ভাৰতৰ নিৰ্বাচন আয়োগৰ সংবাদমেল LIVE - ELECTION COMMISSION OF INDIA
🎬 Watch Now: Feature Video


Published : Oct 15, 2024, 3:36 PM IST
|Updated : Oct 15, 2024, 4:25 PM IST
ঝাৰখণ্ড আৰু মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণাৰ্থে দেশৰ নিৰ্বাচন আয়োগৰ সংবাদমেল ৷ এই সংবাদমেলতেই নিৰ্বাচন আয়োগে অসম বিধানসভাৰ পাঁচ সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ সম্ভাৱনা আছে ৷ দিল্লীৰ বিজ্ঞান ভৱনৰ প্ৰেক্ষাগৃহত এই সংবাদমেল সম্বোধন কৰিছে মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰৰ লগতে নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ আৰু ডাঃ সন্ধুৱে ।চলিত বৰ্ষত অনুষ্ঠিত হোৱা লোকসভা নিৰ্বাচনত অসমৰ পাঁচগৰাকী বিধায়ক সাংসদ হিচাপে নিৰ্বাচিত হৈ যোৱাৰ পিছত খালী হৈ আছে তেওঁলোকৰ আসনকেইখন ৷ এই সমষ্টি কেইটা হৈছে- চামগুৰি (ৰকিবুল হুছেইন, কংগ্ৰেছ), বিহালী (ৰঞ্জিত দত্ত, বিজেপি), ধলাই (পৰিমল শুক্লবৈদ্য, বিজেপি), বঙাইগাঁও (ফণীভূষণ চৌধুৰী, অগপ) আৰু চিদলী (জয়ন্ত বসুমতাৰী, ইউপিপিএল) ৷ এই সমষ্টিকেইটাত চলিত বৰ্ষতেই উপ-নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা ৷
Last Updated : Oct 15, 2024, 4:25 PM IST