দিল্লীৰ কৰ্তব্য পথত উৰিছে দেশৰ তিৰংগা LIVE... - REPUBLIC DAY 2025
🎬 Watch Now: Feature Video
Published : Jan 26, 2025, 10:37 AM IST
আজি দেশে উদযাপন কৰিছে 76 সংখ্যক গণৰাজ্য দিৱস । নীল আকাশত নাচিছে তিনি বৰণীয়া জাতীয় পতাকাই ৷ ৰাজধানী দিল্লীৰ কৰ্তব্য পথত গণৰাজ্য দিৱস পতাকা উৰুৱালে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৷ ত্ৰিৰংগা উৰুৱাই দেশবাসীক সম্বোধন কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে ৷ গণৰাজ্য দিৱসৰ মূখ্য অতিথি হিচাবে উপস্থিত থাকে ইণ্ডোনেচিয়াৰ ৰাষ্ট্ৰপতিগৰাকী ৷ এই বছৰৰ গণৰাজ্য দিৱসৰ মূলমন্ত্ৰ হৈছে ‘‘স্বৰ্ণিম ভাৰত; ঐতিহ্য আৰু উন্নয়ন’’ । গণৰাজ্য দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক সম্ভাষণ জনোৱাৰ লগতে এখন সমৃদ্ধিশালী ভাৰতৰ দিশত কাম কৰাৰ প্ৰচেষ্টাক শক্তিশালী কৰাৰ আহ্বান জনায় । আনহাতে, আমেৰিকায়ো ভাৰতক গণৰাজ্য দিৱসৰ শুভেচ্ছা জনায় । আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ই এক বিবৃতিত কয়, ‘‘ভাৰত-আমেৰিকাৰ সম্পৰ্কই নতুন উচ্চতা লাভ কৰিছে । আমেৰিকাৰ হৈ ভাৰতৰ জনসাধাৰণক তেওঁলোকৰ দেশৰ গণৰাজ্য দিৱসত অভিনন্দন জনাইছো ।’’ দিল্লীৰ কৰ্তব্য পথত প্ৰদৰ্শিত কেবাখনো ৰাজ্যৰ 31 টা প্ৰতীক ৷ অসমৰ প্ৰতীকপদ জিলিকি উঠিব দিল্লীৰ কৰ্তব্য পথত ৷