হায়দৰাবাদঃ দেশজুৰি দেওবাৰে উলহ-মালহেৰে ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয় । উত্তৰৰ পৰা দক্ষিণ আৰু পূবৰ পৰা পশ্চিমলৈ সকলোতেই উদযাপন কৰা হয় এই ৰাষ্ট্ৰীয় উৎসৱ । প্ৰতি বছৰৰ দৰে এইবাৰো ৱাঘা সীমান্তত ত্ৰিৰংগা উন্মোচন কৰা হয় । এই পতাকা উন্মোচন কাৰ্যসূচী বহু সংখ্যক লোকে প্ৰত্যক্ষ কৰে । এই উপলক্ষে বিভিন্ন ৰাজ্যত কেইবাটাও সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা হয় । সমান্তৰালভাৱে বিটিং দ্য ৰিট্ৰিট কাৰ্যসূচীত বিএছএফৰ জোৱান সকলে দেশপ্ৰেমমূলক কাৰ্য প্ৰদৰ্শন কৰে ।
ৱাঘা সীমান্তত দেশপ্ৰেমৰ জোৱাৰ :
সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ)ৰ জোৱানসকলে আটাৰী-ৱাঘা সীমান্তত জাতীয় পতাকা উন্মোচন কৰে । এই উপলক্ষে বিএছএফৰ কমাণ্ডেণ্ট হৰ্ষ নন্দন যোশীয়ে সকলো নাগৰিকক গণৰাজ্য় দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে । কমাণ্ডেণ্ট যোশীয়ে সেনাসকলক মিঠাই খুৱাই কয় যে দেশৰ নিৰাপত্তা ব্যৱস্থাৰ সৈতে কাকো খেলিমেলি কৰিবলৈ অনুমতি দিয়া নহ'ব । আনকি ই চুবুৰীয়া দেশ হ'লেও খেলিমেলি কৰিবলৈ দিয়া নহ'ব বুলি সকীয়াই দি কয়," বিএছএফৰ জোৱানসকল তেওঁৰ পৰিয়ালৰ সদস্যৰ দৰে ।"
তামিলনাডু আৰু মহাৰাষ্ট্ৰত উদযাপন :
চেন্নাইৰ মেৰিনা বীচ্চত গণৰাজ্য় দিৱসত তামিলনাডুৰ ৰাজ্যপাল আৰ এন ৰামচন্দ্ৰন আৰু মুখ্যমন্ত্ৰী এম কে ষ্টেলিন উপস্থিত থাকে । কোৱেম্বাটোৰ জিলা উপায়ুক্ত ক্ৰান্তিকুমাৰ পাডিয়ে ভিঅ'চি খেলপথাৰত ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰে । পতাকা উন্মোচন কৰাৰ পিছত তেওঁলোকে আকাশত ৰঙীন বেলুন আৰু কপৌ উৰুৱাই দিয়ে । ইয়াৰ পিছতে জিলা দণ্ডাধীশে আৰক্ষীৰ অভিবাদন গ্ৰহণ ককৰাৰ লগতে শ্বহীদসকলৰ পৰিয়াললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।
মুম্বাইত মীৰা ভায়ান্দৰ ভাচাই বিৰাৰ আৰক্ষী আয়ুক্তাধীশৰ চক্ৰ 3-ৰ চোতালত গণৰাজ্য দিৱস উপলক্ষে এখন পতাকা উন্মোচন কৰা হয়। এই অনুষ্ঠানটোত ডিচিপি জয়ন্ত বাজবালে পতাকা উন্মোচন কৰে । অনুষ্ঠানটোত বিভিন্ন আৰক্ষী থানাৰ জ্যেষ্ঠ আৰক্ষী পৰিদৰ্শক আৰু স্থানীয় বিদ্যালয়ৰ শিক্ষাৰ্থীসকলও উপস্থিত থাকে ।
সোণালী ভাৰত-ঐতিহ্য আৰু উন্নয়ন :
এই বছৰৰ গণৰাজ্য় দিৱস উদযাপনৰ বিষয়বস্তু হৈছে 'সোণালী ভাৰত:ঐতিহ্য আৰু উন্নয়ন'। এই বিষয়বস্তুৰ উদ্দেশ্য হৈছে দেশৰ প্ৰগতি আৰু সাংস্কৃতিক ঐতিহ্যক আলোকপাত কৰা । এই বিষয়বস্তুৱে আমাক আমাৰ সমৃদ্ধ ঐতিহ্যক সন্মান কৰিবলৈ আৰু ভৱিষ্যতৰ দিশে আগবাঢ়িবলৈ এক বাৰ্তা প্ৰদান কৰে ।
ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘই উদযাপন কৰিলে গণৰাজ্য় দিৱস :
ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ (আৰএছএছ) কেন্দ্ৰীয় কাৰ্যালয়তো গণৰাজ্য় দিৱসৰ আয়োজন কৰা হয় । এই অনুষ্ঠানটোৰ নেতৃত্ব দিয়ে মহানগৰ সংঘচলক ৰাজেশ লোয়াই । পতাকা উন্মোচনৰ পিছত ৰাষ্ট্ৰীয় পতাকাক অভিবাদন জনোৱা হয় আৰু উপস্থিত সকলোৱে দেশৰ ঐক্য আৰু অখণ্ডতাৰ শপত লয় ।