফালে এই পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰাজ্যিক আৰক্ষীক একাধিক জিলাত যান-বাহন চলাচল বন্ধ ৰাখিবলৈ বাধ্য কৰাইছে । যাৰ ফলত যাত্ৰীসকল ৰাজপথতে দীঘলীয়া সময় ধৰি আবদ্ধ হৈ পৰে । ইফালে এই যান-জঁটৰ দৃশ্য প্ৰকাশ পোৱাৰ পিছতে উত্তৰ প্ৰদেশ চৰকাৰক তীব্ৰ সমালোচনা কৰিছে সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদৱে । তেওঁ অনুষ্ঠানটো সু-পৰিচালনাৰ ক্ষেত্ৰত প্ৰশাসনৰ ব্যৰ্থতা সন্দৰ্ভত বিস্ফোৰণ ঘটাই কৰ্তৃপক্ষক আবদ্ধ ভক্তসকলৰ দুৰ্দশা সমাধান কৰিবলৈ আহ্বান জনায় ।

"যান-জঁটত আবদ্ধ হৈ থকা ভোকাতুৰ, তৃষ্ণাতুৰ, দুখী আৰু ভাগৰুৱা তীৰ্থযাত্ৰীসকলক মানৱীয় দৃষ্টিভংগীৰে চোৱা উচিত । সাধাৰণ ভক্তসকল মানুহ নহয় নেকি ?" অখিলেশ যাদৱে X-ৰ এটা পোষ্টত প্ৰশ্ন কৰে । প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে মহাকুম্ভৰ সময়ত সমগ্ৰ উত্তৰ প্ৰদেশত যান-বাহনসমূহ কমাবলৈ আৰু ভক্তসকলৰ বাবে এক মসৃণ যাত্ৰা নিশ্চিত কৰিবলৈ বাহনসমূহ নিয়ন্ত্ৰণলৈ অনাৰ দাবী জনায় ।

"মহাকুম্ভ উপলক্ষে উত্তৰ প্ৰদেশত বাহনসমূহ টোল-ফ্ৰী কৰিব লাগে । ই ভ্ৰমণৰ সমস্যা আৰু যান-জঁটৰ সমস্যাও হ্ৰাস কৰিব । চলচ্চিত্ৰসমূহক যদি মনোৰঞ্জন কৰ ৰেহাই দিব পাৰি, তেনেহ'লে এই ধৰ্মীয় অনুষ্ঠানৰ বাবে বাহনসমূহক টোলৰ পৰা কিয় ৰেহাই দিয়া নহয় ?" তেওঁ লিখিছে ।

তেওঁ লগতে সমস্যাৰ সৃষ্টি হোৱা নিৰ্দিষ্ট স্থানসমূহো উল্লেখ কৰিছে । তাৰ ভিতৰত আছে লক্ষ্ণৌৰ ফালৰ পৰা প্ৰয়াগৰাজত প্ৰৱেশ কৰাৰ ৩০ কিলোমিটাৰ পূৰ্বে নৱাবগঞ্জত হোৱা ডাঙৰ যান-জঁট, ৰেৱা ৰোডৰ ১৬ কিলোমিটাৰ পূৰ্বে গৌহানিয়াত আৰু বাৰাণসী অভিমুখে ১২-১৫ কিলোমিটাৰজুৰি যান-বাহনৰ সমস্যাৰ কথা উল্লেখ কৰে ।

তেওঁ লগতে ৰে'লত অত্যধিক ভিৰ সন্দৰ্ভত ওলোৱা প্ৰতিবেদনৰো উদাহৰণ দিয়ে । উল্লেখ্য যে যাত্ৰীসকলে তেওঁলোকৰ গন্তব্যস্থানত উপনীত হ'বলৈ আনকি ৰে'লৰ ইঞ্জিনতো উঠিছে । তেওঁ লগতে কয়, "স্বাভাৱিক জীৱন কঠিন হৈ পৰিছে ।"

ইফালে মধ্যপ্ৰদেশৰ কৰ্তৃপক্ষই একাধিক জিলাত যান-বাহনৰ চলাচল বন্ধ কৰাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে । কাটনিত আৰক্ষীয়ে লাউডস্পীকাৰৰ জৰিয়তে ঘোষণা কৰে যে সোমবাৰলৈকে যান-বাহন চলাচল বন্ধ ৰখা হৈছে ।

