ETV Bharat / technology

ভাৰতত আৰম্ভ হ’ল স্কোডা Kylaq ৰ ডেলিভাৰী; আৰম্ভণি মূল্য 7.89 লাখ - SKODA KYLAQ SUV DELIVERIES

ভাৰতত আৰম্ভ হ’ল স্কোডা Kylaq ৰ ডেলিভাৰী ৷ বিগত বৰ্ষৰ নৱেম্বৰ মাহত মুকলি কৰা হৈছিল এই এছ ইউ ভিখন ৷

skoda-kylaq-suv-deliveries-commence-in-india-prices-start-at-rs-7-dot-89-lakh
ভাৰতত আৰম্ভ হ’ল স্কোডা Kylaq ৰ ডেলিভাৰী; আৰম্ভণি মূল্য 7.89 লাখ (Skoda)
author img

By ETV Bharat Tech Team

Published : Jan 27, 2025, 3:40 PM IST

হায়দৰাবাদ: শেহতীয়াকৈ ভাৰত মবিলিটি এক্সপ’ 2025 ত প্ৰদৰ্শন কৰাৰ পিছত স্কোডা অটো ইণ্ডিয়াই আনুষ্ঠানিকভাৱে গ্ৰাহকৰ বাবে Kylaq প্ৰদান কৰিবলৈ আৰম্ভ কৰিছে । যোৱা বছৰৰ নৱেম্বৰ মাহত মুকলি কৰা এই এছ ইউ ভিখনে আত্মপ্ৰকাশৰ মাত্ৰ দহ দিনৰ ভিতৰতে 10 হাজাৰতকৈ অধিক বুকিং লাভ কৰি ৰেকৰ্ড সৃষ্টি কৰিছিল । Kylaq ৰ মূল্য 7.89 লাখ টকাৰ পৰা আৰম্ভ হৈ 14.40 লাখ টকালৈ বৃদ্ধি পায় । উল্লেখ কৰা দুয়োটা দাম এক্স শ্ব’ৰুমৰ ফিগাৰ । বজাৰৰ প্ৰতিদ্বন্দ্বিতালৈ আহি এই মডেলে হুণ্ডাই ভেনিউ, নিছান মেগনাইট, টাটা নেক্সন, মহিন্দ্ৰা এক্সইউভি 3 এক্সঅ’, কিয়া ছনেট, মাৰুতি চুজুকি ব্ৰেজা আৰু ৰেন’ল্ট কিগাৰৰ দৰে গাড়ীৰ সৈতে প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে । যদি আপুনি নতুন Kylaq ঘৰলৈ অনাৰ কথা ভাবিছে, তেন্তে ইয়াৰ ডিজাইন, পাৱাৰট্ৰেইন, বৈশিষ্ট্য, আৰু আপুনি জানিবলগীয়া আন সকলো কথাৰ ওপৰত বিশদভাৱে চকু ফুৰাওক ---

Skoda Kylaq SUV: দৈৰ্ঘ

দৈৰ্ঘৰ ক্ষেত্ৰত কাইলাক কুছাকতকৈ 230 মিলিমিটাৰ চুটি, ইয়াৰ দৈৰ্ঘ 3,995 মিলিমিটাৰ, প্ৰস্থ 1,783 মিলিমিটাৰ, আৰু উচ্চতা 1,619 মিলিমিটাৰ । হুইলবেছ 2566 মিমি – কুছাকতকৈ 85 মিমি চুটি – গ্ৰাউণ্ড ক্লিয়াৰেন্স 189 মিমি ।

Skoda Kylaq SUV: ইঞ্জিনৰ বিকল্প

কাইলাকক শক্তি প্ৰদান কৰা হৈছে 1.0 লিটাৰৰ টিএছআই পেট্ৰ’ল ইঞ্জিন যিয়ে 114 বিএইচপি আৰু 178 এনএম টৰ্ক প্ৰদান কৰে । গ্ৰাহকে ছয় স্পীড মেনুৱেল বা ছয় স্পীড অটোমেটিক ট্ৰেন্সমিছন বাছি ল’ব পাৰে ।

