অসম বিধানসভাৰ বাজেট অধিবেশন LIVE - ASSAM ASSEMBLY BUDGET SESSION
🎬 Watch Now: Feature Video


Published : Feb 20, 2025, 9:59 AM IST
|Updated : Feb 20, 2025, 4:26 PM IST
অসম বিধানসভা বাজেট অধিবেশন ২০২৫ ৰ আজি তৃতীয় দিন ৷ অধিৱেশনৰ দ্বিতীয় দিনা সভা স্থগিত প্ৰস্তাৱেৰে শাসকীয় পক্ষই উত্তাল কৰিলে সদন । শাসক–বিৰোধী উভয় পক্ষৰ ৪ বাৰকৈ সভা স্থগিত প্ৰস্তাৱত বহু সময় ধৰি অচল হৈ পৰে বিধানসভা । তিনিবাৰকৈ সদন স্থগিত ৰাখিবলগীয়া হয় অধ্যক্ষই । সচৰাচৰ বিভিন্ন বিষয়ৰ আলোচনাৰ বাবে বিৰোধীয়ে সদনত প্ৰতিবাদ আৰু সভা স্থগিতৰ প্ৰস্তাৱ আগবঢ়োৱা দেখা যায় । কিন্তু বুধবাৰে ৰাজ্যৰ ক্ষমতাত থকা বিজেপি দলে এক কথাত অসম বিধানসভাত সভা স্থগিতৰ প্ৰস্তাৱ উত্থাপন কৰি ইতিহাস সৃষ্টি কৰিলে । ইফালে পানী যোগান আঁচনি আৰু জলজীৱন মিচনত ব্যাপক কেলেংকাৰীৰ অভিযোগ তুলি বুধবাৰে সদনৰ পৰা বহিষ্কাৰ হ'বলগীয়া হ'ল বিধায়ক অখিল গগৈ ।
Last Updated : Feb 20, 2025, 4:26 PM IST