ETV Bharat / state

স্নাতকোত্তৰ পৰীক্ষাত প্ৰথম-দ্বিতীয় শ্ৰেণীত উত্তীৰ্ণ যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত দুই অভিযুক্ত - MANGALDOI DISTRICT JAIL

জেইল অপৰাধ নিৰ্মূলৰ কাৰখানা নহয়, ই হৈছে সংশোধনাগাৰ ৷ গুৰুত্বপূৰ্ণ মন্তব্য কাৰাগাৰৰ অধীক্ষক কল্যাণ চৌধুৰীৰ ৷

Mangaldoi district jail authority felicitated two Prisoners
জেইল অপৰাধ নিৰ্মূলৰ কাৰখানা নহয়, ই হৈছে সংশোধনাগাৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Feb 10, 2025, 12:59 PM IST

মঙলদৈ: জেইল বা কাৰাগাৰ বুলিলে সততে বাৰু আপোনাৰ মনলৈ কি আহে ? অপৰাধীৰ ঘৰ, পুলিচৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা, উকিলৰ সঘন আহ-যাহ ৷ এইবোৰেই নহয় জানো ! পিছে কেতিয়াবা আপোনাৰ মনত প্ৰশ্ন উদয় হয়নে বাৰু যে কাৰাগাৰো হ’ব পাৰে নতুন জীৱনৰ পূৰ্ণতা পোৱা প্ৰথমখন ঘৰ বুলি !

এই কথা প্ৰমাণ কৰি দেখুৱালে অৰূপ ডেকা আৰু ইলিয়াছ পূৰ্তিয়ে ৷ আমি উল্লেখ কৰা এই দুই ব্যক্ত হৈছে মঙলদৈ কাৰাগাৰত থকা যাৱজ্জীৱন কাৰাবাসী ৷ এই দুই ব্যক্তিয়ে নিজকে ন-ৰূপত তুলি ধৰি সমাজৰ ভালৰ হকে কাম কৰাৰ বাবে আশ্ৰয় লৈছে কিতাপ অধ্যয়নৰ পথটো ৷ এই পথে তেওঁলোকক দিছে এক নতুন আশা ৷

জেইল অপৰাধ নিৰ্মূলৰ কাৰখানা নহয়, ইয়াৰ অৰ্থ হৈছে সংশোধনাগাৰ (ETV Bharat)

জানিব পৰা মতে, সদ্যঘোষিত স্নাতকোত্তৰ পৰীক্ষাৰ ফলাফলত অসমীয়া পাঠ্যক্ৰমত প্ৰথম শ্ৰেণীত অৰূপ জ্যোতি ডেকা আৰু দ্বিতীয় শ্ৰেণীত উত্তীৰ্ণ হৈছে ইলিয়াছ পূৰ্তি ৷ সেয়ে অৰূপ আৰু ইলিয়াছক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে দেওবাৰে মঙলদৈ জিলা কাৰাগাৰৰ ভিতৰতে আয়োজন কৰা হয় এক আড়ম্বপূৰ্ণ অনুষ্ঠান ৷

এই অনুষ্ঠানতে দুয়োকে গামোচা, শৰাই, মানপত্ৰ আৰু মেডেলৰ জৰিয়তে সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷ এই সম্বৰ্ধনা অনুষ্ঠানত তেওঁলোকৰ শিক্ষাগুৰু, স্থানীয় কিছু ব্যক্তিৰ লগতে অন্য আবাসীসকলো উপস্থিত থাকে ৷ সম্বৰ্ধনা লোৱাৰ সময়ত আবেগিক হৈ পৰে দুই আবাসী । তেওঁলোকে কাৰাবাসৰ জীৱন আৰু বৰ্তমান সময় সন্দৰ্ভতো বহু গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায় ।

উল্লেখ্য যে ১৩ বছৰ কাৰাগাৰৰ আবাসী হিচাবে মঙলদৈ জেলত আছে অৰূপ জ্যোতি ডেকা ৷ আনহাতে ১৭ বছৰ কাৰাবাসী হিচাবে মঙলদৈ জেলত আছে ইলিয়াছ পূৰ্তি । ইতিমধ্যে কাৰাগাৰত থাকিয়ে অৰূপ জ্যোতি ডেকাই বিভিন্ন সামাজিক কৰ্মৰ সৈতে জড়িত হৈ থকাৰ লগতে ‘‘তোমাৰ চকুলোৰে ভৰি উঠা মোৰ দুচকু’’ নামৰ এখন কাব্যগ্ৰন্থও প্ৰকাশ কৰি উলিয়াইছে ।

আনহাতে, কাৰাগাৰ সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত মঙলদৈ জিলা কাৰাগাৰৰ অধীক্ষক কল্যাণ চৌধুৰীয়ে কয়, ‘‘জেইল অপৰাধ নিৰ্মূলৰ কাৰখানা নহয় । জেইল বা কাৰাগাৰৰ অৰ্থই হৈছে সংশোধনাগাৰ । ই অপৰাধ নিৰ্মূল বা নতুন অপৰাধ সৃষ্টি কৰা প্ৰতিষ্ঠান নহয় ।’’

চৌধুৰীয়ে কয়, ‘‘ইয়ালৈ মানুহ আহি নতুন প্ৰেৰণাৰে নতুন জীৱন আৰম্ভ কৰে, এজন বিশিষ্ট লোক হৈ সমাজৰ বাবে বৰঙণি আগবঢ়াই যাব পাৰে, আমি তাকে আশা কৰো । ইয়াৰ উদাহৰণ হৈছে মঙলদৈ কাৰাগাৰৰ দুজনকৈ কাৰাবাসী ।’’

লগতে পঢ়ক : লাখ টকা চুবগৈ পাৰে ১০ গ্ৰাম সোণৰ দামে !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.