thumbnail

ভাৰতীয় বায়ুসেনাৰ বৰ্ষপূৰ্তি উপলক্ষ্যে চেন্নাই মেৰিনা তীৰত ৰোমাঞ্চকৰ আকাশী প্ৰদৰ্শন - Air show by IAF in Chennai

By ETV Bharat Assamese Team

Published : 2 hours ago

Updated : 2 hours ago

ভাৰতীয় বায়ুসেনাৰ ৯২ সংখ্যক বৰ্ষপূৰ্তিৰ অংশ হিচাপে আজি তামিলনাডুৰ চেন্নাইৰ মেৰিনা তীৰত এক বিশেষ এয়াৰ শ্ব’ প্ৰদৰ্শন কৰা হৈছে ৷ পুৱা ১১ বজাৰ পৰা দুপৰীয়া ১ বজালৈ আয়োজন কৰা এই এয়াৰ শ্ব’ত যুদ্ধ বিমান আৰু হেলিকপ্টাৰে প্ৰদৰ্শন কৰিছে ৷  এই মেগা ইভেণ্টত মুঠ ৭২খন বিমানে অংশগ্ৰহণ কৰিছে, যিয়ে এৰোবেটিকছ প্ৰদৰ্শনৰ বাবে টাম্বৰামৰ পৰা মেৰিনালৈ উৰা মাৰিব ।  ২০০৩ চনৰ পাছত অৰ্থাৎ ২১ বছৰৰ বিৰতিৰ পাছত চেন্নাইত পুনৰ অনুষ্ঠিত কৰা হৈছে এই বিশেষ এয়াৰ শ্ব’টো । সাধাৰণতে দিল্লীত অনুষ্ঠিত হোৱা এই অনুষ্ঠানটো এই বছৰ চেন্নাইত অনুষ্ঠিত কৰাৰ বাবে বাচনি কৰা হৈছিল ।শুকুৰবাৰে এই অনুষ্ঠানৰ আখৰা সফলতাৰে সমাপ্ত হয়, য’ত চুখয় ছু-৩০, মি-১৭ হেলিকপ্টাৰ, এইচ এ এল তেজছ আৰু ৰাফেল জেটৰ দৰে বিমানেৰে প্ৰদৰ্শন কৰা হয় ।
Last Updated : 2 hours ago

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.