স্কোডাৰ মতে, কাইলাকে ঘণ্টাত 188 কিলোমিটাৰ গতি লাভ কৰে আৰু মেনুৱেল গিয়াৰবক্সৰ সৈতে 10.5 ছেকেণ্ডত 0 ৰ পৰা 100 কিলোমিটাৰ প্ৰতি ঘণ্টাত গতি কৰে । এই ইঞ্জিনটো চাৰিওটা ট্ৰিমতে ষ্টেণ্ডাৰ্ড: ক্লাছিক, ছিগনেচাৰ, ছিগনেচাৰ+, আৰু প্ৰেষ্টিজ ।

Skoda Kylaq SUV ৰ ৰূপ

এছ ইউ ভিখনে স্কোডাৰ ‘মডাৰ্ণ চলিড’ ডিজাইন ৰূপ গ্ৰহণ কৰিছে, পিয়ানো ব্লেক শ্বেডত সমাপ্ত কৰা ছিগনেচাৰ বাটাৰফ্লাই গ্ৰীল প্ৰদৰ্শন কৰিছে । ইয়াক এটা বিভক্ত লাইটিং ব্যৱস্থাৰ সৈতে সংযুক্ত কৰা হৈছে, ওপৰত চিকচিকিয়া এল ই ডি ডি আৰ এল আৰু তলৰ বাম্পাৰত সংযুক্ত প্ৰজেক্টৰ এল ই ডি হেডলাইট আছে ।

কুশাকৰ সৈতে ডিজাইনৰ ইংগিত ভাগ কৰিলেও কাইলাকৰ ৰূপ অধিক কমপেক্ট। MQB-A0-IN প্লেটফৰ্মত নিৰ্মিত ই ১৭ ইঞ্চিৰ এলয় হুইলত চলা আৰু ছটা ৰঙত উপলব্ধ: কাৰ্বন ষ্টীল, কেণ্ডি হোৱাইট, অলিভ গোল্ড, লাভা ব্লু, টৰ্নেডো ৰেড, আৰু ব্রিলিয়েণ্ট ছিলভাৰ।

Skoda Kylaq SUV ৰ আভ্য়ন্তৰীণ অংশ

Kushaq আৰু Slavia ৰ ভিতৰৰ অংশৰ সৈতে মিল থকা কাইলাকৰ কেবিনত 10 ইঞ্চিৰ টাচস্ক্ৰীণ ইনফ’টেইনমেণ্ট চিষ্টেম, বেতাঁৰ এণ্ড্ৰইড অটো আৰু এপল কাৰপ্লে, 8 ইঞ্চিৰ ডিজিটেল ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ, বেতাঁৰ চাৰ্জিং, ভেণ্টিলেটেড ফ্ৰন্ট চিট আৰু ছয়-ৱেৰ ব্যৱস্থা কৰা হৈছে ।

ইয়াৰ উপৰিও ইয়াত আছে একক পেন ছানৰুফ, সংযুক্ত গাড়ী প্ৰযুক্তি, লেদাৰেট আপহলষ্টৰী, কিলেছ এণ্ট্ৰি, এম্বিয়েণ্ট লাইটিং, ছয় স্পীকাৰ কেণ্টন অডিঅ’ চিষ্টেম, শীতল গ্ল’ভবক্স, আৰু অতিৰিক্ত সুবিধাৰ বাবে কাপহোল্ডাৰ ।

Skoda Kylaq SUV ৰ সুৰক্ষা

সুৰক্ষাৰ দিশলৈ চালে স্কোডা মডেলে 25 টাতকৈও অধিক উন্নত বৈশিষ্ট্যৰ গৌৰৱ কৰে, যেনে ছটা এয়াৰবেগ, ইবিডিৰ সৈতে এবিএছ, ট্ৰেকচন আৰু ষ্টেবিলিটি কণ্ট্ৰ’ল, ইলেক্ট্ৰনিক ব্ৰেক ডিষ্ট্ৰিবিউচন, থ্ৰী-পইণ্ট ছিটবেল্ট, ৰোল অভাৰ প্ৰটেকচন, মটৰ স্লিপ ৰেগুলেচন, এটা ইলেক্ট্ৰনিক ডিফাৰেন্সিয়েল লক, যাত্ৰী এয়াৰবেগ নিষ্ক্ৰিয় কৰা, মাল্টি-কলিচন ব্ৰেকিং, আৰু ISOFIX চাইল্ড ছিট এংকৰ ।

লগতে পঢ়ক: মুকলিৰ পূৰ্বেই Skoda Kylaq এ লাভ কৰিছে 10,000 বুকিং

Skoda এ মুকলি কৰিব CNG চালিত গাড়ী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.