এডভাণ্টেজ আছাম ২.০ : লোক সেৱা ভৱনৰ পৰা মুখ্যমন্ত্রীৰ সংবাদমেল LIVE - ADVANTAGE ASSAM 2
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/15-02-2025/640-480-23547801-thumbnail-16x9-cm-01-aspera.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Feb 15, 2025, 11:41 AM IST
|Updated : Feb 15, 2025, 12:54 PM IST
গুৱাহাটী : এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণকলৈ দিছপুৰৰ লোকসেৱা ভৱনত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল । অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হ'ব এডভাণ্টেজ আছাম ২.০ । ইয়াৰ প্ৰচাৰৰ বাবে মুখ্যমন্ত্রীয়ে দক্ষিণ কোৰিয়া, জাপান আৰু ছিংগাপুৰ ভ্ৰমণ কৰাৰ উপৰিও দেশৰ বিভিন্ন চহৰত বহু উদ্যোগপতি আৰু বিনিয়োগকাৰীক সাক্ষাৎ কৰি এডভাণ্টেজ আছাম সন্মিলনলৈ নিমন্ত্রণ জনায় । এই সন্মিলনত প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰিব । আনহাতে সন্মিলনৰ পূৰ্বে ২৪ ফেব্ৰুৱাৰীৰ সন্ধিয়া প্ৰধানমন্ত্রীৰ উপস্থিতিত সৰুসজাই ষ্টেডিয়ামত "ঝুমইৰ বিনন্দিনী" শীৰ্ষক মেগা ঝুমুৰ নৃত্যৰ অনুষ্ঠানৰ আয়োজন কৰা হৈছে । বিহুৰ পিছত ঝুমুৰ নৃত্যক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে অসম চৰকাৰে এই অনুষ্ঠানৰ আয়োজন কৰিছে । ইফালে দেশ-বিদেশৰ বিনিয়োগকাৰীসকলক আকৰ্ষিত কৰাৰ লক্ষ্যৰে আয়োজন কৰা হৈছে এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণ । এই বিশাল আয়োজনৰ বিভিন্ন দিশ সামৰি মুখ্যমন্ত্রীয়ে সম্বোধন কৰিছে সংবাদমেল । লোকসেৱা ভৱনৰ পৰা মুখ্যমন্ত্রীৰ সংবাদমেল লাইভ...
Last Updated : Feb 15, 2025, 12:54 PM IST