লখিমপুৰ : সংস্কৃতিপ্ৰেমী মিচিং সমাজৰ বাবে সু-খবৰ । জনপ্ৰিয় মিচিং ছবি ‘ঐছেং’ আকৌ আহি আছে । ২০২৫ বৰ্ষতে মুক্তি লাভ কৰিব 'ঐছেং ২' এ । উল্লেখ্য যে, ২০১৬ চনত 'ঐছেং' নামৰ ছবিখন নিৰ্মাণ কৰা হৈছিল Jags Films Productionৰ বেনাৰত ।
দৰ্শকৰ বিপুল সঁহাৰি লাভ কৰা ঐছেঙে ২০১৬ বৰ্ষৰ মিচিং চিনেমা জগতৰ অন্যতম এখন জনপ্রিয় চিনেমা হিচাপে যথেষ্ট খ্যাতি অর্জন কৰিছিল । ঐছেং শব্দটোৰ অৰ্থ হৈছে মাজনী, যাক সাধাৰণতে আমাৰ সমাজত মৰমৰ মাত হিচাপে ব্যৱহাৰ কৰা যায় ৷ ৯ বছৰৰ পাছত পুনৰ জগছ ফিল্মছ প্ৰডাকশ্যন আৰু আৰ্যান ফিল্মছ প্ৰডাকশ্যনৰ বেনাৰত যুটীয়াকৈ জগদীশ টাইদ আৰু চপ্পু চাহুৰ প্ৰযোজনাত ঐছেং ২ৰ চিত্রগ্রহণ চলিছে ।
অলপতে পদুমণি আই থানত পূজা-অর্চনা কৰি ছবিখনৰ মহুৰত সম্পন্ন কৰে নিৰ্মাতাগোষ্ঠীয়ে । ঐছেং চিনেমাখনৰ দৰে ঐছেং ২ খনো মিচিং সমাজৰ বিভিন্ন বিষয়বস্তুৰ আলমত গঠনমূলক, পৰামৰ্শসুলভ আৰু সজাগতাৰে পৰিপূৰ্ণ এখন ছবি হ'ব ৷ এই ছবিখনত জীৱনৰ জীৱন্ত সমস্যাবোৰৰ চিনেমেটিক সংস্কৰণৰ প্ৰচেষ্টা কৰা হৈছে বুলি পৰিচালক জগদীশ টাইদে সদৰী কৰে । ২০২০ বৰ্ষত আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন অস্কাৰ বঁটা বিজেতা কেবিন মেকড’নাল্ডৰ 'Life in a day 2020' চলচ্চিত্ৰখনত জগদীশ টাইডে ভিডিঅ’ কন্ট্ৰিবিউটৰ হিচাপে কাম কৰাৰো অভিজ্ঞতা আছে ৷ ছবি নিৰ্মাণৰ অভিজ্ঞতাৰ সৈতে এতিয়া কঁকালত টঙালি বান্ধি টাইদে পূর্ণ প্রস্তুতি চলাইছে ঐছেং ২ ৰ । গাঁও-চহৰ সকলোতে জ্বলন্ত সমস্যাৰূপে থিয় দিয়া নিচাযুক্ত পৰিৱেশৰ পৰা এখন নিচামুক্ত সমাজ গঢ় দি কেনেদৰে নৱ-প্রজন্মক প্রতিভা বিকাশৰ প্রতি আসক্ত কৰিব পাৰি, এনে এক চিন্তাধাৰাক চিত্রকলাৰ মাধ্যমেৰে প্ৰদৰ্শন কৰি সজাগতাৰ ওপৰত গুৰুত্ব প্রদান কৰা হৈছে বুলি জনাই পৰিচালক টাইদে ।
ঐছেং ২ৰ চিত্ৰগ্ৰহণ লখিমপুৰৰ ঘূনাসুঁতিৰ বিভিন্ন স্থানৰ উপৰিও চিলাপথাৰ আৰু জোনাইৰ বিভিন্ন ঠাইত কৰা হ’ব । ছবিখনত মিচিং বোলছবি জগতৰ জনপ্ৰিয় অভিনেত্রী উৰিস্মা দলে, মেৰী দলে, জেম্ছ টাইদ, প্ৰণৱ টাইদ আৰু লগতে বহুতো নবীন-প্রবীণ অভিনেতা-অভিনেত্রীয়ে অভিনয় কৰিব । প্ৰযোজক তথা পৰিচালক জগদীশ টাইদে প্ৰথমখনৰ দৰে দ্বিতীয়খন ছবিয়েও মিচিং সমাজৰ সমাদৰ লাভ কৰিব বুলি আশা প্ৰকাশ কৰে ।
লগতে পঢ়ক : স্ক্ৰীপ্ট লিখাৰ ১৯ বছৰৰ পিছত ৰবি শৰ্মাই লৈ আহিছে সংস্কৃত শিৰোনামেৰে এখন অসমীয়া চিনেমা