একেদৰে মাইহাৰত বিষয়াসকলে বাহনসমূহক অস্থায়ী আশ্ৰয়ৰ বাবে কাটনি আৰু জব্বলপুৰৰ ফালে ঘূৰি যাবলৈ পৰামৰ্শ দিয়ে । ছ'চিয়েল মিডিয়াত প্ৰচাৰিত কেইবাটাও ভিডিঅ'ত বিশাল ভিৰৰ দৃশ্য প্ৰকাশ পাইছে । কাটনি, জব্বলপুৰ, মাইহাৰ আৰু ৰেৱা জিলাৰ পথসমূহত যেনি-তেনি ৰখা গাড়ী আৰু ট্ৰাকৰ অন্তহীন শাৰী দেখিবলৈ পোৱা গৈছে । প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, ৰেৱা জিলাৰ চাকঘাটত কাটনিৰ পৰা মধ্যপ্ৰদেশ-উত্তৰ প্ৰদেশ সীমান্তলৈ প্ৰায় ২৫০ কিলোমিটাৰজুৰি যান-জঁট সৃষ্টি হৈছে ।

আনহাতে, এই যান-জঁট সংকট উদ্ভৱ হোৱাৰ লগে লগে মধ্যপ্ৰদেশ বিজেপিৰ সভাপতি ভি ডি শৰ্মাই দলীয় কৰ্মীসকলক তেওঁলোকৰ নিজ নিজ অঞ্চলত আবদ্ধ তীৰ্থযাত্ৰীসকলক সহায় কৰিবলৈ আহ্বান জনাইছে । "সকলো কৰ্মীক মহাকুম্ভলৈ যোৱা ভক্তসকলক সকলো ধৰণে সহায় কৰিবলৈ অনুৰোধ জনোৱা হৈছে । প্ৰয়োজন হ'লে খাদ্য আৰু আশ্ৰয়ৰ ব্যৱস্থা কৰক । নিশ্চিত কৰিব যাতে কোনো ভক্তই অসুবিধাৰ সন্মুখীন নহয় । আহক আমি এই মহাযজ্ঞত আমাৰ ভূমিকা পালন কৰোঁ ।" তেওঁ X-ত এনেদৰে পোষ্ট কৰে ।

ইফালে হতাশাত ভোগা ভক্তসকলেও যান-বাহন পৰিস্থিতি পৰিচালনাৰ অব্যৱস্থাৰ ওপৰত অভিযোগ উত্থাপন কৰিছে । ফৰিদাবাদৰ তীৰ্থযাত্ৰীসকলে জনাইছে যে নিয়মীয়া তেওঁলোকক প্ৰয়াগৰাজ পাবলৈ ২৪ ঘণ্টাতকৈও অধিক সময় লাগিছে । জয়পুৰৰ এটা পৰিয়ালে তেওঁলোকৰ হতাশা ব্যক্ত কৰি কয় যে তেওঁলোকে মাত্ৰ চাৰি কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ ঘণ্টাৰ পিছত ঘণ্টা ধৰি আবদ্ধ হৈ থাকে ।

উল্লেখ্য যে যিহেতু মহাকুম্ভ ২৬ ফেব্ৰুৱাৰীলৈকে অব্যাহত থাকিব, তেনে পৰিস্থিতিত কৰ্তৃপক্ষই যান-বাহনৰ বিশৃংখলতা সমাধান কৰিবলৈ আৰু বিশাল ধৰ্মীয় সমাবেশৰ আগন্তুক দিনবোৰ মসৃণভাৱে আগবঢ়াই নিয়াটো নিশ্চিত কৰিবলৈ প্ৰবল চাপৰ সন্মুখীন হৈছে ।

লগতে পঢ়ক :ত্ৰিবেণী সংগমত ৪১০ মিলিয়নতকৈও অধিক ভক্তৰ পবিত্ৰ স্নান - MAHA KUMBH 2025
লগতে পঢ়ক :মহাকুম্ভ মেলাত ভক্তৰ ভিৰ নিয়ন্ত্ৰণৰ বাবে AI প্ৰযুক্তিৰ ব্যৱহাৰ - MAHAKUMBH 2025

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.